৩ নৱেম্বৰ ১৯৩৫ – ২৫ ছেপ্টেম্বৰ ২০২৬
W7s news,,অত্যন্ত গভীৰ শোক আৰু দুখেৰে আমি বিশিষ্ট উদ্ভিদবিজ্ঞানী, অগ্ৰণী উদ্ভিদ শ্ৰেণীবিন্যাসবিদ, শ্ৰদ্ধাৰ শিক্ষক তথা প্ৰখ্যাত গৱেষক অধ্যাপক সুধাংশু চৌধুৰীৰ মৃত্যুত শোক প্ৰকাশ কৰিছোঁ। উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ উদ্ভিদ বৈচিত্ৰ্যৰ অধ্যয়ন, নথিভুক্তকৰণ আৰু সংৰক্ষণৰ প্ৰতি তেওঁৰ সমগ্ৰ জীৱন উৎসৰ্গিত আছিল। ২০২৬ চনৰ ২৫ ছেপ্টেম্বৰত ৯০ বছৰ বয়সত তেওঁ শান্তিপূৰ্ণভাৱে শেষ নিশ্বাস ত্যাগ কৰে।
অধ্যাপক চৌধুৰীয়ে ১৯৫৯ চনত Botanical Survey of India-ৰ Eastern Circle, Shillong-ত Herbarium Assistant হিচাপে তেওঁৰ উল্লেখযোগ্য শৈক্ষিক আৰু বৈজ্ঞানিক জীৱনৰ পাতনি মেলে। দীৰ্ঘদিনীয়া নিষ্ঠাপূৰ্ণ সেৱা আৰু গৱেষণাৰ অন্তত ১৯৭৮ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে। ১৯৬৭ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগত যোগদান কৰে আৰু প্ৰায় চাৰিটা দশক ধৰি শিক্ষকতা, গৱেষণা আৰু উদ্ভিদ অনুসন্ধানৰ সৈতে জড়িত হৈ থাকে। ১৯৯৫ চনত উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছতো বিজ্ঞানৰ প্ৰতি তেওঁৰ অসাধাৰণ দায়বদ্ধতাৰ অন্ত পৰা নাছিল। পৰৱৰ্তী সময়তো তেওঁ বৈজ্ঞানিক সমাজৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকে আৰু ASTEC-ৰ পৰামৰ্শদাতা হিচাপেও সেৱা আগবঢ়ায়।
এজন নিষ্ঠাবান শিক্ষক আৰু দক্ষ শিক্ষাবিদ হিচাপে অধ্যাপক চৌধুৰীয়ে ১৯৭৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত Plant Taxonomy-কে বিশেষ পাঠ্য বিষয় হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লগতে উদ্ভিদ শ্ৰেণীবিন্যাসৰ অধ্যয়ন আৰু গৱেষণাৰ বাবে এনে এক কেন্দ্ৰ গঢ়ি তোলাত অৰিহণা যোগায়, যাৰ জৰিয়তে এম ফিল আৰু পি এইচ ডি পৰ্যায়ৰ গৱেষণাৰ সুযোগ সৃষ্টি হয়। শিক্ষকতা আৰু গৱেষণা-নিৰ্দেশনাৰ জৰিয়তে তেওঁ বহু যুৱ গৱেষকক পথ প্ৰদৰ্শন আৰু অনুপ্ৰেৰণা যোগাইছিল। তেওঁলোকৰ বহুতে পৰৱৰ্তী সময়ত উদ্ভিদ বিজ্ঞানৰ ক্ষেত্ৰত নিজ নিজ কৰ্মজীৱন গঢ়ি তোলে। কেইবাটাও প্ৰজন্মৰ শিক্ষাৰ্থীৰ বাবে তেওঁ মৰমেৰে কেৱল ‘চৌধুৰী ছাৰ’ হিচাপেই পৰিচিত আছিল। জ্ঞান-গভীৰতাৰ লগতে নিষ্ঠা, সৰলতা আৰু শিক্ষাৰ্থীৰ প্ৰতি দায়বদ্ধতাৰ বাবে তেওঁ সকলোৰে মাজত স্মৰণীয় হৈ থাকিব।
উদ্ভিদবিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত তেওঁৰ অৱদান আছিল বিস্তৃত আৰু উল্লেখযোগ্য। দেশ-বিদেশৰ সুনামধন্য গৱেষণা পত্ৰিকাত তেওঁৰ প্ৰায় ৬০খন গৱেষণা-পত্ৰ প্ৰকাশ পাইছিল। ASTEC, IASST-কে ধৰি বিভিন্ন সংস্থাৰ সহযোগত তেওঁ কেইবাটাও গৱেষণা প্ৰকল্পতো কাম কৰিছিল। তেওঁৰ গৱেষণাই উত্তৰ-পূৰ্বাঞ্চলৰ উদ্ভিদজগতৰ আৱিষ্কাৰ, চিনাক্তকৰণ আৰু নথিভুক্তকৰণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। তেওঁৰ উদ্ভিদ শ্ৰেণীবিন্যাসৰ গৱেষণাৰ সৈতে জড়িত উদ্ভিদসমূহৰ ভিতৰত ১৯৮৮ চনত Kew Bulletin-ত প্ৰকাশিত Dendrobium assamicum Chowdhury আৰু S. Day-ৰ সৈতে যুটীয়াভাৱে ২০১০ চনত Phytokeys-ত বৰ্ণনা কৰা Larsenianthus assamensis উল্লেখযোগ্য।
তেওঁৰ পাণ্ডিত্য কেৱল গৱেষণা-পত্ৰ প্ৰকাশতে সীমাবদ্ধ নাছিল। তেওঁ Ethno Medico Botany of Arunachal Pradesh (১৯৯৮) আৰু Assam’s Flora আদি গুৰুত্বপূৰ্ণ গ্ৰন্থৰ ৰচনা আৰু সহ-ৰচনাতো জড়িত আছিল।
৮৬ বছৰ বয়সতো উদ্ভিদবিজ্ঞানৰ প্ৰতি তেওঁৰ আগ্ৰহ আৰু উদ্যম অকণো হ্ৰাস পোৱা নাছিল। ২০২১ চনত তেওঁ Plantes Assam প্ৰকাশ কৰে। এই গ্ৰন্থই তেওঁৰ জীৱনজোৰা অসাধাৰণ বৌদ্ধিক অনুসন্ধিৎসা, অধ্যৱসায় আৰু বিজ্ঞানৰ প্ৰতি গভীৰ নিষ্ঠাৰ পৰিচয় বহন কৰে।
উদ্ভিদবিজ্ঞানৰ সমাজখনত তেওঁৰ অৱদান বহুলভাৱে স্বীকৃত হৈছিল। উদ্ভিদ গৱেষণা আৰু উদ্ভিদ শ্ৰেণীবিন্যাসৰ ক্ষেত্ৰত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে Botanical Society of Assam-এ ২০১৭ চনত তেওঁক Lifetime Achievement Award-এৰে সন্মানিত কৰে।
বিশেষকৈ অৰ্কিড আৰু পূব হিমালয়ৰ উদ্ভিদজগতৰ অধ্যয়নৰ ক্ষেত্ৰতো তেওঁৰ অৱদান আছিল গভীৰ আৰু উল্লেখযোগ্য। উদ্ভিদ বিজ্ঞান, শিক্ষা, উদ্ভিদ অনুসন্ধান আৰু উদ্ভিদ শ্ৰেণীবিন্যাসৰ গৱেষণাৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ অৱদানৰ স্বীকৃতি হিচাপে কালিম্পঙৰ The Orchid Society of Eastern Himalaya (TOSEHIM)-এ ২০২২ চনত তেওঁক প্ৰতিষ্ঠানটোৰ প্ৰথম Life Time Achievement Award প্ৰদান কৰে। সন্মাননাৰ বিৱৰণীত উদ্ভিদ শ্ৰেণীবিন্যাসৰ ক্ষেত্ৰত তেওঁৰ অগ্ৰণী কাম, কেইবা দশকজোৰা শিক্ষকতা আৰু গৱেষণা তথা অৱসৰৰ পিছতো উদ্ভিদ বিজ্ঞানৰ প্ৰতি অব্যাহত ৰখা অৱদানৰ বিশেষ স্বীকৃতি দিয়া হয়।
