৪২ বছৰে চাকৰি নিয়মীয়াৰ দাবীৰে সংগ্ৰাম বিদ্যালয় মাতৃৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 11 April 2023

৪২ বছৰে চাকৰি নিয়মীয়াৰ দাবীৰে সংগ্ৰাম বিদ্যালয় মাতৃৰ

 




W7s news গুৱাহাটী ঃ ৪২ বছৰে চাকৰি নিয়মীয়াকৰণৰ দাবীৰে  সংগ্ৰাম চলাই আছে ২১ হাজাৰ বুনিয়াদী বিদ্যালয়ৰ মাতৃয়ে৷ ১০৫০ টকা মাননিৰে যোৱা ৪২ বছৰে চাকৰি নিয়মীয়াকৰণৰ দাবীে্‌ৰ সংগ্ৰাম চলাই থকাৰ পিচতো সেই দাবীৰ প্ৰতি তিলমানো গুৰুত্ব দিয়া নাই বুলি অভিযোগ তুলিছে বুনিয়াদী বিদ্যালয় মাতৃ এছ’চিয়েচন অসমে৷ মঙলবাৰে দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত সভানেত্ৰী মিনু বৰুৱাই কয় যে তেওঁলোকৰ দাবীসমূহৰ পূৰণৰ বাবে চৰকাৰৰ ওচৰত বাৰম্বাৰ দাবী আৰn স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিচতো আজিকোপিত সুফল লাভ কৰা নাই৷ অন্য ৰাজ্যত বিদ্যালয় মাতৃতসকলৰ দৰমহা বৃদ্ধি কৰা হ’ল যদিও অসমত আজিলৈ দৰমহা বৃদ্ধি কৰা নহ’ল৷ ইমানেই নহয়, বিদ্যালয় মাতৃৰ পদ নিয়মীয়াকৰণৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই ৰাজ্য চৰকাৰে৷ সেয়েহে চৰকাৰলৈ শীঘ্ৰে তেওঁলোকৰ দৰমহা বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণৰ দাবী জনাই কয় যে ইতিমধ্যে বহু বিদ্যালয়ৰ মাতৃ বয়স উকলি গৈছে৷ বয়সৰ সংৰক্ষণ দিয়াৰ ব্যৱস্থা কৰি হলেও নিয়মীয়াকৰণৰ দাবী জনায়৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here