‘
“মাৰৱাড়ী কেৱল এটা নাম নহয়, ই সংস্কৃতি, সংস্কাৰ আৰু স্বাভিমানৰ পৰিচয়”— পৱন গোৱেংকা
“মাতৃত্ব, নেতৃত্ব আৰু কৃতিত্বৰ মূৰ্ত ৰূপ নাৰী”— কেপ্টেইন মীৰা সিদ্ধাৰ্থ দৱে
W7s news,গুৱাহাটী, ৮ আগষ্ট: নাৰী শক্তি, নাৰী সন্মান আৰু নাৰী উত্থানৰ প্ৰতি উৎসৰ্গিত ‘তেজস্বিতা’ নামৰ প্ৰথম মহিলা অধিৱেশনৰ শনিবাৰে গুৱাহাটীৰ ছত্ৰীবাৰীস্থিত অসম মহেশ্বৰী ভৱনত বৰ্ণাঢ্য পৰিৱেশত শুভাৰম্ভ হয়। পূৰ্বোত্তৰ প্ৰাদেশিক মাৰৱাড়ী সন্মিলন (পুপ্ৰামাছ)ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই দুদিনীয়া মহিলা অধিৱেশনখন মাৰৱাড়ী সন্মিলন গুৱাহাটী মহিলা শাখাৰ আতিথ্যত আৰু মানিকচান্দ জুৱেলাৰ্ছৰ সহযোগত অনুষ্ঠিত হৈছে।
উত্তৰ-পূৰ্বাঞ্চলৰ ২০টা মহিলা শাখাৰ পৰা ৩০০ৰো অধিক মহিলাই এই অধিৱেশনত উৎসাহ-উদ্দীপনাৰে অংশগ্ৰহণ কৰিছে। মহিলাসকলৰ অভিজ্ঞতা বিনিময়, নেতৃত্বৰ দক্ষতা বিকাশ আৰু নাৰী তথা সমাজৰ সৈতে জড়িত বিভিন্ন বিষয়ত আলোচনা আৰু মত-বিনিময়ৰ বাবে এই অধিৱেশনে এক উমৈহতীয়া মঞ্চ প্ৰদান কৰিছে।
অধিৱেশনৰ উদ্বোধনী অনুষ্ঠানত অখিল ভাৰতীয় মাৰৱাড়ী সন্মিলনৰ ৰাষ্ট্ৰীয় সভাপতি পৱন গোৱেংকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ৰাষ্ট্ৰীয় সংগঠন মন্ত্ৰী বসন্ত সুৰাণা, অৰুণা সাৰাৱগী আৰু খুশবু দমনী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত প্ৰাদেশিক উপ-সভাপতি (মুখ্য কাৰ্যালয়) বিনোদ লোহিয়া, মহাসচিব ৰমেশ চান্দক, মণ্ডলীয় উপ-সভাপতি সুশীল গোৱেল, মাৰৱাড়ী সন্মিলন গুৱাহাটী মহিলা শাখাৰ সভাপতি সন্তোষ শৰ্মা আৰু অধিৱেশনৰ আদৰণি সভানেত্ৰী সৰোজ মিত্তল মঞ্চত উপস্থিত থাকে।
ভগৱান গণেশৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পিছত ৰাজ্যত সংঘটিত ভয়াৱহ বানত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মাৰ সদ্গতি কামনা কৰি এমিনিট মৌনতা অৱলম্বন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছত মাৰৱাড়ী সন্মিলন গুৱাহাটী মহিলা শাখাৰ কাৰ্যকৰী সমিতিৰ সদস্যাসকলে এটি সুমধুৰ আদৰণি গীত পৰিৱেশন কৰে।
