-গুৱাহাটী, পাটনা, ভাপি, নাশিক, পুনে আৰু ডেৰাডুনত নতুন মাইক্ৰ’ অফিচ মুকলি
W7s news,,মুম্বাই, 27 নৱেম্বৰ, 2025: ভাৰতৰ অন্যতম আগশাৰীৰ ব্যক্তিগত সাধাৰণ বীমা কোম্পানী আইচিআইচিআই লম্বাৰ্ড জেনেৰেল ইনশ্বুৰেন্সে সমগ্ৰ বংগাইগাঁও (গুৱাহাটী), ধৰমপুৰ (ভাপি), হাজিপুৰ (পাটনা) কলৱান এণ্ড সিন (নাশিক), কাতৰাজ এণ্ড ৰাজগুৰুনগৰ (পুনে) আৰু বিকাশনগৰ(ডেৰাডুন ) ত নতুন মাইক্ৰ’ অফিচ মুকলি কৰি দেশজুৰি নিজৰ পদাংক সম্প্ৰসাৰণ কৰিছে। ইয়াৰ জৰিয়তে কোম্পানীটোৱে সমগ্ৰ দেশতে ১০০টাতকৈও অধিক মাইক্ৰ’-অফিচৰ নেটৱৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিছে। এই কৌশলগত সম্প্ৰসাৰণে অৰ্ধ-নগৰীয়া, গ্ৰাম্য আৰু অভাৱগ্ৰস্ত অঞ্চলৰ গ্ৰাহকৰ বাবে বীমাৰ সুবিধা বৃদ্ধিৰ বাবে আইচিআইচিআই লম্বাৰ্ডৰ প্ৰতিশ্ৰুতিক গুৰুত্ব আৰোপ কৰে।
মাইক্রো-অফিচ মডেলটো সংস্থাটোক নিজৰ গ্ৰাহক আৰু অংশীদাৰসকলৰ ওচৰলৈ আৰু নিকটবর্তী কৰি তোলাৰ বাবে সাজু কৰা হৈছে। এই মডেলটোৱে এক সৰু, চটপট আৰু সমুদায়-কেন্দ্ৰিক সেৱা উপস্থিতি প্রদান কৰে। এই অফিচসমূহে শেষ-মাইল সংযোগ অধিক শক্তিশালী কৰিব, স্থানীয় বজাৰৰ সৈতে গভীৰ সম্পৰ্ক স্থাপনত সহায় কৰিব আৰু প্ৰতিটো অঞ্চলৰ বিশেষ প্ৰয়োজন প্রতিফলিত কৰা ব্যক্তিগতকৃত বীমা সমাধান বিকাশৰ পথ সুগম কৰিব। সময়োচিত সহায়তা প্ৰদান আৰু ভৰষা-ভিত্তিক সম্পৰ্ক গঢ়ি তোলাৰ জৰিয়তে এই মাইক্রো-অফিচসমূহ বীমা প্ৰচলন বৃদ্ধিত এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
সম্প্ৰসাৰণটোৰ বিষয়ে মন্তবব্য প্ৰকাশ কৰি আইচিআইচিআই লোম্বাৰ্ডৰ চিফ – ৰিটেইল আৰু গভৰ্ণমেন্ট, আনন্দ সিংহী ডাঙৰীয়াই কয় যে, “আমাৰ মাইক্রো-অফিচ নেটৱৰ্কৰ সম্প্ৰসাৰণই বীমা লাভযোগ্যতা গভীৰ কৰাৰ প্ৰতি থকা আমাৰ দীৰ্ঘমীয়া প্ৰতিশ্ৰুতিৰ প্ৰতিফলন। এই প্ৰচেষ্টাই অৰ্থবহ আৰু স্থানীয় পৰিপ্ৰেক্ষিতত সমলগ্নভাৱে গ্ৰাহকৰ ওচৰলৈ আগবঢ়াৰ দিশত আমাৰ দৃষ্টিভংগীক স্পষ্ট কৰে।”এই অফিচসমূহে আমাৰ গ্ৰাহকসকল য’ত থাকে, কাম কৰে আৰু আর্থিক সিদ্ধান্ত লয়—সেইস্থানসমূহত উপস্থিত থাকিবলৈ কৌশলগত ৰূপান্তৰৰ প্ৰতিনিধিত্ব কৰে। ভূমিস্তৰত সংযোগ আৰু সম্পৰ্ক অধিক দৃঢ় কৰি আমি আমাৰ এজেণ্টসকলক অধিক সক্ষম কৰি তুলিছো, সমুদায়সমূহক বেছি জনজাগৃতি প্ৰদান কৰি ক্ষমতাবান কৰি তুলিছো আৰু উত্তম গুণগত সুৰক্ষা অধিক সুলভ, সুবিধাজনক আৰু ভৰষাযোগ্য কৰি তুলিছো। ভাৰতৰ বিকাশমান বজাৰসমূহ আগুৱাই যোৱাৰ লগে লগে সান্নিধ্য আৰু ব্যক্তিগতকৃত সেৱাই গ্ৰাহকৰ আগন্তুক আশা-প্ৰত্যাশাৰ নতুন ক্ষেত্ৰ নিৰ্ধাৰণ কৰিব, আৰু আমি সেই যাত্ৰাত চৌখিনতা, উদ্ভাৱনশীলতা আৰু উদ্দেশ্যৰ সৈতে আগভাগ ল’বলৈ প্ৰতিজ্ঞাবদ্ধ।”
বিশ্বাস আৰু সুৰক্ষা, এতিয়া আপোনাৰ হাতৰ মুঠিত, মাইক্ৰ'-অফিচ নেটৱৰ্কে আইচিআইচিআই লম্বাৰ্ডৰ দেশব্যাপী ক্ষমতাসমূহক হাইপাৰ-স্থানীয় প্ৰাসংগিকতাৰ সৈতে একত্ৰিত কৰে। এই পদক্ষেপে এনে বজাৰত অধিক সজাগতা, শিক্ষা আৰু ব্যক্তিগতকৃত সেৱা প্ৰদানক সমৰ্থন কৰে য’ত সম্পৰ্ক আৰু স্থলভাগত উপস্থিতিয়ে বিত্তীয় সিদ্ধান্তত যথেষ্ট প্ৰভাৱ পেলায়। ইয়াৰ উপৰিও ই আই আৰ ডি এ আইৰ ‘২০৪৭ চনৰ ভিতৰত সকলোৰে বাবে বীমা’ৰ দৃষ্টিভংগীৰ প্ৰতি কোম্পানীটোৰ দায়বদ্ধতাক শক্তিশালী কৰে।

No comments:
Post a Comment