● দুৰ্গা পূজাৰ প্ৰাকক্ষণত মেটাৰ সহযোগত আয়োজিত গুৱাহাটী ক্ৰিয়েটৰ ক্লাবৰ প্ৰথম সংস্কৰণত সমগ্ৰ পূব ভাৰতৰ ২০+ ক্ৰিয়েটৰক একত্ৰিত কৰে মিন্ট্ৰাই
● মিন্ট্ৰাৰ ক্ৰিয়েটৰ সম্প্রদায়ৰ ৩০%ই হৈছে পূব ভাৰতৰ; এবছৰত ২৫০কেৰ ক্ৰিয়েটৰ ভিত্তি দুগুণে বৃদ্ধি পোৱাৰ লগতে ক্ৰিয়েটৰৰ উপাৰ্জন ৩X বৃদ্ধি পোৱাৰ আশা পোষণ কৰিছে মিন্ট্ৰাই
● গ্লেমষ্ট্ৰিমৰ সৈতে জড়িত হৈ এপটোত ২,০০,০০০ ঘণ্টা সময় অতিবাহিত কৰে ৭ নিযুত ব্যৱহাৰকাৰীয়ে, ইয়াত জেন জিয়ে ৫২% অৰিহণা যোগায়
W7s news গুৱাহাটী: দুৰ্গা পূজাৰ প্ৰাকক্ষণত গুৱাহাটীত আজি মেটাই অনুষ্ঠিত কৰে ইয়াৰ প্ৰথমটো ক্ৰিয়েটৰ ক্লাব অনুষ্ঠান । অঞ্চলটোৰ অন্যতম বৃহৎ সাংস্কৃতিক আৰু ফেশ্বন মুহূৰ্তত মেটাৰ সহযোগত সমগ্ৰ পূব ভাৰতৰ ২০+ সৃষ্টিকৰ্তাক একত্ৰিত কৰা হয় এই অনুষ্ঠানটোত । এই পদক্ষেপে পূব ভাৰতক ফেশ্বন, সৌন্দৰ্য্য, আৰু জীৱনশৈলীৰ বাবে এক উল্লেখযোগ্য বজাৰ হিচাপে মিন্ট্ৰাৰ ক্ৰমবৰ্ধমান মনোনিৱেশক প্ৰতিফলিত কৰে, য’ত ক্ৰিয়েটৰসকলে অঞ্চলটোৱে কেনেকৈ ট্ৰেণ্ড আৱিষ্কাৰ কৰে আৰু ইয়াৰ সৈতে জড়িত হয়, এইক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা পালন কৰে ।
সম্প্ৰতি মিন্ট্ৰাৰ ক্ৰিয়েটৰ সম্প্রদায়ৰ ৩০%ই হৈছে পূৱ ভাৰতৰ । বৰ্তমান পূব ভাৰতত থকা মিন্ট্ৰাৰ ক্ৰিয়েটৰৰ সংখ্যা ২৫০কে আৰু এবছৰৰ ভিতৰত এই সম্প্ৰদায়টো দুগুণে বৃদ্ধি পোৱাৰ লগতে ক্ৰিয়েটৰৰ উপাৰ্জন আনুমানিক ৩X বৃদ্ধি পোৱাৰ আশা পোষণ কৰিছে মিন্ট্ৰাই । ইয়াৰ প্লেটফৰ্মত ৭ নিযুত ব্যৱহাৰকাৰীয়ে গ্লেমষ্ট্ৰিমৰ সৈতে জড়িত হৈ এপটোত ২০০,০০০ ঘণ্টা সময় কটায় আৰু ইয়াত জেন জিয়ে ৫২% অৰিহণা যোগায় । এই গতিবিধিয়ে ক্ৰিয়েটৰৰ নেতৃত্বত কন্টেন্ট কিমান উল্লেখযোগ্যভাৱে এটা আৱিষ্কাৰ সঁজুলিৰ পৰা প্ৰাথমিক বাণিজ্য চালকলৈ স্থানান্তৰিত হৈছে তাৰ সংকেত দিয়ে ।
