ভূমিকম্প সজাগতা সম্পৰ্কীয় বিল্ডাৰ্ছ এছ'চিয়েচন অৱ ইণ্ডিয়াৰ আলোচনা চক্ৰ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 26 May 2025

demo-image

ভূমিকম্প সজাগতা সম্পৰ্কীয় বিল্ডাৰ্ছ এছ'চিয়েচন অৱ ইণ্ডিয়াৰ আলোচনা চক্ৰ

Responsive Ads Here

IMG-20250525-WA0161

 

W7s news,,গুৱাহাটী, ২৪ মে'। ভূমিকম্পৰ দৃষ্টিকোণৰ পৰা অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল অতি বিপদজনক অঞ্চলত পৰে। এনে পৰিস্থিতিত বৃহৎ ভূমিকম্পৰ কম্পনৰ ফলত হোৱা প্ৰাণ আৰু সা-সম্পত্তিৰ ক্ষতি নূন্যতম কৰাৰ লক্ষ্যৰে আজি সন্ধিয়া মহানগৰীৰ এখন হোটেলত ভাৰতীয় বিল্ডাৰ এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ উদ্যোগত ‘বৃহৎ ভূমিকম্প’ বিষয়ক সজাগতামূলক আলোচনা চক্ৰৰ আয়োজন কৰা হয়। সন্থাৰ অধ্যক্ষ ৰূপেশ খাখোলিয়াই কয় যে আলোচনা চক্ৰত বক্তা হিচাপে উপস্থিত থাকে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ জয়ন্ত পাঠক আৰু আই আই টি গুৱাহাটীৰ চিভিল ইঞ্জিনিয়াৰিং আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধ্যাপক ড০ হেমন্ত বি. কৌশিক উপস্থিত আছিল। দুয়োজন বক্তাই নিজ নিজ অধিবেশনত ভূমিকম্পৰ পৰা হাত সাৰিবলৈ এটা অট্টালিকা নিৰ্মাণ কৰাৰ সময়ত মনত ৰাখিবলগীয়া বহু গুৰুত্বপূৰ্ণ কথা ভাগ কৰিছিল। বক্তাসকলে কয় যে যদিহে অট্টালিকা নিৰ্মাণৰ সময়ত এইবোৰ কথা অনুসৰণ কৰা হয় তেন্তে কোনো বৃহৎ ভূমিকম্পৰ ফলত হোৱা ক্ষতি কম কৰিব পৰা যাব।

এই উপলক্ষে ড° হেমন্ত বি কৌশিকে ভূমিকম্পৰ প্ৰতি গঠনসমূহক অধিক স্থিতিস্থাপক কৰি তোলাৰ মূল্যৱান তথ্য ভাগ-বতৰা কৰে। তেওঁ ভূমিকম্প প্ৰতিৰোধী ডিজাইন, গঠনৰ ৰেট্ৰ’ফিটিং, ভূমিকম্পীয় দুৰ্বলতাৰ মূল্যায়ন, গঠনৰ অৰৈখিক আচৰণ, দুৰ্যোগৰ আশংকা হ্ৰাসৰ কৌশল, জৰুৰীকালীন সঁহাৰিৰ পৰিকল্পনা, সম্প্ৰদায়ৰ স্থিতিস্থাপকতা আদি মূল বিষয়সমূহৰ ওপৰত বিশদ তথ্য ভাগ-বতৰা কৰে।

ৰিস্ক এচেছমেণ্ট আৰু ছিছমিক ডিজাইন বিষয়ত ভাষণ দিওঁতে ড০ জয়ন্ত পাঠকে বহু গুৰুত্বপূৰ্ণ তথ্য ভাগ-বতৰা কৰে। ইয়াৰ ভিতৰত আছিল উচ্চ অট্টালিকাৰ বাবে বিপদৰ মূল্যায়ন, ভূমিকম্পীয় ডিজাইনৰ আধুনিক কৌশল, অট্টালিকাৰ তথ্য মডেলিং, উন্নত সামগ্ৰী, পৰিৱেশন ভিত্তিক ডিজাইন, কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু মেচিন লাৰ্নিং (ML), ভূমিকম্পীয় ডিজাইনৰ সংহিতা আৰু মানদণ্ড, কেছ ষ্টাডি আৰু উত্তম পদ্ধতি, ভৱিষ্যতৰ দিশ আদি।

আলোচনা চক্ৰৰ আহ্বায়ক শৰদ ভঞ্জংকাই কয় যে সামগ্ৰিকভাৱে ড০ পাঠকৰ বিশেষজ্ঞতাই ভূমিকম্পীয় ডিজাইনত বিপদ মূল্যায়ন আৰু আধুনিক প্ৰযুক্তিৰ প্ৰয়োগৰ বিষয়ে এক ব্যাপক বুজাবুজি প্ৰদান কৰিব, যাৰ ফলত এই ক্ষেত্ৰৰ পেছাদাৰী আৰু গৱেষকসকল উপকৃত হ’ব। আলোচনা চক্ৰৰ শেষত সন্থাৰ সম্পাদক পংকজ কুমাৰ আগৰৱালাই ধন্যবাদ জ্ঞাপন কৰে। সন্থাৰ কোষাধ্যক্ষ ৰিতেশ বাৱুৰীয়ে কয় যে সংস্থাটোৰ সদস্যসকলৰ উপৰিও সুনামধন্য বিল্ডাৰসকলেও কৰ্মশালাত অংশগ্ৰহণ কৰি আলোচনা চক্ৰখন অতি তথ্যসমৃদ্ধ বুলি বিবেচনা কৰে। অনুষ্ঠানটো সফল কৰি তোলাত সন্থাৰ সকলো সদস্যই পূৰ্ণ সহযোগিতা আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *