অসমৰ বানপীড়িত পৰিয়ালসমূহলৈ সাহায্য আৰু পুনৰুদ্ধাৰৰ হাত আগবঢ়াইছে এছবিআই জেনেৰেল ইঞ্চুৰেন্সে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 16 September 2026

অসমৰ বানপীড়িত পৰিয়ালসমূহলৈ সাহায্য আৰু পুনৰুদ্ধাৰৰ হাত আগবঢ়াইছে এছবিআই জেনেৰেল ইঞ্চুৰেন্সে


 

দ্য অক্ষয় পাত্ৰ ফাউণ্ডেচন আৰু আয়াং ট্ৰাষ্টৰ সহযোগত গ্ৰহণ কৰা এই পদক্ষেপে বানপ্ৰভাৱিত পৰিয়ালসমূহক গৰম আহাৰ আৰু অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী যোগান ধৰিব 

W7s news,,যোৰহাট, ১৬ ছেপ্টেম্বৰ ২০২৬: দেশৰ অন্যতম আগশাৰীৰ সাধাৰণ বীমা কোম্পানী এছবিআই জেনেৰেল ইঞ্চুৰেন্সে সমগ্ৰ অসমৰ বানপীড়িত জনসাধাৰণৰ বাবে এক বিশেষ সাহায্য আৰু পুনৰুদ্ধাৰ কাৰ্যসূচী হাতত লৈছে। ইয়াৰ জৰিয়তে জৰুৰী খাদ্য সাহায্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হ’ব। দ্য অক্ষয় পাত্ৰ ফাউণ্ডেচন আৰু আয়াং ট্ৰাষ্টৰ সৈতে লগ লাগি গ্ৰহণ কৰা এই পদক্ষেপে বানপ্ৰভাৱিত পৰিয়ালসমূহৰ লগতে বিশেষভাৱে জ্যেষ্ঠ নাগৰিক, মহিলা, শিশু, কৃষক আৰু দিনহাজিৰা কৰা লোকসকলক বানপানীত ক্ষতিগ্ৰস্ত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থাত সহায় কৰিব আৰু পুনৰুদ্ধাৰত সমৰ্থন আগবঢ়াব।

এই পদক্ষেপৰ অংশ হিচাপে দ্য অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ জৰিয়তে যোৰহাট জিলাত সতেজ, স্বাস্থ্যকৰ আৰু পুষ্টিকৰ গৰম আহাৰ বিতৰণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰচেষ্টাৰ দ্বাৰা এছবিআই জেনেৰেল ইঞ্চুৰেন্সে বানপীড়িত পৰিয়ালসমূহৰ ক্ষুধা নিবাৰণ কৰা আৰু অত্যাৱশ্যকীয় পুষ্টি লাভ কৰাটো নিশ্চিত কৰাৰ লক্ষ্য লৈছে।

ইয়াৰ সমান্তৰালভাৱে আয়াং ট্ৰাষ্টৰ সহযোগত কোম্পানীটোৱে যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ১,০০০ বানপীড়িত পৰিয়ালক অত্যাৱশ্যকীয় সাহায্য সামগ্ৰীৰ ৰিলিফ কিট বিতৰণত সহায় কৰিছে। সংশ্লিষ্ট জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰাখি প্ৰস্তুত কৰা এই কিটসমূহত বিছনা চাদৰ, কম্বল, মগৰ লগতে প্লাষ্টিকৰ বাল্টি, চেনিটেৰী পেড আৰু প্ৰয়োজনীয় বাচন-বৰ্তন অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে ঘৰুৱা প্ৰয়োজন, অনাময় আৰু আশ্ৰয়ৰ তাৎক্ষণিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব। এই সামগ্ৰী যোগানে যোৰহাটৰ ৩০০টা পৰিয়াল, শিৱসাগৰৰ ৪০০টা আৰু চৰাইদেউৰ ৩০০টা পৰিয়ালক সামৰি ল’ব, যাৰ দ্বাৰা প্ৰায় ৪,০০০ লোক উপকৃত হ’ব।

