“
বিশেষজ্ঞৰ গুৰুত্ব আৰোপ—সঠিক পৰিকল্পনা, নিয়ম মানি চলা, আগতীয়া প্ৰস্তুতি আৰু সহজে ব্যৱহাৰযোগ্য জৰুৰী বাহিৰপথৰ ওপৰত
W7s news,,গুৱাহাটী, ১০ ছেপ্টেম্বৰ: দ্য বিল্ডাৰ্ছ এছ’চিয়েচন অৱ ইণ্ডিয়া (বি এ আই), গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত “অগ্নি সুৰক্ষা—প্ৰতিৰোধ, সুৰক্ষা আৰু প্ৰস্তুতি” বিষয়ক এক বিশেষ সজাগতামূলক আলোচনা সভা খানাপাৰাস্থিত হোটেল ভিভাণ্টাত অনুষ্ঠিত হয়। অট্টালিকা আৰু বিভিন্ন প্ৰতিষ্ঠানত অগ্নি সুৰক্ষাৰ সজাগতা, জৰুৰীকালীন প্ৰস্তুতি আৰু আপৎকালীন পৰিস্থিতিৰ মোকাবিলা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই আলোচনা সভাৰ আয়োজন কৰা হয়।
ভি মাৰ্ক ইণ্ডিয়া লিমিটেডৰ সহযোগত অনুষ্ঠিত সভাখনত বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধি, নিৰ্মাণ খণ্ডৰ পেছাদাৰী ব্যক্তি আৰু নিৰ্মাণ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে অংশগ্ৰহণ কৰে। সভাত অগ্নিকাণ্ড প্ৰতিৰোধ, অট্টালিকাৰ সুৰক্ষা, জৰুৰীকালীন প্ৰস্তুতি আৰু নিৰ্মাণৰ ক্ষেত্ৰত সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।
অসমৰ অগ্নি আৰু জৰুৰীকালীন সেৱাৰ প্ৰাক্তন বিশেষ আৰক্ষী সঞ্চালক প্ৰধান তথা সঞ্চালক মুকেশ আগৰৱালা, আই পি এছ (অৱসৰপ্ৰাপ্ত)য়ে অগ্নিকাণ্ড প্ৰতিৰোধ, জৰুৰীকালীন পৰিস্থিতিত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ আৰু জীৱন তথা সম্পত্তিৰ সুৰক্ষাৰ বাবে আগতীয়াকৈ প্ৰস্তুত থকাৰ গুৰুত্ব সন্দৰ্ভত বক্তব্য আগবঢ়ায়। এছ আই ই চি পি এলৰ মুখ্য কাৰ্যবাহী বিষয়া শান্তনু মুখোপাধ্যায় আৰু আই জি বি চি, উত্তৰ-পূব শাখাৰ অধ্যক্ষ অভিযন্তা জে. এন. খাটানিয়াৰেও অট্টালিকাৰ সুৰক্ষা, সুৰক্ষা মানদণ্ড আৰু দায়িত্বশীল নিৰ্মাণ পদ্ধতি সন্দৰ্ভত নিজৰ মতামত আগবঢ়ায়।
বি এ আই গুৱাহাটী কেন্দ্ৰৰ অধ্যক্ষ ৰূপেশ খাখোলিয়াই নিৰ্মাণ খণ্ডৰ সৈতে জড়িত সকলোৰে বাবে সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে অট্টালিকা নিৰ্মাণৰ সময়ত সুৰক্ষা আৰু নিৰাপত্তাৰ দিশটো সৰ্বাধিক গুৰুত্ব দি পৰিকল্পনা কৰিব লাগে। বিশেষকৈ জৰুৰীকালীন পৰিস্থিতিত মানুহে সহজে ব্যৱহাৰ কৰিব পৰা জৰুৰী বাহিৰপথ আৰু উদ্ধাৰ পথ সঠিকভাৱে পৰিকল্পনা কৰা অতি প্ৰয়োজনীয়।
বি এ আই গুৱাহাটী কেন্দ্ৰৰ সম্পাদক পংকজ কুমাৰ আগৰৱালাই কয় যে নিৰ্মাণ খণ্ডৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহত সজাগতা আৰু জ্ঞান বৃদ্ধি কৰাৰ উদ্দেশ্যে বি এ আয়ে নিয়মীয়াকৈ আলোচনা সভা আৰু জ্ঞান বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। তেওঁ কয়, “ইয়াৰ পূৰ্বে ভূমিকম্পৰ সময়ত সুৰক্ষা, সেউজীয়া অট্টালিকা নিৰ্মাণ আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা সভা অনুষ্ঠিত কৰা হৈছে। সদস্য আৰু সংশ্লিষ্ট সকলোৰে মাজত সজাগতা, জ্ঞান আৰু উত্তম পদ্ধতি গ্ৰহণৰ প্ৰৱণতা বৃদ্ধি কৰাৰ বাবে ভৱিষ্যতেও নিয়মীয়াকৈ এনে কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হ’ব।”
ৰূপেশ খাখোলিয়াই লগতে কয় যে অগ্নি সুৰক্ষা কেৱল অগ্নিনিৰ্বাপক সঁজুলি স্থাপনতে সীমাবদ্ধ নহয়। ইয়াৰ বাবে সঠিক পৰিকল্পনা, নিৰ্ধাৰিত নিয়ম-নীতি মানি চলা, আগতীয়া প্ৰস্তুতি, নিয়মীয়া সজাগতা আৰু ফলপ্ৰসূ জৰুৰী বাহিৰপথৰ ব্যৱস্থা অতি জৰুৰী। এই বাৰ্তাৰ সৈতে আলোচনা সভাৰ সামৰণি পৰে।
আলোচনা সভাখন সফলভাৱে অনুষ্ঠিত কৰাত বি এ আই গুৱাহাটী কেন্দ্ৰৰ অধ্যক্ষ ৰূপেশ খাখোলিয়া, সম্পাদক পংকজ কুমাৰ আগৰৱালা আৰু কোষাধ্যক্ষ শৰদ ভাজাঙ্কাৰ লগতে কেন্দ্ৰটোৰ অন্যান্য সদস্যসকলে সক্ৰিয় ভূমিকা পালন কৰে।

No comments:
Post a Comment