গুৱাহাটীৰ আদৰ্শপুৰস্থিত Discover play School ৰ ২০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এক বৰ্ণাধ্য অনুষ্ঠান অনুষ্ঠিত হয়৷গুৱাহাটীৰ কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত ১২ ফেব্ৰুৱাৰীত হয় উক্ত অনুষ্ঠান৷বিদ্যালয়ৰ খনৰ প্ৰতিষ্ঠাপক কল্পনা বৰদলৈ আৰু প্ৰাক্তন চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক তৰুণ চন্দ্ৰ বৰদলৈৰ সবল নেতৃত্বত অনুষ্ঠিত অনুষ্ঠানত পৌৰোহিত্য কৰে বি বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা প্ৰণতী বৰতামূলী বৰুৱাই৷ সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট প্ৰযোজক,পৰিচালক ,অভিনেতা,সমাজকৰ্মী দ্বীপ বৰুৱা ৷উল্লেখ্য যে ২০ বছৰীয়া বৰ্ষপুৰ্তি উপলক্ষে ১০ ফেব্ৰুৱাৰীত বিদ্যালয় প্ৰাংগনত আয়োজিত হয় এখন আৰ্ট এণ্ড ক্ৰাফটৰ প্ৰতিযোগিতা৷ প্ৰতিযোগিতাত বিচাৰক ৰূপে অংশগ্ৰহণ কৰে সমাজসেৱিকা,শিল্পী তথা জনপ্ৰিয় পডকাষ্ট কনজলকীয়াৰ প্ৰতিষ্ঠাপক স্তুতি হাজৰিকা ৷এই প্ৰতিযোগিতাত বহু সংখ্যক ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷তাৰ ভিতৰত পুৰস্কাৰ পাবলৈ সক্ষম হয় শ্ৰিয়ানচ ৰাভা,চাৰলিন গগৈ,দৃষ্টি ৰংপি ৷ অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলে কবিতা আবৃত্তি ,নৃত্যকে ধৰি বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে৷অনুষ্ঠান বিভিন্ন গণ্য মান্য ব্যক্তি সম্বৰ্দ্ধনা প্ৰদান কৰা হয় অনুষ্ঠানৰ তৰফৰ পৰা৷৷
Post Top Ad
Responsive Ads Here
Monday, 12 February 2024

Home
Unlabelled
Discover Play School ৰ ২০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত বৰ্ণাঢ্য অনুষ্ঠান।
Discover Play School ৰ ২০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত বৰ্ণাঢ্য অনুষ্ঠান।
Share This
About W7S News
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment