ব্ৰিটেইনত অসমৰ জীয়ৰীৰ স্বৰ্ণজয়, কেম্ব্ৰিজত উজ্জ্বলিল ভাৰতৰ নাম* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 5 October 2026

ব্ৰিটেইনত অসমৰ জীয়ৰীৰ স্বৰ্ণজয়, কেম্ব্ৰিজত উজ্জ্বলিল ভাৰতৰ নাম*


 *

আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ৬৬গৰাকী প্ৰতিযোগীৰ মাজত উত্তৰ-পূবৰ একমাত্ৰ প্ৰতিনিধি কৃতি ধানুকাৰ স্বৰ্ণ পদক অৰ্জন


W7s news,,গুৱাহাটী, ৫ অক্টোবৰ: ব্ৰিটেইনৰ কেম্ব্ৰিজত অসমৰ জীয়ৰী কৃতি ধানুকাই অসাধাৰণ সাফল্য অৰ্জন কৰি ভাৰত তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। গুৱাহাটীৰ কৃতি ধানুকাই সন্মানীয় CEFC International Olympiad Competition-ত স্বৰ্ণ পদক অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ মেধা আৰু প্ৰতিভাৰ উজ্জ্বল পৰিচয় দাঙি ধৰিছে। ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ ব্ৰিটেইনৰ কেম্ব্ৰিজস্থিত Selwyn College-ত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়।


কৃতি ধানুকা ডেৰাডুনৰ Welham Girls’ School-ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। তেওঁ গুৱাহাটীৰ বিশিষ্ট সমাজসেৱী ড° অশোক কুমাৰ ধানুকা আৰু কুসুম ধানুকাৰ নাতিনী, তথা ড° ঘনশ্যাম দাস ধানুকা আৰু স্বাতী ধানুকাৰ সুপুত্ৰী।

 আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুঠ ৬৬গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ইয়াৰে ভাৰতৰ ১৭গৰাকী শিক্ষাৰ্থী আছিল। প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা উত্তৰ-পূব ভাৰতৰ একমাত্ৰ প্ৰতিনিধি আছিল কৃতি ধানুকা। এনে পৰিপ্ৰেক্ষিতত তেওঁৰ স্বৰ্ণ পদক অৰ্জন অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক উল্লেখযোগ্য সাফল্য হিচাপে বিবেচিত হৈছে।


৬৬গৰাকী প্ৰতিযোগীৰ ভিতৰত মুঠ সাতগৰাকীয়ে স্বৰ্ণ পদক অৰ্জন কৰে। কৃতি ধানুকাও এই স্বৰ্ণজয়ীসকলৰ অন্যতম। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শন কৰা নিৰ্বাচিত শিক্ষাৰ্থীসকলৰ ভিতৰত স্থান লাভ কৰি কৃতিয়ে নিজৰ শৈক্ষিক উৎকৰ্ষতাৰ পৰিচয় দাঙি ধৰিছে।


Cambridge Economics and Finance Competition-ৰ অধীনত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনে শিক্ষাৰ্থীসকলক তেওঁলোকৰ শৈক্ষিক উৎকৰ্ষতা, বিশ্লেষণাত্মক দক্ষতা তথা অৰ্থনীতি আৰু বিত্ত বিষয়ৰ জ্ঞান প্ৰদৰ্শনৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান শিক্ষাৰ্থীৰ অংশগ্ৰহণে প্ৰতিযোগিতাখনক অধিক গুৰুত্বপূৰ্ণ কৰি তোলে।


কৃতি ধানুকাৰ এই অসাধাৰণ সাফল্যই গুৱাহাটী, অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ বৃদ্ধি কৰিছে। তেওঁৰ এই সফলতাই অঞ্চলটোৰ পৰা উত্থান ঘটা উৎকৃষ্ট শৈক্ষিক প্ৰতিভাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচয় প্ৰদান কৰাৰ লগতে বিশ্বৰ মঞ্চত অসমৰ নামো উজ্জ্বল কৰিছে। তেওঁৰ এই উল্লেখযোগ্য সাফল্যত পৰিয়ালবৰ্গ, শুভাকাংক্ষী আৰু গুৱাহাটীবাসীয়ে আনন্দ প্ৰকাশ কৰি কৃতিক অভিনন্দন জ্ঞাপন কৰিছে।


কৃতি ধানুকাৰ এই সফলতা গুৱাহাটী, অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। তেওঁৰ এই সাফল্য অঞ্চলটোৰ যুৱ শিক্ষাৰ্থীসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ উঠিছে আৰু শৈক্ষিক উৎকৰ্ষতা অৰ্জনৰ লগতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে তেওঁলোকক উৎসাহিত কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here