ইয়াৰ পিছত মাৰৱাড়ী সন্মিলনৰ ৰাষ্ট্ৰীয় আৰু প্ৰাদেশিক বিষয়ববীয়া তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলা প্ৰতিনিধিসকলক আদৰণি জনাই মাৰৱাড়ী সন্মিলন গুৱাহাটী মহিলা শাখাৰ সভাপতি সন্তোষ শৰ্মাই সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে ২০টা শাখাৰ পৰা অহা মহিলাসকলৰ উৎসাহজনক অংশগ্ৰহণ অবিহনে ‘তেজস্বিতা’ অধিৱেশনৰ পৰিকল্পনা বাস্তৱায়িত কৰা সম্ভৱ নহ’লহেঁতেন। অধিৱেশনখন সফল কৰি তোলাত সহযোগিতা আগবঢ়োৱা সকলো বিষয়ববীয়া, সদস্য আৰু অংশগ্ৰহণকাৰী মহিলাৰ প্ৰতিও তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে।
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি অখিল ভাৰতীয় মাৰৱাড়ী সন্মিলনৰ ৰাষ্ট্ৰীয় সভাপতি পৱন গোৱেংকাই কয়, “মাৰৱাড়ী কেৱল এটা নাম নহয়, ই সংস্কৃতি, সংস্কাৰ আৰু স্বাভিমানৰ পৰিচয়।” তেওঁ কয় যে মাৰৱাড়ী হোৱা সহজ কথা নহয়। ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম, সততা আৰু নিজৰ মূল্যবোধ তথা সংস্কাৰৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিৰ প্ৰয়োজন। সমাজে প্ৰতিটো ক্ষেত্ৰতে কঠোৰ পৰিশ্ৰম আৰু সততাৰে আগবাঢ়ি যোৱাৰ লগতে নিজৰ সংস্কৃতি, পৰম্পৰা আৰু সংস্কাৰো সংৰক্ষণ কৰি ৰাখিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে।
‘তেজস্বিতা’ক এক ঐতিহাসিক আৰু প্ৰশংসনীয় পদক্ষেপ হিচাপে অভিহিত কৰি গোৱেংকাই কয় যে মহিলাৰ প্ৰতিভা, সামৰ্থ্য আৰু নেতৃত্বৰ গুণ প্ৰকাশৰ বাবে এক মঞ্চ প্ৰদান কৰাটো এক প্ৰশংসনীয় উদ্যোগ। পূৰ্বোত্তৰ প্ৰাদেশিক মাৰৱাড়ী সন্মিলনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে মহিলা অধিৱেশন আয়োজন কৰাৰ বাবে তেওঁ মাৰৱাড়ী সন্মিলন গুৱাহাটী মহিলা শাখাক অভিনন্দন জনায়। লগতে অধিৱেশনখন সফল কৰি তোলাৰ বাবে পৰিশ্ৰম কৰা সকলো বিষয়ববীয়া আৰু সদস্যৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
ৰাষ্ট্ৰীয় সংগঠন মন্ত্ৰী বসন্ত সুৰাণাই সমাজত বৃদ্ধি পোৱা প্ৰি-ৱেডিং শ্বুটৰ সৈতে জড়িত অনাকাংক্ষিত সামাজিক প্ৰৱণতা আৰু কু-সংস্কাৰ ৰোধৰ বাবে আহ্বান জনায়। সমাজৰ পৰম্পৰা, সংস্কাৰ আৰু মৰ্যাদা অটুট ৰাখি নতুন প্ৰজন্মক এক ইতিবাচক দিশত আগুৱাই নিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।
বিশিষ্ট অতিথি অৰুণা সাৰাৱগীয়ে নিজৰ ভাষণত মানসিক স্বাস্থ্যৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে মহিলাসকলে শাৰীৰিক স্বাস্থ্যৰ প্ৰতি যিদৰে সচেতন হয়, ঠিক একেদৰে মানসিক স্বাস্থ্যৰ প্ৰতিও সমানভাৱে সচেতন হোৱা উচিত। সুস্থ মনেই আত্মবিশ্বাস, ইতিবাচক চিন্তা আৰু উন্নত জীৱনৰ এক শক্তিশালী ভেটি বুলি তেওঁ উল্লেখ কৰে।
