আজি গুৱাহাটীত ডিজিটেল ইণ্ডিয়া - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 14 February 2024

আজি গুৱাহাটীত ডিজিটেল ইণ্ডিয়া

 


# Future SKILLS

সন্মিলনত উপস্থিত থাকিব ছয়খন দেশৰ বিশেষজ্ঞ





W7s news গুৱাহাটী:;

অতি কমেও ছয়খন দেশৰ নেতা, শিক্ষাবিদ আৰু শীৰ্ষ স্থানীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান তথা নীতি নিৰ্ধাৰক সহ ১০০০ ৰো অধিক বিশিষ্ট অংশগ্ৰহণকাৰীৰ উপস্থিতিত আজি গুৱাহাটী বিশ্ববিদ্যালয়ত ডিজিটেল ইণ্ডিয়াৰ ভৱিষ্যত দক্ষতা বিশেষ সন্মিলন অনুষ্ঠিত হব। দিনযোৰা কাৰ্যসূচীত ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি তথা প্ৰতিষ্ঠানে অংশগ্ৰহন কৰিব। 

সন্মিলনত ভাৰতক প্ৰযুক্তিগতভাৱে উন্নত ভৱিষ্যতলৈ প্ৰেৰিত কৰাৰ লক্ষ্যৰে পৰৱৰ্তী অত্যাধুনিক প্ৰযুক্তিত উত্তৰ-পূবৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ সন্ধান উদ্ভৱ হোৱাৰ ওপৰত আলোকপাত কৰিব। উত্তৰ-পূবত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই সন্মিলনখনে নতুন যুগৰ উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি ডিজিটেল সাক্ষৰতা বৃদ্ধিৰ লক্ষ্যৰে আলোচনা, অন্তৰ্দৃষ্টি আৰু সহযোগিতাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব। এই উদ্দেশ্যে আজি মহানগৰীত আয়োজন কৰা এক সংবাদ মেলত কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ কাৰ্যবাহী সঞ্চালক ড০ ৱাই জয়ন্ত সিঙে কয় যে  " সমিলনত ভৱিষ্যতৰ ভাৰত গঢ়ি তোলাত ডিজিটেল দক্ষতাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত বহু গুৰুত্বপূৰ্ণ  আলোচনা অনুষ্ঠিত হব , যাৰ লক্ষ্য হৈছে দেশক ডিজিটেল ভাৱে শক্তিশালী সমাজলৈ ৰূপান্তৰ কৰা।" সন্মিলনখনত চাৰিটা মুখ্য বিষয়ৰ ওপৰত বিশেষ  আলোচনা অনুষ্ঠিত হ'ব - সেয়া হল  চাইবাৰ নিৰাপত্তা, কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকন আৰু ভৱিষ্যতৰ দক্ষতা। প্ৰায় ১০০০ ৰো অধিক বিশিষ্ট অংশগ্ৰহণকাৰীয়ে সন্মিলনত যোগদান কৰিব। অংশগ্ৰহণকাৰীসকলে ৩০ খনতকৈও অধিক অভিনৱ প্ৰদৰ্শনীত ভাগ লব । ইয়াৰে প্ৰায় অৰ্ধ সংখ্যক প্ৰতিষ্ঠান উত্তৰ পূবৰ । অন্যহাতে নেলিটৰ কাৰ্যবাহী সঞ্চালক তথা বিশেষ কৰ্তব্যৰত বিষয়া শুভাঙ্খু তিৱাৰীয়ে কয় যে সন্মিলনত  ইণ্টেল, এইচ চি এল, মাইক্ৰছফ্ট, কিণ্ড্ৰিল, আই আই এম ৰায়পুৰ, আই আই টি এম গোৱালিয়ৰ, উইপ্ৰো আদি শীৰ্ষ স্থানীয় প্ৰতিষ্ঠান সমূহৰ সৈতে নীলিট অৰ্থাৎ নেচনেল ইনষ্টিটিউট অফ ইলেক্ট্ৰনিক এণ্ড ইনফৰ্মেচন টেকনলজিৰ প্ৰায় তিনি দৰ্জনৰো অধিক অংশগ্ৰহনকাৰি কৌশলগত সহযোগিতাৰ সাক্ষী হ'ব। ইয়াৰোপৰি অহা ১৬ আৰু ১৭ ফেব্ৰুৱাৰীত একেই স্থানতে নেলিটৰ উদ্যোগত যোগাযোগ, ইলেক্ট্ৰনিক্স আৰু ডিজিটেল প্ৰযুক্তিৰ ওপৰত এক আন্তৰ্জাতিক পৰ্য্যায়ৰ সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনে তথ্য, ইলেক্ট্ৰনিকছ আৰু যোগাযোগ প্ৰযুক্তি আৰু আনুষঙ্গিক ক্ষেত্ৰৰ শেহতীয়া গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত বহু দিশ অৱতাৰণা কৰিব। সন্মিলনত গৱেষক, শিক্ষাবিদ, উদ্যোগ ক্ষেত্ৰৰ পেছাদাৰী আৰু উৎসাহী শিক্ষাৰ্থীসকলক সামৰি সমগ্ৰ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত ক্ষেত্ৰখনৰ শেহতীয়া স্থিতিৰ বিষয়ে অৱগত কৰিব পৰাকৈ আয়োজন কৰা হৈছে। ই সমগ্ৰ বিশ্বৰ উদ্যোগ পেছাদাৰী, গৱেষক আৰু শিক্ষাবিদসকলৰ বাবে তেওঁলোকৰ মতামত প্ৰকাশ কৰিবলৈ আৰু তেওঁলোকৰ ফলাফলবোৰ বিভিন্ন পথৰ অধীনত উপস্থাপন কৰাৰ বাবে এক আদৰ্শ মঞ্চ হ'ব। কৃত্ৰিম বুদ্ধিমত্তা, যন্ত্ৰ শিক্ষণ, বিগ ডাটা, ডাটা এনালিটিক্স, চাইবাৰ সুৰক্ষা আৰু ফৰেনচিক, নেটৱৰ্ক আৰু ম'বাইল সুৰক্ষা, উন্নত কম্পিউটিং আদি বিষয়ত ২০০ ৰো অধিক কাকত সন্মিলনত দাখিল কৰা হ'ব বুলি আশা কৰা হৈছে য'ত সাতখন দেশৰ বক্তা থাকিব।"দুয়োখন বৈঠকৰ লক্ষ্য হ'ব ভৱিষ্যতৰ দক্ষতাৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰা আৰু খণ্ডটোৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰা। কোম্পানীবোৰে তেওঁলোকৰ চাকৰিৰ প্ৰয়োজনীয়তাৰ ওপৰত অন্তৰ্দৃষ্টি নিক্ষেপ কৰাৰ উপৰিও অঞ্চলটোৰ পৰিৱেশ তন্ত্ৰৰ বিষয়েও শিকিব," সিঙে কয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here