*'
W7s news,,যোৱা ২২ নৱেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সফলতাৰে উদযাপিত হয় 'গ্ল’বেল সত্ৰীয়া নৃত্য উৎসৱ ২০২৫'। বিছমিল্লা খান যুৱ বঁটাপ্ৰাপক সত্ৰীয়া নৃত্য শিল্পীদ্বয় দীপজ্যেতি দাস আৰু দীপাংকৰ আৰান্ধৰাৰ বিদেশী শিষ্যাদ্বয়-আমেৰিকা নিৱাসী শ্ৰীদেৱী জগন্নাথ আৰু ডুবাই নিৱাসী ৰোহিণী অনন্তৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে এই সত্ৰীয়া নৃত্য উৎসৱ আয়োজিত হয়। উল্লেখযোগ্য যে, মহাপুৰুষজনাৰ অনন্য সৃষ্টি এই কলাৰ প্ৰতি সমৰ্পিত দুয়োগৰাকী নৃত্য পটিয়সীয়ে অনলাইন যোগে দীপজ্যোতি-দীপাংকৰৰ অধীনত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। সত্ৰীয়া নৃত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে ইয়াৰ পিছৰ পৰ্য্যায়ত দেশৰ প্ৰধান চহৰসমূহ প্ৰমুখ্যে আমেৰিকা আৰু ডুবাইতো এই উৎসৱ আয়োজন কৰিবলৈ মনস্থ কৰিছে। অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি পদ্মভূষণ নৃত্যাচাৰ্য যতীন গোস্বামীক এটা স্মাৰক, অংগবস্ত্ৰ আৰু নগদ ১০,০০০ টকা সম্বলিত 'নৃত্য শিৰোমণি বঁটা ২০২৫' ৰে বিভূষিত কৰা হয়। সংগীত নাটক একাডেমি বঁটা প্ৰাপক বিশিষ্ট সত্ৰীয়া নৃত্য গুৰু অনিতা শৰ্মাই অনুষ্ঠানত একক নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। সংগীত নাটক একাডেমি বঁটা প্ৰাপক বিশিষ্ট সত্ৰীয়া নৃত্য গুৰু ৰামকৃষ্ণ তালুকদাৰ আৰু ৰুমি তালুকদাৰে অনুষ্ঠানত এক দ্বৈত নৃত্য প্ৰদৰ্শন কৰে। সত্ৰীয়া
নৃত্য গুৰু ডলীৰাণী তালুকদাৰ, ৰিঞ্জুমণি শইকীয়া, বেদান্ত বিকাশ, চন্দন কোঁৱৰ, জ্যোতিস্মান মৰাণ, ক্ষীৰোদ বৰা, টিনা মেধি, দ্বিপান্দিতা তালুকদাৰ আৰু মণিকাঞ্চন কলা মঞ্জৰীৰ শিক্ষাৰ্থীসকলৰ লগতে দুয়োগৰাকী আয়োজকে দ্বৈত ভাৱে উৎসৱত নৃত্যানুষ্ঠান পৰিৱেশন কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া স্বপ্ননীল বৰুৱা আৰু অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ উপাধ্যক্ষ ডঃ আলেখ্য বৰুৱাই বিশিষ্ট অতিথি ৰূপে অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৰ পোহৰ ব্যৱস্থাপনা আছিল তপন বৰুৱাৰ।

No comments:
Post a Comment