কিতাপৰ জ্ঞানে মানুহৰ মনত স্থায়ী ৰেখাপাত কৰে’: মুন তালুকদাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 16 September 2026

কিতাপৰ জ্ঞানে মানুহৰ মনত স্থায়ী ৰেখাপাত কৰে’: মুন তালুকদাৰ

 


গুৱাহাটী: কিতাপৰ জ্ঞানে মানুহৰ মনত স্থায়ীভাৱে ৰেখাপাত কৰে। চ’চিয়েল মাধ্যৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱেই আছে-এই মন্তব্য যুৱ উদ্যমী মুন তালুকদাৰৰ।


মহানগৰীৰ জুৰোডস্থিত লিছা ভৱনত NE http://Focus.com-ৰ দশম বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত ‘সমাজ ব্যৱস্থা অসহিষ্ণু হৈছে নেকি’ শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুন তালুকদাৰে। আলোচনা চক্ৰত সমাজ সেৱিকা অৰ্চি বৰঠাকুৰে চ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতাৰ সন্দৰ্ভতো মন্তব্য আগবঢ়ায়। অনুষ্ঠানত গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰৱক্তা গৌৰৱ কলিতায়ো অংশগ্ৰহণ কৰে।


হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক স্মৰণ কৰি অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়।


উল্লেখযোগ্য যে ২০১৬ চনৰ ১৫ আগষ্টত যুৱ সাংবাদিক সংগীতা শইকীয়াৰ প্ৰচেষ্টাত Nefocus.com-ৰ শুভাৰম্ভ হৈছিল। সামাজিক দায়বদ্ধতাক আগত ৰাখি Nefocus. com য়ে বিগত বছৰসমূহত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। উন্নয়নমূলক সাংবাদিকতাক অগ্ৰাধিকাৰ দি অহা সংবাদ প্ৰতিষ্ঠানটোৱে দশম বৰ্ষপূৰ্তি উপলক্ষে সমূহ শুভাকাংক্ষী আৰু সাংবাদিকক শুভেচ্ছা জ্ঞাপন কৰে।


এই বৰ্ষপূৰ্তি উদযাপনৰ লগত সংগতি ৰাখি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকীও ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা জনোৱা ব্যক্তিসকলৰ ভিতৰত ড° অলিকা বৰফুকন বৰা, মিনতি দলে, বিজু মেধি, জয়ন্ত কলিতা, গোপাল বৰা আৰু আজিমুদ্দিন আহমেদ অন্যতম।


প্ৰতিবছৰে ১৫ আগষ্টত Nefocus ৰ বৰ্ষপূৰ্তি অনুষ্ঠিত হয়। অৱশ্যে এইবাৰ উজনি অসমত হোৱা বান দূৰ্যোগৰ বাবে বৰ্ষপূৰ্তিৰ অনুষ্ঠানটো এমাহ পিছুৱাই দিয়া হয় বুলি জানিবলৈ দিয়ে Nefocus সম্পাদক সংগীতা শইকীয়াই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here