আনহাতে, বিশিষ্ট অতিথি খুশবু দমনীয়ে কয় যে প্ৰতিগৰাকী ব্যক্তিৰে সপোন দেখাৰ আৰু সেই সপোন পূৰণ কৰাৰ সমান অধিকাৰ আছে। তেওঁ মহিলাসকলক নিজৰ সপোনক লক্ষ্যলৈ ৰূপান্তৰিত কৰি আত্মবিশ্বাস, কঠোৰ পৰিশ্ৰম আৰু দৃঢ় সংকল্পৰে আগুৱাই যাবলৈ আহ্বান জনায়।
উদ্বোধনী অনুষ্ঠানত ‘তেজস্বিতা’ৰ গীত পৰিৱেশন কৰাৰ লগতে ‘সুবোধিনী’ নামৰ গ্ৰন্থখনো উন্মোচন কৰা হয়।
অধিৱেশনৰ প্ৰথম দিনৰ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত নাৰী সৱলীকৰণ সুত্ৰত চুৰাটৰ পৰা অহা মুখ্য বক্তা কেপ্টেইন মীৰা সিদ্ধাৰ্থ দৱেই নিজৰ অনুপ্ৰেৰণাদায়ক জীৱন-যাত্ৰা আৰু অভিজ্ঞতাৰ কথা ব্যক্ত কৰি অংশগ্ৰহণকাৰী মহিলাসকলক উৎসাহিত কৰে। তেওঁ মহিলাসকলক নিজৰ অন্তৰ্নিহিত শক্তি, সামৰ্থ্য আৰু সম্ভাৱনাক চিনি লৈ আত্মবিশ্বাসেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগায়।
নাৰী শক্তিৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি কেপ্টেইন মীৰা সিদ্ধাৰ্থ দৱেই কয় যে যি হাতত সযতনে খাৰু পৰিধান কৰা হয়, প্ৰয়োজনৰ সময়ত সেই একেখন হাতেই ৰকেট লঞ্চাৰ আৰু এ কে-৪৭ৰ দৰে অস্ত্ৰও ধৰি সাহস, শক্তি আৰু সামৰ্থ্যৰ পৰিচয় দিছে। নাৰীক মাতৃত্ব, নেতৃত্ব আৰু কৃতিত্বৰ মূৰ্ত ৰূপ হিচাপে অভিহিত কৰি তেওঁ নাৰীৰ বহুমুখী ভূমিকাৰ বিভিন্ন দিশ দাঙি ধৰে আৰু উপস্থিত মহিলাসকলক মূল্যৱান পথ-নিৰ্দেশনা আৰু অনুপ্ৰেৰণা প্ৰদান কৰে।
অধিৱেশনত এক প্ৰশ্নোত্তৰ পৰ্বও অনুষ্ঠিত হয়। বিভিন্ন বিষয়ত অংশগ্ৰহণকাৰী মহিলাসকলে কেপ্টেইন দৱেক প্ৰশ্ন কৰে আৰু তেওঁ প্ৰশ্নসমূহৰ স্পষ্ট, নিৰ্ভীক আৰু ফলপ্ৰসূভাৱে উত্তৰ প্ৰদান কৰে। ফলত অধিৱেশনৰ এই পৰ্যায়টো অত্যন্ত সজীৱ আৰু অনুপ্ৰেৰণাদায়ক হৈ উঠে।
দুদিনীয়া ‘তেজস্বিতা’ মহিলা অধিৱেশনৰ দেওবাৰে সামৰণি পৰিব। সামৰণি অনুষ্ঠানত প্ৰাক্তন সাংসদ কুইন ওজা, ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ ৰাজ্যিক উপ-সভানেত্ৰী জুৰি শৰ্মা বৰদলৈ আৰু চি এ ৰাগিনী গোৱেলকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
অধিৱেশনৰ দ্বিতীয় দিনটোত নাৰী সজাগতা, সৱলীকৰণ আৰু ব্যক্তিত্ব বিকাশৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ অধিৱেশন অনুষ্ঠিত হ’ব। দুদিনীয়া এই অধিৱেশনখন সফল কৰি তোলাৰ বাবে মাৰৱাড়ী সন্মিলন গুৱাহাটী মহিলা শাখাৰ সদস্যাসকলে সক্ৰিয়ভাৱে কাম কৰি আছে।

No comments:
Post a Comment