গড্ৰেচ প্ৰফেচনেলে গুৱাহাটীত মুকলি কৰিলে মেজেষ্টে সংগ্ৰহ; অসমৰ চেলুন পেছাদাৰী আৰু হেয়াৰ ষ্টাইলিষ্টসকলৰ দক্ষতা বৃদ্ধিৰ বাবে অনন্য পদক্ষেপ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 10 September 2026

গড্ৰেচ প্ৰফেচনেলে গুৱাহাটীত মুকলি কৰিলে মেজেষ্টে সংগ্ৰহ; অসমৰ চেলুন পেছাদাৰী আৰু হেয়াৰ ষ্টাইলিষ্টসকলৰ দক্ষতা বৃদ্ধিৰ বাবে অনন্য পদক্ষেপ

 


W7s news গুৱাহাটী: গড্ৰেচ কনজিউমাৰ প্ৰডাক্টচ লিমিটেড(জিচিপিপিএল)ৰ চুলিৰ যত্ন, ৰং, ষ্টাইল আৰু ট্ৰিটমেণ্টৰ সামগ্ৰীৰে সমৃদ্ধ এক আগশাৰীৰ প্ৰফেচনেল হেয়াৰ ব্ৰেণ্ড গড্ৰেচ প্ৰফেচনেল-এ গুৱাহাটীৰ এক আকৰ্ষণীয় অনুষ্ঠানত নিজৰ শেহতীয়া হেয়াৰ কালাৰ সংগ্ৰহ মেজেষ্টে মুকলি কৰিছে। ডাইমেনচন প্ৰযুক্তিৰে চালিত এই সংগ্ৰহ ৰাজকীয় ঐতিহ্যৰ সমৃদ্ধি আৰু বহুমূলীয়া ৰত্নৰ উজ্জ্বলতাৰ দ্বাৰা অনুপ্ৰাণিত। এই ব্যৱস্থাই চহৰখনৰ ষ্টাইলিষ্টসকলক এক উন্নত শৈল্পিক মঞ্চ প্ৰদান কৰিব।

গড্ৰেচ প্ৰফেচনেলে অসমৰ চেলুন শিক্ষা ব্যৱস্থাক শক্তিশালী কৰা আৰু গ্ৰাহকৰ বাবে নতুন কালাৰ ট্ৰেণ্ডসমূহ বাস্তৱায়িত কৰাৰ উদ্দেশ্যে এই দক্ষতা বৃদ্ধিৰ উদ্যোগ গ্ৰহণ কৰিছে। এই প্ৰদৰ্শনীত ৰাজ্যখনৰ ১৫০তকৈও অধিক হেয়াৰ ষ্টাইলিষ্ট, চেলুন পেছাদাৰী আৰু চেলুন স্বত্বাধিকাৰী একত্ৰিত হৈছিল। গড্ৰেচ প্ৰফেচনেলৰ ৰাষ্ট্ৰীয় কাৰিকৰী মুৰব্বী শৈলেশ মূলিয়াই এই প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰে। ইয়াত আধুনিক ৰং প্ৰদৰ্শনেৰে কৌশল বিকাশৰ দিশসমূহ সামৰি লোৱা হয়, ইয়াত মেজেষ্টে সংগ্ৰহৰ আকৰ্ষণীয় ৰূপসমূহ একত্ৰিত কৰি এক আকৰ্ষণীয় হাই-ফেশ্বন ৰেম্প শ্ব’ প্ৰদৰ্শন কৰা হয়।

মেজেষ্টে হৈছে গড্ৰেচ প্ৰফেচনেলৰ কোনো ধৰণৰ এমনিয়া নথকা হেয়াৰ কালাৰ ৰেঞ্জ। ৰাজকীয়, ভব্য, শক্তিশালী আৰু মাৰ্জিত ধাৰণাৰে প্ৰস্তুত এই সংগ্ৰহ ৩টা বিশেষ শ্বেডত উপলব্ধ হৈছে। ফ্লৰেঞ্চ গ'ল্ড হৈছেএটা ব্ৰাউন গল্ড ট'ন, যিয়ে এক শান্ত মাৰ্জিত ভাব আৰু উজ্জ্বল প্ৰতিফলনৰ সৈতে প্ৰাকৃতিকভাৱে এক বিলাসী ৰূপ প্ৰদান কৰে। ৰোমান এম্বাৰ হৈছে এক কপাৰ ব্ৰাউন শ্বেড, যিয়ে প্ৰাচীন সাম্ৰাজ্যৰ শক্তি আৰু আধুনিক বিলাসিতাৰ সংযোগ ঘটাই ব্ৰঞ্জ আৰু ডীপ বাৰ্নিছড ব্ৰাউন ৰঙৰ মিশ্ৰণ দাঙি ধৰে। পেৰিচিয়ান ৰ'জ হৈছে ৰেডিছ ব্ৰাউড শ্বেড, য'ত গাঢ় গাৰ্নেট ট'ন, ৱাইনৰ ৰং আৰু উজ্জ্বল 'ক্ৰিমচন' প্ৰতিফলন দাঙি ধৰা হৈছে। ই চহৰৰ নৈশ পোহৰ আৰু হাই-ফেশ্বন গ্লেমাৰক প্ৰতিফলিত কৰে। 


