আৰ এ আইৰ উদ্যোগত গুৱাহাটীত তৃতীয় নৰ্থ ইষ্ট ৰিটেইল চামিট - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 25 May 2025

আৰ এ আইৰ উদ্যোগত গুৱাহাটীত তৃতীয় নৰ্থ ইষ্ট ৰিটেইল চামিট


 

W7s news,,গুৱাহাটী ২৫ মে,: উত্তৰ পূৰ্বাঞ্চলৰ বিশাল খুচুৰা সম্ভাৱনাক আৰু অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে ভাৰতৰ খুচুৰা বিক্রেতাসকলৰ সংগঠন চমুকৈ আৰ এ আইয়ে গুৱাহাটীত আজি নর্থ ইষ্ট ৰিটেইল চামিট  ৩য় সংস্কৰণ সফলতাৰ অনুষ্ঠিত কৰে।এই সন্মিলনত উদ্যোগৰ সহযোগিতা, উদ্ভাৱন, আৰু কৌশলগত আলোচনা বাবে এক মঞ্চ হিচাপে বিবেচিত হৈছে। উত্তৰ-পূবৰ সাতখন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ পৰা খুচুৰা পেচাদাৰী আৰু উদ্যোগিক খণ্ডৰ বিশিষ্ট ব্যক্তিসকল এই সন্মিলনত একত্ৰিত হৈ স্থানীয় প্ৰত্যাহ্বান সমূহৰ সমাধান আৰু সংহত পৰিৱেশ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আৰ এ আইৰ মুখ্য কাৰ্যবাহী বিষয়া কুমাৰ ৰাজাগোপালনে ভাষণ প্ৰসংগত কয় যে উত্তৰ-পূৰ্ব ভাৰত ৰিটেইল উদ্যোগৰ বাবে এক অতি ৰোমাঞ্চকৰ বজাৰ। এই অঞ্চলৰ গ্ৰাহকসকল গ্লবেল ট্ৰেণ্ডছৰ  সৈতে খুব ভালদৰে পৰিচিত। একেদৰে ভিন্ন  ভাষাৰ সৈতে পৰিচিত হোৱাৰ লগতে সামগ্ৰীবোৰ লাভ কৰি সৰু পৰীক্ষা কৰিবলৈ ইচ্ছুক যদিও, লগিষ্টিক আৰু যোগান  কেতিয়াবা বিভিন্ন ৰাজনৈতিক পৰিস্থিতিৰ বাবে বাধাগ্ৰস্ত হৈ পাৰে। আমি বিশ্বাস কৰো যে এই সন্মিলনে ৰিটেইলৰৰ বাবে এটা উৎকৃষ্ট সুযোগ সৃষ্ট কৰিব।ৰিটেইল উদ্যোগ খণ্ডত সেৱা আগবঢ়াব বিচৰা ব্যক্তি বিচাৰি উলিয়াৰ এক উৎকৃষ্ট স্থান হৈছে উত্তৰ-পূৰ্বাঞ্চল। একেদৰে উত্তৰ পূৰ্বাঞ্চলত নিবনুৱা যুৱক যুৱতীৰ  কৰ্মসংস্থানৰ বাট মুকলি কৰি দিব। উত্তৰ পূৰ্বাঞ্চলৰ খুচুৰা বজাৰ খন আজি কোন দিশে গতি কৰিছে অথবা মৰ্কেটিং, ব্যৱসায়িক কৌশল আৰু বাস্তব ফলাফলৰ ওপৰত বিভিন্ন খণ্ডৰ পৰা অহা ব্যৱসায়ী প্ৰতিনিধি সকলে আলোকপাত কৰে। সন্মিলনত খুচুৰা ব্যৱসায়ী সকলৰ ভিতৰত আছিল চন্দন ৰিটেইলৰ বিক্ৰম বাথৰা, তানিষ্কা ৰিটেইলৰ  কুণাল ম’ৰদানি, এম জি চলিউচনৰ সঞ্চালক ৰাজা গোহাঁই,গাঙ্গৱাল ফাৰ্ণিচাৰৰ মানিষ জেইন, মানিক চন্দ নন্দ কিশোৰ জুৱেলাৰ্চৰ সুবাষ চোণি,মা কামাখ্যা ৰিটেইলছৰ গৌৰব সূৰেকা আৰু ছপ এন চেভকে আদি কৰি বহু ব্যৱসায়িক প্ৰতিনিধি।

চন্দন ৰিটেইলৰ পৰিচালন সঞ্চালক তথা আৰ এ আই নৰ্থ ইষ্ট চেপটাৰৰ অধ্যক্ষ বিক্ৰম বাথৰাই কয় যে উত্তৰ পূৰ্বাঞ্চলত স্থানীয় উদ্যোগপতি সকলৰ পৰিচালনাত গঢ়ি উঠিছে ৰিটেইলৰ এক সঁচা কাহিনী। আমি দেখা পাইছো যে আধুনিক ৰিটেইলৰ জৰিয়তেই অঞ্চলবাসীৰ আয় বৃদ্ধি পাইছে আৰু অধিক আগ্ৰহী হৈ পৰিছে।কিন্তু ইয়াত সফলতাৰ বাবে সময় লাগে। ধৈৰ্য্য আৰু প্ৰতিশ্ৰুতি অত্যন্ত প্ৰয়োজন - ব্রাণ্ডসমূহে স্থানীয় ৰুচিৰ সৈতে খাপ খোৱাটো আৰু মন্থৰ গঠন পাঠ প্ৰণালীত স্থিৰতা দেখুওৱা অত্যন্ত জৰুৰী।এম জি চলিউচনৰ সঞ্চালক ৰাজা গোহাই কয় যে আমি  ৰাষ্ট্ৰীয় ৰিটেইলৰ সৈতে স্থানীয় গ্ৰাহকসকলৰ মাজত সমন্বয় স্থাপন কৰি আহিছোঁ।ডিজিটেল প্ৰক্ৰিয়াই উত্তৰ পূৰ্বৰ ভাৰতৰ বাণিজ্যত আনিছে ব্যাপক পৰিবৰ্তন। অধিক গ্ৰাহকে এতিয়া অনলাইন বা মোবাইল ৱালেট  ব্যৱহাৰ কৰি আহিছে সেয়া  আমি ই-কমাৰ্চ আৰু প্ৰযুক্তিক সমৰ্থন কৰিব লাগে। একে সময়তে, আমি ব্যৱসায়িক প্ৰতিষ্ঠানত আঞ্চলিক ভাষাক সন্মান প্ৰদান কৰি অহাৰ লগতে স্থানীয়  উৎসৱ সমূহক গুৰুত্ব দি আহিছোঁ।তানিষ্কা ৰিটেইলছৰ সঞ্চালক কুনাল ম'ৰদানিয়ে কয় যে উত্তৰ-পূবৰ গ্ৰাহকসকল দ্রুত বিকাশিত হৈছে। তেওঁলোকৰ আয় বৃদ্ধি পাইছে আৰু এতিয়া অন্য ঠাইৰ ৰিটেইলাৰসকলৰ দৰে উন্নত গুণমান আৰু সুবিধাৰ আশা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here