ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ নেটপেক (এন ই টি পি এ চি) জুৰী পেনেললৈ নিৰ্বাচিত অসমৰ ড০ ববী শৰ্মা বৰুৱা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 11 September 2026

ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ নেটপেক (এন ই টি পি এ চি) জুৰী পেনেললৈ নিৰ্বাচিত অসমৰ ড০ ববী শৰ্মা বৰুৱা


 


W7s news,,গুৱাহাটী, ১১ ছেপ্টেম্বৰ, ২০২৬: বিশ্ব চলচ্চিত্ৰৰ অন্যতম মৰ্যাদাপূৰ্ণ মঞ্চ ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এইবাৰ জুৰীৰ আসন শুৱনি কৰিব অসমৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ড০ ববী শৰ্মা বৰুৱাই। ঐতিহাসিক মহোৎসৱখনিৰ ৮৩ সংখ্যক সংস্কৰণৰ বাবে গঠিত নেটপেক জুৰী পেনেললৈ নিৰ্বাচিত হোৱা এই আন্তঃৰাষ্ট্ৰীয় বিচাৰক মণ্ডলীৰ হাতত ন্যস্ত কৰা হৈছে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ নিৰ্বাচিত চলচ্চিত্ৰসমূহৰ সূক্ষ্ম মূল্যায়নৰ বিশেষ দায়িত্ব।


ইফালে, তিনিজনীয়া সদস্যৰে গঠিত এই পেনেলত অসমৰ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ সৈতে স্থান লাভ কৰিছে কিউচিনেমা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ কলা নিৰ্দেশক এড লেজানো আৰু এছিয়ান ৱৰ্ল্ড ফিল্ম ফেষ্টিভেলৰ সহ-প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক আচেল ছেৰ্নিয়াজোভাই।


উল্লেখ্য যে, এছিয়া আৰু এছিয়া-প্ৰশান্ত মহাসাগৰীয় ভূখণ্ডৰ চিনেমাৰ সন্ধান, বিশ্বজুৰি প্ৰসাৰ আৰু নতুন চলচ্চিত্ৰ প্ৰতিভাক স্বীকৃতি প্ৰদানৰ এক সুদূৰপ্ৰসাৰী উদ্দেশ্য আগত ৰাখি ১৯৯০ চনতেই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সংস্থা ‘নেটৱৰ্ক ফৰ দ্য প্ৰম’চন অৱ এছিয়ান চিনেমা’ অৰ্থাৎ ‘নেটপেক’ প্ৰতিষ্ঠা কৰা হৈছিল।


এই বিৰল স্বীকৃতি সন্দৰ্ভত ভেনিচৰ পৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি ড০ ববী শৰ্মা বৰুৱাই কয়, “ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ নেটপেক জুৰীৰ অংশ হ’বলৈ পোৱাটো মোৰ বাবে এক ডাঙৰ সন্মান আৰু সমৃদ্ধিশালী অভিজ্ঞতা। সমগ্ৰ এছিয়া মহাদেশৰ বিভিন্ন দেশ, সংস্কৃতি আৰু বৈচিত্ৰ্যপূৰ্ণ চিনেমাৰ ঐতিহ্যক অতি কাষৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ আনি দিছে এই দায়িত্বই। তিনিজনীয়া জুৰীৰ এগৰাকী অংশীদাৰ হিচাপে সহ-বিচাৰকসকলৰ সৈতে সৃষ্টিশীল ভাবধাৰাৰ আদান-প্ৰদানৰ সমান্তৰালভাৱে এছীয় চিনেমাৰ শিল্পমূল্যক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ এই দায়িত্ব পালনলৈ মই অধীৰ আগ্ৰহেৰে বাট চাইছোঁ।”


সামাজিক জীৱনৰ বাস্তৱ প্ৰতিচ্ছবি আৰু স্বকীয় লোকসংস্কৃতিৰ সূক্ষ্ম গাঁথনিৰে চিনেমা নিৰ্মাণ কৰি দেশজুৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ তথা চলচ্চিত্ৰ গৱেষক ড০ ববী শৰ্মা বৰুৱাই। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত তেওঁৰ ‘অদম্য’, ‘সোণাৰ বৰণ পাখি’, ‘মিচিং’ আৰু ‘শিকাইচল’ শীৰ্ষক ছবিকেইখনে সন্মানীয় ‘ৰজত কমল’ অৰ্জন কৰিছে। আনহাতে, ভাৰতৰ ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) সন্মানীয় ‘ইণ্ডিয়ান পেনোৰামা’ শাখাত প্ৰদৰ্শিত হৈছে তেওঁৰ শেহতীয়া ছবি ‘ৰ’দৰ পাখি’।


উল্লেখ্য যে, নেটপেক জুৰীৰ সদস্য হিচাপে পেনেলৰ আন সতীৰ্থসকলৰ সৈতে নিৰ্বাচিত চলচ্চিত্ৰসমূহৰ শৈল্পিক সৌন্দৰ্য, বিষয়বস্তুৰ গভীৰতা আৰু সাংস্কৃতিক তাৎপৰ্য পৰীক্ষা কৰি অন্তিম মূল্যায়ন আগবঢ়াব ড০ বৰুৱাই। এনে এক মৰ্যাদাপূৰ্ণ দায়িত্বৰ জৰিয়তে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ চলচ্চিত্ৰক স্বীকৃতি প্ৰদান কৰা বিশ্বমানৰ চলচ্চিত্ৰ বিশেষজ্ঞসকলৰ সৈতে একেখন আসনতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ এইগৰাকী ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতাই।


প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, দক্ষিণ কোৰিয়াৰ জিওনজু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (এমআইএফএফ) আৰু কেৰালা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফকে) দৰে সন্মানীয় মঞ্চত বিচাৰক হিচাপে দায়িত্ব পালন কৰিছে নেটপেকৰ সক্ৰিয় সদস্য ড০ বৰুৱাই।


১৯৩২ চনত আৰম্ভ হোৱা ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ হৈছে বিশ্বৰ আটাইতকৈ পুৰণি আৰু প্ৰভাৱশালী চলচ্চিত্ৰ মঞ্চ। বিশ্বজুৰি সমাদৃত এই বাৰ্ষিক মহোৎসৱত প্ৰতিবছৰে পৃথিৱীৰ ভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা, সমালোচক আৰু চিনেমা পেছাদাৰীসকল একেখন চালিৰ তলতে সমবেত হয়।


ড০ বৰুৱাৰ বাবে এই দায়িত্বই সমসাময়িক এছীয় চিনেমাক নিবিড়ভাৱে অনুধাৱন কৰাৰ লগতে বিশ্বমঞ্চত চিনেমা বিষয়ক গভীৰ মত-বিনিময়ৰ এক সুৱৰ্ণ সুযোগ আনি দিছে।


একে সময়তে, নেটপেক জুৰীৰ সদস্য হিচাপে লাভ কৰা এই দায়িত্ব চলচ্চিত্ৰ নিৰ্মাতা তথা গৱেষক হিচাপে ড০ ববী শৰ্মা বৰুৱাৰ কৰ্মজীৱনত আন এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সংযোজন হিচাপে চিহ্নিত হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here