'লুইতৰ পৰা আৰব সাগৰলৈ, ক'ভিডৰ দিহা পৰামৰ্শ লৈ আলোচনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 19 July 2021

'লুইতৰ পৰা আৰব সাগৰলৈ, ক'ভিডৰ দিহা পৰামৰ্শ লৈ আলোচনা

 





W7s News, ষ্টাফৰিপোৰ্টাৰ :  ক'ভিড মহামাৰিয়ে সমগ্ৰ বিশ্বকে আতংকিত কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত, অসম সাহিত্য সভাৰ স্বৰ্ণ শাখাই দেওবাৰে এক আলোচনাত ভাগ ল'বলৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাঃ ভাস্কৰ ঠাকুৰীয়াক আমন্ত্ৰণ কৰে। ক'ভিডৰ আৰম্ভণিৰে পৰা বৰ্তমানলৈকে চলা নানা ধৰণৰ বৰ্ণনা কৰা ডাঃ ঠাকুৰীয়াৰ বক্তব্য অতি আকৰ্ষণীয় আছিল ; লগতে দৰ্শক, শ্ৰোতাৰ ক'ভিড সম্পৰ্কীয় প্ৰশ্ন সমূহৰো উত্তৰ ডঃ ঠাকুৰীয়াই যথাযথ দি যোৱাত, সকলোৱে এই ধৰণৰ আলোচনাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। মুম্বাই সাহিত্য সভাৰ সভাপতি সুৰাইয়া জাহানে আলোচনাত উপস্থিত থকা সকলোকে ধন্যবাদ জনায় আৰু ডাঃ ঠাকুৰীয়াক আন্তৰিকতাৰে আদৰণি জনায়।গুগুল মিটৰ দ্বাৰা অনুষ্টিত হোৱা এই আলোচনা সভাৰ আহ্বায়িকা আছিল দেৱীকা বৰপূজাৰী। কাৰিকৰী দিশত সহায় কৰিলে মুম্বাই সাহিত্য সভাৰ যুটীয়া সম্পাদক ধ্ৰুৱ বৰ্মনে আৰু  মুম্বাই সাহিত্য সভাৰ আজীৱন সদস্য দেৱব্ৰত চক্ৰৱৰ্তীয়ে শলাগৰ শৰাই আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here