তেজস্বিতা’ৰ সামৰণি নহয়, এয়া এক আন্দোলনৰ আৰম্ভণি : কৈলাশ কাবৰা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 9 August 2026

তেজস্বিতা’ৰ সামৰণি নহয়, এয়া এক আন্দোলনৰ আৰম্ভণি : কৈলাশ কাবৰা


 ‘

কুইন ওজাৰ মন্তব্য—“আমি প্ৰথমে ভাৰতীয়, তাৰ পিছত অসমীয়া; ৰাজনীতি পিছত, সমাজসেৱা প্ৰথম”

জুৰী শৰ্মা বৰদলৈ—“প্ৰতিগৰাকী মাৰোৱাৰীয়েই খিলঞ্জীয়া অসমীয়া; অসমৰ উন্নয়নত মাৰোৱাৰী সমাজৰ অৱদান কাৰোৰে তুলনাত কম নহয়”

নাৰীৰ প্ৰতিভা আৰু আত্মবিশ্বাসক নতুন ডেউকা দিব ‘তেজস্বিতাই’; মেখেলা-চাদৰত উজলি উঠিল অসমৰ সাংস্কৃতিক ঐতিহ্য

W7s news,,গুৱাহাটী, ৯ আগষ্ট: নাৰী সৱলীকৰণ, মৰ্যাদা, স্বাৱলম্বিতা আৰু সামাজিক উন্নয়নৰ বাৰ্তা আগবঢ়াই পূৰ্বোত্তৰ প্ৰাদেশিক মাৰোৱাৰী সন্মিলন (PPMS)-ৰ উদ্যোগত, মাৰোৱাৰী সন্মিলন গুৱাহাটী মহিলা শাখাৰ আতিথ্যত আৰু মানিকচন্দ জুৱেলাৰ্ছৰ সহযোগত ছত্ৰীবাৰীৰ অসম মহেশ্বৰী ভৱনত অনুষ্ঠিত দুদিনীয়া ‘তেজস্বিতা’ মহিলা অধিৱেশনৰ দেওবাৰে উৎসাহ-উদ্দীপনাময় পৰিৱেশত সামৰণি পৰে। অধিৱেশনৰ দ্বিতীয় দিনা নাৰী সজাগতা, নেতৃত্ব, স্বাৱলম্বিতা আৰু ব্যক্তিত্ব বিকাশৰ লগতে নাৰী সৱলীকৰণৰ সৈতে জড়িত বিভিন্ন বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ অধিৱেশন অনুষ্ঠিত হয়।


অধিৱেশনৰ সামৰণি অনুষ্ঠানত অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ এক মনোমোহা প্ৰতিচ্ছবিও পৰিলক্ষিত হয়। অধিৱেশনত অংশগ্ৰহণ কৰা মহিলা প্ৰতিনিধিসকলে পৰম্পৰাগত মেখেলা-চাদৰ পৰিধান কৰি উপস্থিত হয়। ইয়াৰ ফলত সমগ্ৰ অনুষ্ঠানটোতে অসমীয়া সংস্কৃতিৰ এক অনন্য পৰিৱেশ সৃষ্টি হয়।


সামৰণি অনুষ্ঠানত প্ৰাক্তন সাংসদ কুইন ওজা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আনহাতে, বিজেপি অসম প্ৰদেশ মহিলা মৰ্চাৰ উপ-সভাপতি জুৰী শৰ্মা বৰদলৈ আৰু চি এ ৰাগিনী গোৱেল বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত প্ৰাদেশিক সভাপতি কৈলাশ কাবৰা, মণ্ডলীয় উপ-সভাপতি সুশীল গোৱেল, জ্যেষ্ঠ সমাজসেৱী শংকৰলাল গোয়েংকা, মহিলা শাখাৰ সভানেত্ৰী সন্তোষ শৰ্মা, সম্পাদক মঞ্জু ভান্সালী, আদৰণি সভাপতি সৰোজ মিত্তল আৰু আদৰণি সম্পাদক সৰলা কাবৰাৰ লগতে অন্যান্য বিষয়ববীয়া আৰু বৃহৎ সংখ্যক মহিলা প্ৰতিনিধি উপস্থিত থাকে। অসমীয়া জাতীয় সংগীতেৰে সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।


সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি মাৰোৱাৰী সন্মিলন গুৱাহাটী মহিলা শাখাৰ সভানেত্ৰী সন্তোষ শৰ্মাই কয় যে আগন্তুক দিনত ‘তেজস্বিতা’ অধিৱেশন মহিলাৰ প্ৰতিভা, শক্তি আৰু আত্মবিশ্বাসক নতুন পৰিচয় দিয়াৰ লগতে সমাজত ইতিবাচক পৰিৱৰ্তন অনাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ’ব। তেওঁ কয় যে মাৰোৱাৰী সন্মিলনৰ ৯১ বছৰীয়া ইতিহাসত গুৱাহাটী মহিলা শাখাই স্থাপন কৰা ‘তেজস্বিতা’ৰ ভেটি আগন্তুক দিনত এক বিশাল বটবৃক্ষলৈ পৰিণত হৈ সমাজৰ মহিলাসকলক নতুন দিশ আৰু নতুন প্ৰেৰণাৰে আগুৱাই নিব।


