W7s news ষ্টাফৰিপোৰ্টাৰ : অসমীয়া ভাষা-সাহিত্যৰ আগশাৰীৰ আলোচনী *'গৰীয়সী'ৰ নতুন সম্পাদক বিশিষ্ট সাহিত্যিক 'মাকাম', 'দেওলাংখুই' আদিৰ স্ৰষ্টা ড০ ৰীতা চৌধুৰী। সাহিত্য অকাডেমী বঁটা প্ৰাপক, জনপ্ৰিয় সাহিত্যিক, নেচনেল বুক ট্ৰাষ্টৰ প্ৰাক্তন সঞ্চালক ড০ ৰীতা চৌধুৰীৰ নেতৃত্বত 'গৰীয়সী'য়ে নতুন গতি আৰু ৰূপ লাভ কৰিব বুলি আশা কৰা হৈছে।* 'আছাম ট্ৰিবিউন' গোষ্ঠীৰ 'সাহিত্য-প্ৰকাশ'-এ প্ৰকাশ কৰা ঐতিহ্যমণ্ডিত আলোচনীখনৰ সম্পাদকৰূপে এপ্ৰিল মাহৰ পৰা দায়িত্ব গ্ৰহণ কৰিব বিশিষ্ট সাহিত্যিকগৰাকীয়ে।
No comments:
Post a Comment