বিদেশত অধ্যয়ন কৰিব বিচৰা ভাৰতীয় শিক্ষাৰ্থীৰ বাবে বিভিন্ন পাঠ্যক্ৰমত ব্ৰিটিছ কাউন্সিলৰ ‘গ্ৰেট স্কলাৰশ্বিপ’ ২০২৪ মুকলি - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Wednesday, 14 February 2024

demo-image

বিদেশত অধ্যয়ন কৰিব বিচৰা ভাৰতীয় শিক্ষাৰ্থীৰ বাবে বিভিন্ন পাঠ্যক্ৰমত ব্ৰিটিছ কাউন্সিলৰ ‘গ্ৰেট স্কলাৰশ্বিপ’ ২০২৪ মুকলি

Responsive Ads Here

 

~ বিজ্ঞান, প্ৰযুক্তি, আইন, আৰু অন্যান্য বিষয়ত প্ৰৱৰ্তন স্নাতকোত্তৰ বৃত্তি ~


W7s news,,গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী ২০২৪: বিদেশত অধ্যয়ন কৰিব বিচৰা উত্তৰ-পূব ভাৰতৰ শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ! ব্ৰিটেইনৰ শৈক্ষিক সুযোগ আৰু সাংস্কৃতিক সম্পৰ্কৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা ব্ৰিটিছ কাউন্সিলে ব্ৰিটেইন চৰকাৰৰ গ্ৰেট ব্ৰিটেইন কেম্পেইনৰ সহযোগত আৰম্ভ কৰিছে ‘গ্ৰেট স্কলাৰশ্বিপ’ ২০২৪। এই বৃত্তিসমূহে ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলক ২০২৪ চনৰ শৰৎকালৰ পৰা ব্ৰিটেইনত বিভিন্ন অধ্যয়ন ক্ষেত্ৰ সামৰি স্নাতকোত্তৰ অধ্যয়নৰ অনন্য সুযোগ প্ৰদান কৰিব।এইবৰ্ষত ব্ৰিটেইনৰ মুঠ ২৫খন বিশ্ববিদ্যালয়ে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাৰতীয় শিক্ষাৰ্থীসকলক ২৬টা স্নাতকোত্তৰ ‘গ্ৰেট স্কলাৰশ্বিপ’ প্ৰদান কৰিছে। এই বৃত্তিসমূহে বিত্ত, বিপণন, ব্যৱসায়, মনোবিজ্ঞান, ডিজাইন, কলা, নৃত্যকে ধৰি বহুতো বিষয় সামৰি লয়। প্ৰতিটো বৃত্তিৰ মূল্য হৈছে নূন্যতম ১০ হাজাৰ পাউণ্ড, যিটো ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে ব্ৰিটেইনত এবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে টিউচন মাচুলৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হ’ব।সামৰি লোৱা বিস্তৃত বিষয়সমূহৰ উপৰি ‘গ্ৰেট স্কলাৰশ্বিপ’ প্ৰ’গ্ৰাম ২০২৪ত ন্যায় আৰু আইন অধ্যয়নৰ বাবে বিশেষভাৱে দুটা বৃত্তিও অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখ্য যে, এই বৃত্তি ন্যায় মন্ত্ৰালয়ৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ কৰা হৈছে। উক্ত বৃত্তিসমূহ ব্যতিক্ৰমী আইনী কাৰ্যসূচীৰ বাবে বিখ্যাত দুখন অংশগ্ৰহণকাৰী উচ্চ শিক্ষানুষ্ঠানত প্ৰদান কৰা হৈছে। মানৱ অধিকাৰ, সম্পত্তি আইন, অপৰাধমূলক ন্যায়, বাণিজ্যিক আইন আদি ক্ষেত্ৰত পাঠ্যক্ৰম গ্ৰহণ কৰিব বিচৰা ভাৰতীয় শিক্ষাৰ্থীসকলক এই বৃত্তিসমূহৰ বাবে আবেদন কৰিবলৈ উৎসাহিত কৰা হৈছে।তদুপৰি ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে ব্ৰিটেইনৰ চাৰিখন বিশ্ববিদ্যালয়ত চাৰিটা বিজ্ঞান আৰু প্ৰযুক্তি বৃত্তি উপলব্ধ কৰা হৈছে।ইয়াৰ দ্বাৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক যিকোনো অংশগ্ৰহণকাৰী উচ্চ শিক্ষা প্ৰতিষ্ঠানত কৃত্ৰিম বুদ্ধিমত্তা, বহনক্ষম অভিযান্ত্ৰিকী, মনোবিজ্ঞান আৰু বহুতো বিষয়কে ধৰি বিজ্ঞান আৰু প্ৰযুক্তি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ পাঠ্যক্ৰমৰ বাবে আবেদন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।গ্ৰেট স্কলাৰশ্বিপ’ৰ লক্ষ্য হৈছে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ব্ৰিটেইনত শিক্ষাৰ সুবিধা প্ৰদান কৰা আৰু ব্ৰিটেইনৰ বিভিন্ন প্ৰতিষ্ঠানে আগবঢ়োৱা বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ ওপৰত আলোকপাত কৰা। প্ৰতি বছৰে ১৩৩,২৩৭ গৰাকী ভাৰতীয় শিক্ষাৰ্থীয়ে অধ্যয়নৰ বাবে ব্ৰিটেইনক বাছি লয় আৰু এই বৃত্তিসমূহে ব্ৰিটেইন আৰু ভাৰতৰ মাজৰ চিৰস্থায়ী সম্পৰ্ক শক্তিশালী কৰাৰ লগতে ব্ৰিটেইনত শিক্ষাৰ সুযোগৰ সন্ধান কৰা সকলো ভাৰতীয় শিক্ষাৰ্থীক উষ্ম আদৰণি জনোৱাৰ প্ৰয়াস কৰে।বৃত্তিৰ বাবে নিৰ্বাচিত হ’বলৈ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণকাৰী বিশ্ববিদ্যালয়সমূহৰ কোনো এখনৰ পৰা নামভৰ্তিৰ প্ৰস্তাৱ লাভ কৰিব লাগিব আৰু নিৰ্বাচিত পাঠ্যক্ৰমৰ বাবে নিজ নিজ বিশ্ববিদ্যালয়ে নিৰ্ধাৰণ কৰা সকলো প্ৰৱেশৰ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব।


‘গ্ৰেট স্কলাৰশ্বিপ’ৰ বিষয়ে অধিক তথ্যৰ বাবে  https://www.britishcouncil.in/study-uk/scholarships/great-scholarshipsচাব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *