দক্ষিণ কোৰিয়াত অসম জীয়ৰীৰ গৱেষক বিজ্ঞানী হিচাবে স্বীকৃতি লাভ ডা:সুদৰ্শিনী নাথৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 16 September 2026

দক্ষিণ কোৰিয়াত অসম জীয়ৰীৰ গৱেষক বিজ্ঞানী হিচাবে স্বীকৃতি লাভ ডা:সুদৰ্শিনী নাথৰ

 




W7s news গুৱাহাটী: গুৱাহাটী দক্ষিণ কোৰিয়াত অসম জীয়ৰীৰ গৱেষক বিজ্ঞানী হিচাবে স্বীকৃতি লাভ কৰিছে

-প্ৰাক্তন বেংক কৰ্মী গুৰু প্ৰসাদ নাথ আৰু জ্যেষ্ঠ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথৰ কনিষ্ঠ কণ্যা ডা:সুদৰ্শিনী নাথে। তেওঁ দক্ষিণ কোৰিয়াত সফলতাৰে পি এইচ ডি লাভ কৰে। তেওঁৰ গৱেষণাৰ বিষয় আছিল--"Devolopment and Characterization of  photocrosslinkable three dimensional hydrogel based bioprinted platforms for dental tissue engineering applications""--দক্ষিণ কোৰিয়াৰ হালিম বিশ্ববিদ্যালয়ত(Hallym university)১৯ আগষ্টত২০২৬ বৰ্ষৰ এক গাম্ভীৰ্যপূৰ্ণ পৰিবেষত তেওঁক সন্মানপূৰ্বক  ভাৱে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। উল্লেখ‍্য‍, তেওঁ মলিকুলাৰ মেডিচিন(Major in Moleculer Medicine)বিষয়ত  এই উচ্চ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। ২০২৩চনৰ ২২ফেব্ৰুৱাৰীত এই একেখন বিশ্ব বিদ্যালয়ৰ পৰা তেওঁ এম এছ(Major in bio medical Science)ডিগ্ৰী লাভ ক ৰে।  এম এছ ডিগ্ৰীৰ বিষয় আছিল""Study on the effect of Tuberosim on osteoblasts'',ডা:সুদৰ্শিনী নাথ এগৰাকী দন্ত চিকিৎসক হিচাবে অসমত অৱদান আগবঢ়াই,২০২১ বৰ্ষত। তেওঁ

 বিশ্বৰ কভিড আক্ৰান্ত পৰিবেশত  দক্ষিণ কোৰিয়াৰ  পৰা বিশেষ জলপানি লৈ উচ শিক্ষাৰ বাবে ৰাওনা হৈছিল। ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এই বিষয়ত গৱেষক বিজ্ঞানী হিচাবে স্বীকৃতি লাভ কৰা ডা:সুদৰ্শিনী নাথ প্ৰথম গৱেষক। ডা:সুদৰ্শিনী নাথৰ এই গুৰুত্ত্বপূৰ্ণ সফলতাই সমগ্ৰ অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ এই সফলতাত দক্ষিণ কোৰিয়াৰ আৰু অসমবাসীৰ গুণমুগ্ধসকলে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here