গড্ৰেচ প্ৰফেচনেলৰ ৰাষ্ট্ৰীয় কাৰিকৰী মুৰব্বী শৈলেশ মূলিয়াই কয়, ‘’মেজেষ্টে হৈছে হেয়াৰ কালাৰৰ এক চিৰসেউজ আৰু অত্যাধুনিক প্ৰকাশ। ফ্লৰেঞ্চ গ'ল্ড, ৰোমান এম্বাৰ আৰু পেৰিচিয়ান ৰ'জৰ জৰিয়তে আমি বহুমূলীয়া ৰত্নৰ দ্বাৰা অনুপ্ৰাণিত ৩টা স্বকীয় ৰঙৰ কাহিনীৰ প্ৰয়াস কৰিছোঁ। গোলকীয় সৌন্দৰ্য চৰ্চা এতিয়া অধিক ব্যক্তিগত আৰু প্ৰকাশভংগী ৰঙৰ পিনে গতি কৰিছে, আৰু আমি ভাৰতৰ চেলুন সমাজক এই ৰূপান্তৰৰ নেতৃত্ব দিব পৰাকৈ সক্ষম কৰি তুলিব বিচাৰোঁ।"


এই সংগ্ৰহৰ জৰিয়তে গড্ৰেজ প্ৰফেচনেলে ৰঙৰ উদ্ভাৱন, বিশ্বব্যাপী ধাৰা আৰু কাৰিকৰী শিক্ষাৰ সংমিশ্ৰণেৰে পেছাদাৰী চুলিৰ পৰিৱেশ তন্ত্ৰৰ প্ৰতি নিজৰ দায়বদ্ধতা শক্তিশালী কৰি আহিছে, একে সময়তে চেলুন পেছাদাৰীসকলক তেওঁলোকৰ ক্লায়েণ্টৰ বাবে বিকশিত ধাৰাসমূহক ব্যক্তিগতকৃত অভিজ্ঞতালৈ অনুবাদ কৰিবলৈ শক্তিশালী কৰি তুলিছে।


মেজেষ্টে সংগ্ৰহ  বৰ্তমান অসমৰ সকলো আগশাৰীৰ চেলুনত উপলব্ধ।


গড্ৰেচ কনজিউমাৰ প্ৰডাক্টচৰ বিষয়ে

গড্ৰেচ কনজিউমাৰ প্ৰডাক্টছ হৈছে এক আগশাৰীৰ উদীয়মান বজাৰ প্ৰতিষ্ঠান, যি উদীয়মান বজাৰত গ্ৰাহকসকলৰ বাবে স্বাস্থ্য আৰু সৌন্দৰ্যৰ সুবাস কঢ়িয়াই অনাৰ উদ্দেশ্যৰে চালিত হৈ আহিছে। গড্ৰেচ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ অংশ হিচাপে আমি সৌভাগ্যৱান যে, আমি ১২৫ বছৰতকৈও অধিক সময়ৰ গৌৰৱান্বিত উত্তৰাধিকাৰী লাভ কৰিছো, যি আনৰ প্ৰতি বিশ্বাস, সততা আৰু সন্মানৰ শক্তিশালী মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। একে সময়তে আমি দ্ৰুতগতিত বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ আকৰ্ষণীয়, উচ্চাকাংক্ষী আকাংক্ষা আছে। 

আজি আমি বিশ্বব্যাপী ১.২ বিলিয়ন গ্ৰাহকৰ কাষ চাপিবলৈ সক্ষম হৈছোঁ। আমি উদীয়মান বজাৰত সৰ্ববৃহৎ ঘৰুৱা কীটনাশক আৰু চুলিৰ যত্ন লোৱা প্ৰতিষ্ঠানসমূৰ ভিতৰত স্থান পাইছোঁ। ঘৰুৱা কীটনাশকৰ ক্ষেত্ৰত আমি ভাৰতত আগশাৰীৰ প্ৰতিষ্ঠান, ইণ্ডোনেছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ প্ৰতিষ্ঠান আৰু আফ্ৰিকাত আমাৰ পদচিহ্ন সম্প্ৰসাৰণ অব্যাহত ৰাখিছোঁ। আমি আফ্ৰিকান বংশৰ মহিলাসকলৰ চুলিৰ যত্নৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত আগশাৰীৰ, ভাৰত আৰু উপ-চাহাৰা আফ্ৰিকাৰ চুলিৰ ৰঙৰ ক্ষেত্ৰত এক নম্বৰ প্ৰতিষ্ঠান আৰু লেটিন আমেৰিকাৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম। ভাৰতত চাবোনৰ ক্ষেত্ৰত আমি দ্বিতীয় স্থানত আছোঁ আৰু ইণ্ডোনেছিয়াত এয়াৰ ফ্ৰেশ্বনাৰ আৰু ৱেট টিছুৰ ক্ষেত্ৰত এক নম্বৰ প্ৰতিষ্ঠান।

কিন্তু আমাৰ বাবে আমাৰ দৃঢ় বিত্তীয় প্ৰদৰ্শন আৰু আমাৰ অভিনৱ আৰু অতি প্ৰিয় সামগ্ৰীসমূহৰ লগতে আমি এক ভাল কোম্পানী হৈ থকাটো সমানে অতি গুৰুত্বপূৰ্ণ। গড্ৰেচ গুড এণ্ড গ্ৰীনৰ জৰিয়তে আমি ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য আৰু স্থানীয় সম্প্ৰদায়ৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি অধিক অন্তৰ্ভুক্ত আৰু সেউজ গ্ৰহ সৃষ্টিত অৱদান যোগাই আহিছোঁ। গড্ৰেজ ডিইআই (বৈচিত্ৰ্য, ইকুইটি, অন্তৰ্ভুক্তি) লেবত আমি অন্তৰ্ভুক্তিক প্ৰসাৰৰ কাম কৰি আহিছোঁ, সমগ্ৰ কৰ্পৰেট ভাৰতত ডি ই আই পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাত সহায় কৰোঁ আৰু ডিইআইৰ সৈতে জড়িত ধাৰণা আৰু উদ্ভাৱনক মূলসুঁতিলৈ অনাৰ লক্ষ্য ৰাখোঁ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here