অসম সাংস্কৃতিক মহাসংগ্রাম" ত "গ্ৰীতিৰেখা" ৰ শ্ৰেষ্ঠত্ব অর্জন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 10 February 2024

অসম সাংস্কৃতিক মহাসংগ্রাম" ত "গ্ৰীতিৰেখা" ৰ শ্ৰেষ্ঠত্ব অর্জন

 



W7S News: গুৱাহাটী: অসম  চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত "অসম সাংস্কৃতিক মহাসংগ্রাম" ৰ চূড়ান্ত পৰ্য্যায়ৰ প্ৰতিযোগিতাখন যোৱা পাঁচ ফেব্ৰুৱাৰীত গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত অনুষ্ঠিত হয়। প্রতিযোগিতাখনিত বিহু নাচৰ বিভাগৰ "ক" শাখাত সমগ্ৰ অসমৰ গাওঁ পঞ্চায়ত, ব্রার্ড পর্য্যায়, বিধানসভা সমষ্টি পর্য্যায় আৰু জিলা পৰ্য্যায়ৰ পৰা নিৰ্বাচিত হৈ অহা বিহু দলকেইটাৰ ভিতৰত চূড়ান্ত পৰ্য্যায়ৰ প্ৰতিযোগিতাখন ২৯ জানুৱাৰীত  অনুষ্ঠিত হয়। উক্ত প্রতিযোগিতাৰ পৰা ফাইনেলত স্থান লাভ কৰা সোতৰটা দলৰ মাজত পাঁচ ফেব্ৰুৱাৰীত  চূড়ান্ত পৰ্য্যায়ৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। সেই প্রতিযোগিতাখনিতেই তিনিটা বিহু দলক চূড়ান্ত বিজয়ী বুলি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা ঘোষনা কৰে। চূড়ান্ত বিজয়ী তিনিটা দলৰ ভিতৰত অসমৰ ভিতৰতেই শ্ৰেষ্ঠ বিহু দলৰ খিতাপ অর্জন কৰে সাংস্কৃতিক মঞ্চ অসমৰ নৃত্য বিদ্যালয়, হেঙেৰাবাৰী, গুৱাহাটীত অৱস্থিত "প্ৰীতিৰেখা স্কুল অফ আর্ট এন্ড কালচাৰ' ৰ বিহু দলটিয়ে। জ্যেষ্ঠ বিহু শিল্পী দীপ জ্যোতি হাজৰিকাৰ তত্বাৱধানত আৰু কৰবী দাসৰ নেতৃত্বত প্রশিক্ষিত ছাত্র ছাত্রী সকলক ৮ ফেব্ৰুৱাৰীত   শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্র চূড়াত বিজয়ীৰ বটা প্ৰদান কৰে  মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শর্মাই।  অনুস্থানটোত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী  বিমল বৰা , পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী  ৰঞ্জিত দাস ,  গুৱাহাটীৰ মেয়ৰ  মৃগেন শৰণীয়া আৰু  অসম চৰকাৰৰ কেবাজনো  মন্ত্ৰী ,  বিধায়ক আৰু গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত  অসমৰ শ্রেষ্ঠ বিহু দলটোক অসম চৰকাৰৰ তৰফৰ পৰা

মানপত্র, ট্রফি আৰু নগদ ধন দুইলাখ টকা প্ৰদান কৰা হয়। "প্ৰীতিৰেখা স্কুল অফ আর্ট এন্ড কালচাৰ"ৰ অসম শ্রেষ্ঠ বিহু দলটিত নিজৰ শ্ৰেষ্ঠতম প্রদর্শনৰে উজ্বলি উঠা ছাত্র -  ছাত্রী সকল হৈছে ক্ৰমে - দিপীকা বড়ো, শ্রাৱনী কলিতা, নিচা মেধি, অন্বেষা চহৰীয়া, অদ্রিকা চাংমাই,শ্রুতি ভাগৱতী, কার্জী কোঁচ, প্রিয়াংশু ডেকা, হেমাংগ হৃদয় শইকীয়া, ভার্গর প্রতিম দে, হীৰক জ্যোতি নেওগ, কৃষ পাৱে, অনুৰাগ ডি কাশ্যপ, অমিত টুমুং। দলটিৰ সহঃপ্রশিক্ষিকা ৰূপে আছিল  চন্দামিতা বর্মন আৰু নিকিতা ৰাভা। উল্লেখযোগ্য যে, ৰূপালী জয়ন্তী বৰ্ষ গৰকা "সাংস্কৃতিক মঞ্চ অসম'ৰ নৃত্য বিদ্যালয় "প্রীতিৰেখা স্কুল অফ আর্ট এন্ড কালচাৰ' ৰ ২০১৮ চনত প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰাই এতিয়ালৈকে বহু  কেইগৰাকী ছাত্ৰীয়ে ভাৰত চৰকাৰৰ জলপানি পাবলৈ সক্ষম হৈছে আৰু সংগীত বিভাগত লক্ষ্ণৌ ভাটখান্দে পৰীক্ষা বৰ্ডৰ অধীনত সফলতাৰে পৰীক্ষাত উত্তীর্ণ হৈ আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here