অধ্যাপক চৌধুৰী Botanical Society of Assam-ৰ প্ৰতিষ্ঠাকালৰ পৰাই ইয়াৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল। তেওঁ সংস্থাটোৰ বিভিন্ন কাৰ্যসূচীৰ লগতে বৃহত্তৰ উদ্ভিদবিজ্ঞানী সমাজখনৰ বাবেও সক্ৰিয়ভাৱে অৱদান আগবঢ়াই আহিছিল।
তথাপি, তেওঁৰ আটাইতকৈ স্থায়ী উত্তৰাধিকাৰ হয়তো তেওঁৰ প্ৰকাশিত গৱেষণা-পত্ৰৰ সংখ্যা, নথিভুক্ত কৰা উদ্ভিদ বা লাভ কৰা সন্মানৰ দ্বাৰা জুখিব নোৱাৰি। তেওঁ শিক্ষা দিয়া অগণন শিক্ষাৰ্থী, পথ প্ৰদৰ্শন কৰা গৱেষক আৰু অনুপ্ৰাণিত কৰা যুৱ উদ্ভিদবিজ্ঞানীসকলৰ মাজতেই তেওঁৰ প্ৰকৃত উত্তৰাধিকাৰ জীয়াই থাকিব। তেওঁলোকৰ কৰ্মৰ জৰিয়তে আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে অতি যতনে সৃষ্টি আৰু সংৰক্ষণ কৰি থৈ যোৱা জ্ঞানৰ জৰিয়তে তেওঁৰ প্ৰভাৱ অব্যাহত থাকিব।
অধ্যাপক সুধাংশু চৌধুৰীয়ে দুই পুত্ৰ, বোৱাৰী আৰু নাতি-নাতিনীসহ তেওঁৰ সান্নিধ্যত সমৃদ্ধ হোৱা অগণন শিক্ষাৰ্থী, সহকৰ্মী, বন্ধু, গুণমুগ্ধ আৰু শুভাকাংক্ষীক এৰি থৈ গৈছে।
তেওঁৰ বিয়োগে অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ উদ্ভিদবিজ্ঞানৰ ইতিহাসৰ এক অসাধাৰণ অধ্যায়ৰ অৱসান ঘটালে। উদ্ভিদবিজ্ঞানৰ সমাজখনে এগৰাকী বিৰল নিষ্ঠাসম্পন্ন পণ্ডিতক হেৰুৱালে; তেওঁৰ শিক্ষাৰ্থীসকলে এগৰাকী মৰমৰ শিক্ষক আৰু পথ প্ৰদৰ্শকক হেৰুৱালে; আৰু পৰিয়ালে এগৰাকী স্নেহময় পিতৃ আৰু ককাক হেৰুৱালে।
কিন্তু তেওঁৰ উত্তৰাধিকাৰ চিৰদিন অম্লান হৈ থাকিব—তেওঁ অনুসন্ধান কৰা বনাঞ্চল আৰু উদ্ভিদজগতত, নথিভুক্ত কৰি যোৱা উদ্ভিদ প্ৰজাতিসমূহত, তেওঁ এৰি যোৱা গ্ৰন্থ আৰু গৱেষণাত আৰু সৰ্বোপৰি সেইসকল শিক্ষাৰ্থীৰ হৃদয়ত, যিসকলে তেওঁক মৰম আৰু কৃতজ্ঞতাৰে ‘চৌধুৰী ছাৰ’ হিচাপে সদায় স্মৰণ কৰি থাকিব।
তেওঁৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক। তেওঁৰ পৰিয়ালবৰ্গই বিজ্ঞান, শিক্ষা আৰু মানৱতাৰ বাবে সমৃদ্ধ জীৱন আগবঢ়াই যোৱা এগৰাকী মহান ব্যক্তিৰ স্মৃতি আৰু অমৰ অৱদানৰ পৰা এই শোকৰ সময়ত শক্তি আৰু সান্ত্বনা লাভ কৰক।
শ্ৰাদ্ধানুষ্ঠান: ৫ অক্টোবৰ ২০২৬
শোকসন্তপ্ত পুত্ৰদ্বয়:
ডাঃ সৌম্য শংকৰ চৌধুৰী
ডাঃ অমৰ্ত্য শংকৰ চৌধুৰী
যোগাযোগ: ৯৮০০৮৮১৬৯৪

No comments:
Post a Comment