W7s news,,গুৱাহাটী, ৫ অক্টোবৰ, ২০২৬: কৰ্মজীৱনৰ পৰিসৰ বৃদ্ধি, সক্ৰিয় জীৱনশৈলী, পৰিয়াল পৰিকল্পনাৰ পৰিৱৰ্তিত ধাৰা আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ প্ৰতি বৰ্ধিত আগ্ৰহৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাত এক লক্ষণীয় পৰিৱৰ্তন দেখা দিছে। জীৱনৰ আৰম্ভণিৰ সময়ছোৱাত গ্ৰাহকসকলে স্বাস্থ্য বীমাৰ পৰা বিচৰা সুবিধা আৰু পৰৱৰ্তী বিভিন্ন পৰ্যায়ত প্ৰয়োজন হোৱা সুৰক্ষাৰ মাজত যথেষ্ট পাৰ্থক্য দেখা পোৱা যায়। ফলত কেৱল চিকিৎসালয়ত ভৰ্তি হোৱাৰ খৰচ বহন কৰা পৰম্পৰাগত ব্যৱস্থাৰ পৰিৱৰ্তে জীৱনৰ অগ্ৰগতি আৰু অগ্ৰাধিকাৰ অনুসৰি নিজকে খাপ খুৱাই ল’ব পৰা এক সৰ্বাংগীন স্বাস্থ্য সুৰক্ষাৰ দিশে ক্ৰমান্বয়ে ধাৱমান হৈছে দেশৰ গ্ৰাহক সমাজ।
লক্ষ্যণীয়ভাৱে, জীৱনশৈলী আৰু পাৰিবাৰিক স্থিতিৰ উত্তৰণৰ লগে লগে স্বাস্থ্যজনিত সংকটৰ প্ৰতিচ্ছবি আৰু গ্ৰাহকে বিচৰা নিৰাপত্তাৰ স্বৰূপ সলনি হৈ পৰে। কম বয়সীয়া এজন ব্যক্তিৰ ক্ষেত্ৰত শাৰীৰিক সুস্থতা আৰু সক্ৰিয় জীৱনশৈলীৰ সৈতে জড়িত দিশসমূহে স্বাস্থ্য সুৰক্ষাত প্ৰাধান্য পোৱাৰ বিপৰীতে পৰিয়াল গঠনৰ সময়ছোৱাত ভৰি দিয়া গ্ৰাহকৰ বাবে মাতৃত্বকালীন সাহায্য আৰু পৰিয়াল পৰিকল্পনাৰ সুৰক্ষাহে অধিক প্ৰাসংগিক হৈ পৰে। আনহাতে বয়স বৃদ্ধিৰ লগে লগে এই দৃষ্টি ক্ৰমান্বয়ে ধাৱমান হয় প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষা, জটিল ৰোগৰ সুৰক্ষা আৰু বিশেষজ্ঞ চিকিৎসকৰ বিশেষ চিকিৎসাৰ দিশে। স্বাস্থ্যজনিত প্ৰয়োজনীয়তাৰ এই বহুমাত্ৰিক ধাৰাই জীৱনৰ বিভিন্ন স্তৰত সুৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰিব পৰা আৰু সময়ৰ অগ্ৰগতিৰ সমান্তৰালভাৱে গ্ৰাহকৰ অগ্ৰাধিকাৰৰ সৈতে নিজকে খাপ খুৱাই ল’ব পৰা বীমা সমাধানৰ প্ৰাসংগিকতা অধিক বৃদ্ধি কৰিছে।
ঠিক এনে এক পটভূমিতেই আধুনিক গ্ৰাহকৰ সলনি হোৱা স্বাস্থ্য প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি এছবিআই জেনেৰেল ইঞ্চুৰেন্সে 'হেল্থ আলফা'ৰ জৰিয়তে একেখন আঁচনিৰ অধীনলৈ আনিছে এক পূৰ্ণাংগ স্বাস্থ্য সুৰক্ষাৰ ব্যৱস্থা। জীৱনৰ ভিন্ন পৰ্যায় আৰু ব্যক্তিভেদে সলনি হোৱা অগ্ৰাধিকাৰসমূহৰ সৈতে সুচাৰুৰূপে মিলি পৰাকৈ প্ৰস্তুত কৰা এই আঁচনিয়ে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰম্পৰাগত পৰিসৰ অতিক্ৰমি গ্ৰাহকক অধিক সৰ্বাংগীন স্বাস্থ্য সুৰক্ষা প্ৰদানৰ বাবে বহুতো বিস্তৃত সুবিধাক একেলগে সংযুক্ত কৰিছে।
হেল্থ আলফাৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ভিতৰত আছেঃ
* সহায়ক প্ৰজনন চিকিৎসা, মাতৃত্বকালীন সুবিধা আৰু নৱজাতকৰ বিশেষ শুশ্ৰূষা
* প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষা আৰু বিশেষজ্ঞৰ অনলাইন পৰামৰ্শ
* দুঃসাহসিক ক্ৰীড়া, জিম তথা ক্ৰীড়াজনিত আঘাতৰ সুৰক্ষা
* বিশ্বজুৰি চিকিৎসা সেৱাৰ সুবিধা আৰু জটিল ৰোগৰ বীমা
* বীমাৰ ধনৰ অসীমিত পুনৰ সংযোজন আৰু ১০ গুণ ক্ৰমবৰ্ধমান বোনাছ
* প্ৰয়োজন অনুসৰি নিৰ্বাচনযোগ্য স্বাস্থ্য সুৰক্ষা আৰু আগতীয়াকৈ পৰিকল্পনা কৰাৰ বিশেষ সুবিধা
গুৰুত্বপূৰ্ণ যে, গ্ৰাহকৰ প্ৰয়োজন অনুসৰি নিজকে বিকশিত কৰিব পৰা দক্ষতাৰ ওপৰতেই নিৰ্ভৰ কৰিব স্বাস্থ্য বীমা খণ্ডৰ ভৱিষ্যৎ। ভাৰতত এতিয়া ৰোগ প্ৰতিৰোধ, সুস্থ জীৱনধাৰা আৰু ব্যক্তিগত স্বাস্থ্যসেৱাই সৰ্বাধিক গুৰুত্ব লাভ কৰিছে। এনে সময়তে কেৱল আৰ্থিক ক্ষতিশংকাৰ সুৰক্ষাদাতা হৈ থকাৰ বিপৰীতে গ্ৰাহকৰ দীৰ্ঘম্যাদী স্বাস্থ্য সহযোগী হিচাপে নিজৰ ভূমিকাক নতুন ৰূপ দিয়াৰ সুযোগ লাভ কৰিছে বীমা কোম্পানীসমূহে। স্বাস্থ্যসেৱাৰ সলনি হোৱা বাস্তৱ ছবিখন আৰু অধিক স্বাস্থ্যসচেতন ভাৰতীয়ৰ আশা-আকাংক্ষাক স্পষ্টভাৱে তুলি ধৰা এনে গ্ৰাহককেন্দ্ৰিক সমাধানৰ মাধ্যমেৰে 'হেল্থ আলফা'ৰ জৰিয়তে এই লক্ষ্যক অধিক গতিশীল কৰি তুলিছে এছবিআই জেনেৰেল ইঞ্চুৰেন্সে।

No comments:
Post a Comment