এছবিআই জেনেৰেল ইঞ্চুৰেন্সৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া নবীন চন্দ্ৰ ঝাই এই পদক্ষেপৰ বিষয়ে সদৰি কৰি কয় যে, “যেতিয়া কোনো নিৰ্দিষ্ট অঞ্চলৰ সৰ্বসাধাৰণ লোকে প্ৰাকৃতিক দুৰ্যোগৰ ভয়াৱহ পৰিণামৰ সন্মুখীন হয়, তেতিয়া অসহায় বা বিপদগ্ৰস্তৰ কাষত থিয় দিয়াটো কেৱল সাহায্য প্ৰদান কৰাই নহয়, বৰঞ্চ মানুহক আটাইতকৈ বেছি সহায়ৰ প্ৰয়োজন হোৱা সময়ত সেইসকল লোকৰ সৈতে উপস্থিত থকাটোহে বুজায়। আমি এছবিআই জেনেৰেলে বিশ্বাস কৰোঁ যে এনে কঠিন সময়ত আমাৰ চৌপাশৰ লোকসকলৰ কাষত থিয় দিয়া আৰু সহায়ৰ প্ৰয়োজন হোৱা সকললৈ অৰ্থপূৰ্ণ সহযোগিতা আগবঢ়োৱাটো আমাৰ দায়িত্ব। দ্য অক্ষয় পাত্ৰ ফাউণ্ডেচন আৰু আয়াং ট্ৰাষ্টৰ সৈতে কৰা সহযোগিতাৰ জৰিয়তে আমি প্ৰভাৱিত পৰিয়ালসমূহক অত্যাৱশ্যকীয় খাদ্য আৰু সামগ্ৰী লাভ কৰাত সহায় কৰিব বিচাৰো, যাতে বানাক্ৰান্তই জীৱনটো নতুনকৈ গঢ়ি তুলিবলৈ আৰম্ভ কৰোঁতে যাতে অকলশৰীয়া অনুভৱ নকৰে।”

এছবিআই জেনেৰেল ইঞ্চুৰেন্সৰ মাৰ্কেটিং আৰু চিএছআৰ বিভাগৰ মুৰব্বী ৰথীন লাহিড়ীয়ে কয় যে, “সংকটৰ সময়ত সমাজ এখনৰ শক্তি আটাইতকৈ অসুৰক্ষিত লোকসকলৰ বাবে আমি কেনেকৈ একেলগে আগবাঢ়ি আহোঁ বা পদক্ষেপ লওঁ তাৰ ভিত্তিতে প্ৰতিফলিত হয়। বানপীড়িত পৰিয়ালসমূহৰ বাবে প্ৰাৰম্ভিক প্ৰয়োজনীয়তা প্ৰায়ে অতি বুনিয়াদী বস্তুসমূহৰ বাবে হয়— যেনে গৰম আহাৰ, পৰিষ্কাৰ কাপোৰ, অত্যাৱশ্যকীয় সামগ্ৰী আৰু অনাগত দিনকেইটা পাৰ কৰিবলৈ এক নিৰাপদ উপায়। আমি বিশ্বাস কৰোঁ যে জৰুৰীকালীন প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সময়োপযোগী আৰু অৰ্থপূৰ্ণ সহায় আগবঢ়োৱাটো আমাৰ কৰ্তব্য আৰু প্ৰভাৱিত পৰিয়ালসমূহক এই প্ৰত্যাহ্বানমূলক সময়ছোৱা পাৰ হৈ পুনৰুদ্ধাৰৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰিবলৈ আমাৰ অংশখিনিক গুৰুত্ব দিয়াটো আমাৰ দায়িত্ব।”

এই পদক্ষেপে অসমৰ নিৰ্ধাৰিত স্থানসমূহৰ বানপীড়িত পৰিয়ালসমূহক সহায় কৰিবলৈ জৰুৰী খাদ্য সাহায্য আৰু অত্যাৱশ্যকীয় সাহায্য সামগ্ৰীক একেলগ কৰিছে। অভিজ্ঞ ৰূপায়ণকাৰী অংশীদাৰসকলৰ সৈতে সহযোগিতাৰ জৰিয়তে এছবিআই জেনেৰেল ইঞ্চুৰেন্সে নিশ্চিত কৰিব বিচাৰে যাতে দৈনিক জীৱন ব্যাহত হোৱা আৰু বুনিয়াদী প্ৰয়োজনীয়তাসমূহৰ পৰা বঞ্চিত হোৱা লোকসকলৰ ওচৰলৈ এই সাহায্য সঠিকভাৱে লাভ কৰে।




বানাক্ৰান্ত গ্ৰাহকৰ বাবে ক্লেইমছ সাহায্য

অসমত ক্লেইম সহায়ৰ প্ৰয়োজন হোৱা গ্ৰাহকৰ বাবে:

মটৰ ক্লেইমছ 

প্ৰিতম দে’ 

যোগাযোগ নং.: 7002653893

ই-মেইল: Pritam.dey@sbigeneral.in

সম্পদৰ ক্লেইমছ

 ৰাজীৱ সাহা

যোগাযোগ নং.: 9073946049

ই-মেইল: Rajib.Saha@sbigeneral.in

ৱেবচাইট: www.sbigeneral.in

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here