ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি
W7s News ষ্টাফৰিপোৰ্টাৰ : বিশিষ্ট মানৱতাবাদী আৰু প্ৰগতিশীল লেখিকা, শিশু সাহিত্য ৰচনাৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ বাবে ২০১৩ চনত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত তোষপ্ৰভা কলিতাৰ শুকুৰবাৰে আবেলি প্ৰায় ৫ বজাত গুৱাহাটীৰ দক্ষিণ শৰণীয়া অঞ্চলৰ নিজ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত বিশিষ্ট লেখিকা গৰাকীৰ বয়স আছিল ৮৩ বছৰ।
বৈজ্ঞানিক মানসিকতাৰ জীৱন দৰ্শন সাবটি লোৱা মানৱতাবাদী আৰু মহীয়সী লেখিকা গৰাকীয়ে পূৰ্বতে স্ট্ৰ'কত দুবাৰকৈ আক্ৰান্ত হৈ দীৰ্ঘদিন ভুগি আছিল। তেওঁ দুগৰাকী কন্যা ক্ৰমে পল্লৱী আৰু পূৰবী, দুজন পুত্ৰ ঋতুৰাজ আৰু পৰজ, জোঁৱাই-বোৱাৰী, নাতি-নাতিনী আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে।
ইলোৰা বিজ্ঞান মঞ্চই তোষপ্ৰভা কলিতাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আৰু মহীয়সী নাৰী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেওঁৰ শোকস্তব্ধ পৰিয়ালৰ প্ৰতি জ্ঞাপন কৰিছে সমবেদনা।
ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা কালৰ পৰা তোষপ্ৰভা কলিতা আৰু তেখেতৰ জী-জোঁৱাই, পুত্ৰ-বোৱাৰীয়ে মঞ্চৰ সৈতে একাত্মতা প্ৰকাশ কৰে আৰু সমগ্র পৰিয়ালটো মঞ্চৰ অন্ধবিশ্বাসবিৰোধী প্ৰতিটো কামৰ লগত নিবিড়ভাৱে জড়িত। প্ৰয়াত তোষপ্ৰভা কলিতাই আনকি তেখেতৰ সাহিত্যিক পেঞ্চনৰ সঞ্চিত ধনৰাশিৰ সিংহভাগ (মুঠ তিনি লাখ টকা) ইলোৰা বিজ্ঞান মঞ্চৰ পুঁজিলৈ দান দি যায়। তেখেতে মানৱ কল্যাণ আৰু চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষতাৰ বাবে মৰণোত্তৰ নেত্ৰদান আৰু দেহদানৰ ইচ্ছাপত্ৰতো স্বাক্ষৰ কৰি ৰাখিছিল। ইতিমধ্যে নেত্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। দেহদান সম্পৰ্কে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগত যোগাযোগ চলি আছে আৰু পৰিয়ালৰ সদস্যসকলে এই ক্ষেত্ৰত উদ্যোগ লৈছে। অৱশ্যে এই সম্পৰ্কে বিতং তথ্য এতিয়া জনাব পৰা হোৱা নাই। কাইলৈ আৰু পৰহিলৈ চৰকাৰী বন্ধ হোৱাৰ বাবে কিছুমান সমস্যাৰ উদ্ভৱ হৈছে আৰু বিষয়টো অনিশ্চিত হৈ আছে। তেওঁৰ মৃত্যুত ইলোৰা বিজ্ঞান মঞ্চৰ হৈ ইলোৰা বিজ্ঞান মঞ্চহৈ সভাপতি ডঃ চন্দ্রমোহন শৰ্মা,সাধাৰণ সম্পাদক,কমোলেশ গুপ্ত, ইছফাকুৰ ৰহমান, প্ৰণৱজ্যোতি ডেকা, ড০ জয়দেৱ শৰ্মা আদিৰ লগতে
'কা' বিৰোধী সমন্বয় সমিতিৰ মুখ্য সম্বন্বয়ক দেবেন তামূলী য়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
No comments:
Post a Comment