১০ আৰু ১১ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে বৃহৎ আয়োজন
W7s news,,গুৱাহাটী, ৩ অক্টোবৰ, ২০২৬: ৰাজ্যৰ বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আত্মৰক্ষাৰ কৌশল আৰু সমৰকলাৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে। শিক্ষা প্ৰতিষ্ঠানখনৰ উদ্যোগত অহা ১০ অক্টোবৰ শনিবাৰ আৰু ১১ অক্টোবৰ দেওবাৰে অনুষ্ঠিত হ’ব চতুৰ্থ সংখ্যক সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো প্ৰতিযোগিতা ২০২৬। ৫ বছৰৰ পৰা ১৭ বছৰ বয়সৰ যুৱ খেলুৱৈসকলৰ বাবে মুকলি থকা এই দুদিনীয়া প্ৰতিযোগিতাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহৰ পৰা অহা প্ৰতিযোগীক বিভিন্ন বয়সৰ শাখাত নিজৰ দক্ষতা দাঙি ধৰিবলৈ একেখন মঞ্চতে একত্ৰিত কৰিব।
মডাৰ্ণ স্কুল অৱ লেংগুৱেজেছ, স্প’ৰ্টছ এণ্ড পাৰফৰ্মিং আৰ্টছৰ তত্বাৱধানত বিদ্যালয়খনৰ চৌহদতে হ’বলগীয়া এই প্ৰতিযোগিতাত সমগ্ৰ ৰাজ্যৰ ৩০০ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে। কিওৰুগী (স্পাৰিং) আৰু পুমছে (পেটাৰ্ণ) শাখাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন মূলতঃ চাৰিটা ভাগত বিভক্ত কৰা হৈছে- ৮ বছৰ অনুৰ্ধ (৫ৰ পৰা ৭ বছৰ), ছাব-জুনিয়ৰ (৮ৰ পৰা ১১ বছৰ), কেডেট (১২ৰ পৰা ১৪ বছৰ) আৰু জুনিয়ৰ (১৫ৰ পৰা ১৭ বছৰ)। আটাইকেইটা শাখাতে ল’ৰা আৰু ছোৱালী উভয়ে অৱতীৰ্ণ হ’ব পাৰিব। প্ৰতিটো ভাগতে বিজয়ীসকলক আনুষ্ঠানিক প্ৰমাণ-পত্ৰৰ লগতে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদকেৰে সন্মানিত কৰা হ’ব।
প্ৰতিযোগিতাখনৰ তাৎপৰ্য আৰু ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ সন্দৰ্ভত মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে কয়, “টাইকোৱাণ্ডো হ’ল বহু শতিকাৰ প্ৰাচীন ইতিহাস বিজড়িত এক যুদ্ধমুখী সমৰকলা ক্ৰীড়া। ই শিক্ষাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধি কৰাৰ উপৰিও তেওঁলোকৰ সামগ্ৰিক বিকাশতো বিশেষ অৰিহণা যোগায়। টাইকোৱাণ্ডোৰ জনপ্ৰিয় শৈলীসমূহৰ বাবে কঠোৰ প্ৰশিক্ষণ আৰু গভীৰ মনোযোগৰ প্ৰয়োজন হয়; যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মন আৰু শৰীৰৰ মাজত ভাৰসাম্য ৰাখি দেহৰ অংগ সঞ্চালন তথা প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।”
শিক্ষাৰ্থীসকলৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰি অধ্যক্ষা দাসে পুনৰ কয়, “টাইকোৱাণ্ডোৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ এনে আগ্ৰহ আৰু সক্ৰিয় অংশগ্ৰহণ দেখি আমি অত্যন্ত উৎসাহিত হৈছোঁ। এনে প্ৰতিযোগিতাই শিক্ষাৰ্থীসকলক আত্মৰক্ষাৰ বিভিন্ন কৌশল আয়ত্ত কৰিবলৈ অনুপ্ৰাণিত কৰে। টাইকোৱাণ্ডোত পাৰদৰ্শিতাৰ ভিন্ন স্তৰত উপনীত হ’বলৈ কঠোৰ অনুশীলন, একাগ্ৰতা আৰু নিষ্ঠাৰ প্ৰয়োজন; যিয়ে কিশোৰ মনত শক্তি আৰু আত্মবিশ্বাস গঢ়ি তোলে। বিশেষকৈ যিকোনো ধৰণৰ আক্ৰমণ বা অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা নিজকে বচাই ৰাখিবলৈ বিদ্যালয়ৰ ছাত্ৰীসকলে মানসিক আৰু শাৰীৰিক আত্মৰক্ষাৰ কৌশল আয়ত্ত কৰাটো নিতান্তই প্ৰয়োজনীয়।”
উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়াসুলভ মনোভাৱ আৰু নেতৃত্বৰ গুণাৱলী গঢ়ি তুলিবলৈ খেল-ধেমালিক সদায় নিজৰ মূল পাঠ্যক্ৰমৰ এক অপৰিহাৰ্য অংগ হিচাপে গণ্য কৰি আহিছে মডাৰ্ণ ইংলিছ স্কুলে
No comments:
Post a Comment