পূব ভাৰতৰ এই অৰিহনাক উদযাপনৰ বাবে দুৰ্গা পূজা বিশেষভাৱে গুৰুত্বপূৰ্ণ মুহূৰ্ত । কিয়নো সমগ্ৰ পূব ভাৰতৰ গ্ৰাহকসকলে উৎসৱৰ সময়ত অন্যান্য সামগ্ৰী ক্ৰয়ৰ বিপৰীতে নিজৰ সম্পূৰ্ণ ৰূপ, ষ্টাইলিং আইডিয়া, আৰু বিশেষ অনুষ্ঠানৰ হিচাপত সামগ্ৰীৰ নিৰ্বাচন কৰিব বিচাৰে । ক্ৰিয়েটৰসকলে উৎসৱৰ ফেশ্বন, সৌন্দৰ্য্য আৰু জীৱনশৈলীলৈ স্থানীয় পৰিবেশ আৰু জনসাধাৰণৰ সৈতে জড়িত প্ৰেৰণা কঢ়িয়াই আনে । তেওঁলোকে আঞ্চলিক সংস্কৃতি আৰু বাণিজ্যৰ মাজৰ সেতু হৈ পৰে, যিটো কেটেলগ-নেতৃত্বাধীন ব্ৰাউজিঙে কৰিব নোৱাৰে ।
গুৱাহাটীত অনুষ্ঠিত মিন্ট্ৰাৰ ক্ৰিয়েটৰ ক্লাব হৈছে কেৱল আমন্ত্ৰণমূলক অনুষ্ঠানৰ এক ছিৰিজ, যিয়ে কথোপকথন আৰু সহযোগৰ প্ৰসাৰৰ বাবে বিভিন্ন চহৰৰ বিভিন্ন ঠাইৰ ক্ৰিয়েটৰসকলক একত্ৰিত কৰে । ‘আল্টিমেট গ্লেম ক্লেন, এফিলিয়েট প্ৰগ্ৰেম, ক্ৰিয়েটৰ ষ্ট'ৰফ্ৰন্ট, কিউৰেটেড কালেকচন, আৰু ক্ৰয়ৰ পৰামৰ্শৰ জৰিয়তে মিন্ট্ৰাই ক্ৰিয়েটৰসকলক সম্প্ৰদায় গঢ়ি তুলিবলৈ, তেওঁলোকৰ পৰামৰ্শসমূহেৰে অধিক লোকক সামৰি ল’বলৈ আৰু তেওঁলোকৰ প্ৰভাৱৰ জৰিয়তে উপাৰ্জন কৰিবলৈ সক্ষম কৰে ।
মিন্ট্ৰাৰ বিপণন বিভাগৰ উপাধ্যক্ষ দীপেশ জৈনে কয়, “ক্ৰিয়েটৰসকল ক্ৰমান্বয়ে সংস্কৃতি, ধাৰা, আৰু বাণিজ্যৰ মাজৰ সেতু হৈ পৰিছে । গ্ৰাহকৰ ফেশ্বন, সৌন্দৰ্য্য, আৰু জীৱনশৈলী আৱিষ্কাৰ কৰাৰ ধৰণত স্থানীয় সংযোগ কঢ়িয়াই আনিছে ক্ৰিয়েটৰসকলে । গুৱাহাটীৰ আমাৰ ক্ৰিয়েটৰ ক্লাব হৈছে বৃহৎ পৰিসৰত এই পৰিৱেশ তন্ত্ৰত বিনিয়োগ কৰাৰ দিশত এক পদক্ষেপ । ইয়াৰ জৰিয়তে অধিক আঞ্চলিক ক্ৰিয়েটৰ সম্প্ৰদায় গঢ়ি তুলিবলৈ, তেওঁলোকৰ প্ৰভাৱেৰে উপাৰ্জন কৰিবলৈ আৰু মিন্ট্ৰাৰ ক্ৰিয়েটৰ ভিত্তিক কমাৰ্চ যাত্ৰাৰে সংযোগ হোৱাৰ সুবিধা লাভ কৰিব । পূব ভাৰতৰ ক্ৰমবৰ্ধমান ক্ৰিয়েটৰ সম্প্ৰদায়ে ভাৰতত ফেশ্বন আৰু সৌন্দৰ্য্য আৱিষ্কাৰ কোন দিশে গতি কৰিছে তাৰ এক স্পষ্ট প্ৰতিফলন ঘটাইছে । জেন জি আৰু মিলেনিয়েল শ্বপাৰৰ প্লেটফৰ্ম মিন্ট্ৰাই ভাৰতৰ ষ্টাইল সন্ধান কৰা আৰু অভিজ্ঞতা লাভ কৰাৰ পদ্ধতিক নতুন ৰূপ প্ৰদান কৰিছে সেই বিষয়ে গঢ় দি আহিছে । প্লেটফৰ্মটোৰ অন্যতম দ্ৰুতগতিত বিকাশ লাভ কৰা শিতান হিচাপে আত্মপ্ৰকাশ কৰিছে সৌন্দৰ্য্য শিতানে ।”
No comments:
Post a Comment