বড়ো ভাষলৈ অনুদিত হ'ল অনুৰাধা শৰ্মা পূজাৰীৰ 'কাঞ্চন' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 21 November 2021

বড়ো ভাষলৈ অনুদিত হ'ল অনুৰাধা শৰ্মা পূজাৰীৰ 'কাঞ্চন'

 


অনুবাদৰ জৰিয়তে সমম্বয়ৰ পথ সুচল হ'ব-ড০ মংগল সিং হাজোৱাৰী




W7s News ষ্টাফৰিপোৰ্টাৰ : 'অনুবাদৰ কাম মহত্বপূৰ্ণ কাম।অনুবাদ কৰিবলৈ যাওঁতে শব্দৰ গাঁথনি আৰু শব্দৰ ভাণ্ডাৰত দৃষ্টি দিব লাগিব। আমাৰ মাজৰ পৰা ভাল ভাল অনুবাদক ওলালে এটা সমন্বয়ৰ পথ সুচল হ'ব- এইদৰে কয় বিশিষ্ট লেখক, পদ্মশ্ৰী ড০ মংগল সিং হাজোৱাৰীয়ে। দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট লেখিকা, অনুবাদক, বড়ো ৱমেন ৰাইটাৰ্ছ এছ'চিয়েচনৰ সভাপতি উত্তৰা বসুমতাৰি অনুবাদ গ্রন্থ 'কাঞ্চন' উন্মোচন কৰি তেওঁ লগতে কয় 'আমাৰ সাহিত্য সমূহ বিষয়ে আন আন ভাষাত অনুবাদ হলে ঐক্য মনোভাৱ গঢ়ি উঠিব। এইক্ষেত্ৰত লেখিকা উত্তৰা বসুমতাৰিয়ে মহত্বপূৰ্ণ কৃত কাৰ্যতা লাভ কৰিছে বুলি ক'ব পাৰি।'  

উল্লেখ্য, বিশিষ্ট লেখিকা, 'সাদিন'ৰ সম্পাদক

 অনুৰাধা শৰ্মা পুজাৰীৰ “কাঞ্চন” ‘উপন্যাস খন বড়ো ভাষালৈ অনুদিত কৰিছে বিশিষ্ট লেখিকা উত্তৰা বসুমতাৰিয়ে।

সভাত অংশগ্ৰহণ কৰি 'কাঞ্চন'ৰ স্ৰষ্টা অনুৰাধা শৰ্মা পূজাৰীয়ে কয় ' এখন গ্ৰন্থৰ আত্মীক স্পৰ্শৰ সাৰ্বজনীনতা এক গভীৰ অনুভূতি। বড়ো ভাষাৰ গ্ৰন্থসমুহো অসমীয়া ভাষালৈ অনুবাদ হ'ব লাগে।সাহিত্য সংস্কৃতিৰ মানুহ বোৰৰ মাজত হৃদয়ৰ সম্পৰ্ক থাকে। ৰাজনীতিকৰ মাজত সেই সম্পৰ্ক নাথাকে। অনুবাদে স্থায়ী সমন্বয় গঢ়াত সহায় কৰে। 'কাঞ্চনে' ২০ বছৰত ২৩ টা সংস্কৰণ প্ৰকাশ পোৱাটো এগৰাকী লেখকৰ বাবে ডাঙৰ প্ৰাপ্তি একো হব নোৱাৰে। সত্য আৰু নির্ভেজাল 'কাঞ্চন'ৰ চৰিত্ৰ। সমাজৰ দৃষ্টি ভংগী সলনি কৰিব লাগিব 'কাঞ্চন'ৰ প্ৰতি কিয়নো 'কাঞ্চন'ৰ বিষয়বস্তুয়ে এখন সমাজক প্ৰতিনিধিত্ব কৰিছে। অনুবাদিকাক ধন্যবাদ জনালোঁ বড়ো সমাজ, বৌদ্ধিক সমাজক প্ৰতিনিধিত্ব কৰা বাবে।'

সভাত বড়ো সাহিত্য সভাৰ  উপ-সভাপতি ড০ দীন’নাথ বসুমতাৰী মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি কয় ' 

মানুহৰ আশা আকাংক্ষা সাৰ্বজনীন। কোনো এটা জাতি ভৌগলিক সীমাৰ মাজত আৱদ্ধ হৈ নাথাকে।


বিভিন্ন ভাষা ভাষীৰ মাজত আবেগিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰা বাবে নানা সমস্যাৰ সৃষ্টি হয়। আমি যেন বেলেগ বেলেগ সেই ভাব সৃষ্টি হোৱা বাবে অসম খন ঠান বান হোৱাৰ দিশে। অসমীয়াৰ সংজ্ঞা বিচাৰি ফুৰা বাবে আমি প্ৰত্যেকেটো জাতি জনগোষ্ঠী আঁতৰি গল। নতুন শিক্ষা নীতিয়ে অসমীয়া, অন্যান্য জনজাতিৰ কিমান ঐক্য সাধন কৰিব তাত সন্দেহ আছে।'

সভাত 'কাঞ্চন' ৰ প্ৰকাশক অনন্ত হাজৰিকাই কয় ' অসমীয়া গ্ৰন্থৰ সু দিন অহা বুলি ২০০২ চনতে উপলদ্ধি কৰিছিলোঁ। 'কাঞ্চন'ৰ ইতিমধ্যে ২৩ টা সংস্কৰণ প্ৰকাশ পাইছে আৰু ২৪ নম্বৰ সংস্কৰণ প্ৰকাশৰ দিশে।কাঞ্চনৰ ৫০ হাজাৰ কপি বিক্ৰী হোৱাটো প্ৰকাশক হিচাপে মোৰ ৰেকৰ্ড বুলি কব পাৰি।

 কাঞ্চনে ২০ বছৰ পূৰ্ণ কৰিলে। বড়ো সাহিত্য সভা, বড়ো ৰাইটাৰ্ছ ফৰামক অনুৰোধ তেওঁলোকে সম্বন্ধয়ৰ যাত্ৰা আগবঢ়াই নিয়ক।' সভাত লেখিকা, অনুবাদক উত্তৰা বসুমতাৰিয়ে মনৰ কথা কয়। লগতে ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ 'অন্তৰীণ' বড়ো ভাষালৈ অনুবাদ কৰিবলৈ প্ৰয়াস কৰিব বুলি কয় ।

ভৱানী বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাখনত

 বিশিষ্ট সংগীত শিল্পী মনিষা হাজৰিকা, লেখিকা গীতিকাৰ মঞ্জুলা হাজৰিকা, প্ৰদীপ পূজাৰী আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here