জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনলৈ অভিনন্দন জনাই ওড়িশাৰ কলিংগ সাহিত্য উৎসৱৰ বিশেষ অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 19 April 2022

জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনলৈ অভিনন্দন জনাই ওড়িশাৰ কলিংগ সাহিত্য উৎসৱৰ বিশেষ অনুষ্ঠান

 


জীৱনৰ ভাষাৰ সলনি কবিতা এতিয়া প্ৰচাৰৰ ভাষা হৈ পৰিছে: নীলিম কুমাৰ




W7s news ষ্টাফৰিপোৰ্টাৰ :জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনলৈ অভিনন্দন জনাই ওড়িশাৰ 'কলিংগ সাহিত্য উৎসৱ'য়ে অনুষ্ঠিত কৰিলে এক বিশেষ অনুষ্ঠান।যোৱা ১৭ এপ্ৰিলত অনুষ্ঠিত এই আনুষ্ঠানত অংশ লৈ বিশিষ্ট কবি নীলিম কুমাৰে কয়-'প্ৰথম অৱস্থাত নীলমণি ফুকনৰ কবিতাৰ ধৰণ বেলেগ আছিল। পৰৱৰ্তী সময়ত তেওঁ নিজেই নিজৰ কবিতাৰ সুৰ সলনি কৰিছে।কবিতাক মানুহৰ মাজলৈ নিবলৈ পিছত তেওঁ সাধাৰণ মানুহৰ ভাষা ব্যৱহাৰ কৰি লিখিছিল। বৰ্তমান বহুতে কবিতা লিখে কিন্তু অধ্যয়ন নকৰে। আগতে কবিতা আছিল জীৱনৰ ভাষা,এতিয়া কবিতাক বহুতে আত্ম প্ৰচাৰ-প্ৰসাৰৰ ভাষা হিচাপে ব্যৱহাৰ কৰিছে। এইয়া অত্যন্ত ক্ষতিকাৰক।' অনলাইনযোগে আয়োজিত এই অনুষ্ঠানত "অসমীয়া কবিতাত ঐতিহ্য-চেতনা আৰু আধুনিকতা" বিষয়ত আলোচনা কৰা হয়। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱৰাজ মিলিয়ে আঁত ধৰা আনুষ্ঠাত কবি নীলিম কুমাৰৰ লগতে বিজয় শংকৰ বৰ্মন আৰু ৰঞ্জিত পাটগিৰি আলোচক হিচাপে উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here