উদ্বোধনৰ কেইমাহমানৰ ভিতৰতে জয়পুৰ শ্ব’ৰুমলৈ লাভ কৰিলে সন্মানীয় ৰাষ্ট্ৰীয় স্বীকৃতি
W7s news,গুৱাহাটী, ২ অক্টোবৰ: অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় আভূষণ প্ৰতিষ্ঠান এল. গোপাল জুৱেলাৰ্ছ প্ৰা. লি.-ৰ জয়পুৰস্থিত নতুন শ্ব’ৰুমে সন্মানীয় ‘ইণ্ডিয়াজ কুলেষ্ট ষ্ট’ৰ এৱাৰ্ড-২০২৬’ লাভ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত এল. গোপাল জুৱেলাৰ্ছ প্ৰা. লি.-ৰ মুৰব্বী জগমোহন ছোনী (জগ্গু)য়ে অভিনেতা জিম ছাৰভৰ হাতৰ পৰা এই সন্মান গ্ৰহণ কৰে।
‘ইণ্ডিয়ান জুৱেলাৰ’ৰ উদ্যোগত প্ৰদান কৰা এই সন্মান জয়পুৰৰ নতুন শ্ব’ৰুমটোৰ আকৰ্ষণীয় নক্সা, সুন্দৰ উপস্থাপন, পৰম্পৰাগত কাৰিকৰী দক্ষতা আৰু গ্ৰাহকক এক বিশেষ অভিজ্ঞতা প্ৰদানৰ অভিনৱ ধাৰণাৰ স্বীকৃতি হিচাপে আগবঢ়োৱা হৈছে। উদ্বোধনৰ মাত্ৰ কেইমাহমানৰ ভিতৰতে এই সন্মান লাভ কৰাটো এল. গোপাল জুৱেলাৰ্ছ প্ৰা. লি.-ৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব হিচাপে বিবেচিত হৈছে।
জয়পুৰৰ নতুন শ্ব’ৰুমটোৱে আধুনিক উপস্থাপনৰ সৈতে পৰম্পৰাগত আভূষণ নিৰ্মাণৰ সমৃদ্ধ কাৰিকৰী পৰম্পৰাৰ সুন্দৰ সমন্বয় দাঙি ধৰিছে। উৎকৃষ্ট কাৰিকৰী দক্ষতা, নান্দনিক নক্সা আৰু গুণগত মানৰ সমন্বয়ত স্বকীয় আৰু আকৰ্ষণীয় আভূষণ গ্ৰাহকৰ সন্মুখত উপস্থাপন কৰাই প্ৰতিষ্ঠানটোৰ অন্যতম লক্ষ্য।
উল্লেখ্য যে গুৱাহাটীৰ ক্ৰিষ্টিয়ান বস্তিস্থিত এল. গোপাল জুৱেলাৰ্ছ প্ৰা. লি.-য়ে বিগত কেইবা দশক ধৰি গুণগত মান, বিশ্বাসযোগ্যতা আৰু উৎকৃষ্ট গ্ৰাহক সেৱাৰ জৰিয়তে এক সুনাম অৰ্জন কৰি আহিছে। গ্ৰাহকৰ আস্থা আৰু বিশ্বাস অটুট ৰাখি প্ৰতিষ্ঠানটোৱে আভূষণ ব্যৱসায়ত নিজৰ এক স্বকীয় পৰিচয় গঢ়ি তুলিছে। জয়পুৰৰ নতুন শ্ব’ৰুমটোৱে লাভ কৰা এই সন্মানে এল. গোপাল জুৱেলাৰ্ছৰ দীৰ্ঘদিনীয়া ঐতিহ্য আৰু উৎকৃষ্টতাক ৰাষ্ট্ৰীয় পৰ্যায়ত নতুন স্বীকৃতি প্ৰদান কৰিছে।
আনহাতে, ক্ৰিষ্টিয়ান বস্তিস্থিত এল. গোপাল জুৱেলাৰ্ছ প্ৰা. লি.-ৰ উপৰি গুৱাহাটীৰ জি এছ ৰোডত ‘ছিলভৰিয়াম’ নামৰ আন এটা শ্ব’ৰুমো প্ৰতিষ্ঠানটোৱে পৰিচালনা কৰি আহিছে।

No comments:
Post a Comment