এই উপলক্ষে প্ৰাদেশিক সভাপতি কৈলাশ কাবৰাই কয়, “‘তেজস্বিতা’ৰ আজি সামৰণি হোৱা নাই; বৰঞ্চ মাৰোৱাৰী সন্মিলনত এয়া এক আন্দোলন হিচাপে আৰম্ভ হৈছে।” তেওঁ কয় যে এই আন্দোলনৰ জ্যোতি কেতিয়াও নুমাবলৈ দিব নালাগিব। বৰঞ্চ এই জ্যোতি নিৰন্তৰ প্ৰজ্বলিত কৰি ৰাখি সমাজৰ অধিকসংখ্যক মহিলাৰ মাজলৈ ‘তেজস্বিতা’ৰ বাৰ্তা লৈ যাব লাগিব।


মুখ্য অতিথি তথা প্ৰাক্তন সাংসদ কুইন ওজাই কয়, “মই কনকলতা কওঁ বা ঝান্সীৰ ৰাণী কওঁ—নাৰী শক্তি আৰু সাহসৰ পৰিচয় প্ৰতিটো ৰূপতে আমাৰ সন্মুখত আছে।” তেওঁ কয় যে অধিৱেশনৰ পৰিৱেশ দেখি এনে অনুভৱ হৈছে যেন সমগ্ৰ অনুষ্ঠানস্থলী এখন ‘মিনি অসম’লৈ পৰিণত হৈছে। তেওঁ উল্লেখ কৰে যে অসমৰ সুখ-দুখৰ সময়ত মাৰোৱাৰী সমাজ সদায় দৃঢ়তাৰে থিয় হৈ আহিছে আৰু বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়তো মাৰোৱাৰী সমাজে সমাজসেৱা আৰু সাহায্য কাৰ্যত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে অসমত বসবাস কৰা মাৰোৱাৰী সমাজ আজি “১০০ শতাংশ অসমীয়া” হৈ পৰিছে। সামাজিক দায়িত্বৰ গুৰুত্বৰ ওপৰত জোৰ দি তেওঁ কয়, “আমি প্ৰথমে ভাৰতীয়, তাৰ পিছত অসমীয়া; ৰাজনীতি পিছত, সমাজসেৱা প্ৰথম হ’ব লাগে।”


বিজেপি অসম প্ৰদেশ মহিলা মৰ্চাৰ উপ-সভাপতি জুৰী শৰ্মা বৰদলৈয়ে কয়, “প্ৰতিগৰাকী মাৰোৱাৰীয়েই খিলঞ্জীয়া অসমীয়া আৰু অসমৰ উন্নয়ন তথা সামাজিক জীৱনত মাৰোৱাৰী সমাজৰ অৱদান কোনো ক্ষেত্ৰতে কাৰোৰে তুলনাত কম নহয়।” তেওঁ কয় যে অসমৰ সংস্কৃতি আৰু সমাজৰ সৈতে মাৰোৱাৰী সমাজৰ এক গভীৰ আৰু দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। এই অৱদান গৌৰৱেৰে আগুৱাই লৈ যাব লাগে বুলিও তেওঁ মন্তব্য কৰে।


চি এ ৰাগিনী গোৱেলে নাৰীৰ সৱলীকৰণৰ এক গুৰুত্বপূৰ্ণ আধাৰ হিচাপে আৰ্থিক স্বাৱলম্বিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে প্ৰতিগৰাকী মহিলাই নিজৰ প্ৰতিভা আৰু দক্ষতা চিনাক্ত কৰি তাক নিজৰ শক্তিলৈ ৰূপান্তৰিত কৰিব লাগে।


মণ্ডলীয় উপ-সভাপতি সুশীল গোৱেলে ‘তেজস্বিতা’ৰ সফল আয়োজনৰ বাবে মাৰোৱাৰী সন্মিলন গুৱাহাটী মহিলা শাখাক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে মহিলা শাখাৰ বিষয়ববীয়া আৰু সদস্যাসকলৰ অক্লান্ত পৰিশ্ৰম, নিষ্ঠা আৰু দলীয় মনোভাৱৰ বাবেই ‘তেজস্বিতা’ এক সফল আৰু প্ৰভাৱশালী অনুষ্ঠান হিচাপে পৰিগণিত হৈছে।


অনুষ্ঠানৰ সময়ছোৱাত শ্বিলঙৰ পৰা অহা পুষ্পা বাজাজে ঋতুস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰিব পৰা পুনৰ ব্যৱহাৰযোগ্য ছেনিটাৰী নেপকিন পেড ঘৰতে প্ৰস্তুত কৰাৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে। ইয়াৰ জৰিয়তে মাহেকীয়া স্বাস্থ্যবিধিৰ ক্ষেত্ৰত এক ব্যৱহাৰিক আৰু বহনক্ষম পদ্ধতিৰ বিষয়ে অৱগত কৰা হয়।


ইয়াৰ পূৰ্বে শনিবাৰে সন্ধিয়া অধিৱেশনৰ অংশ হিচাপে মহিলা কবি সন্মিলন অনুষ্ঠিত হয়। স্থানীয় মহিলা কবিসকলে তেওঁলোকৰ কবিতাৰ জৰিয়তে নাৰী শক্তি, সংবেদনশীলতা আৰু সামাজিক বিষয়সমূহৰ বিভিন্ন দিশ উপস্থাপন কৰে। এই অনুষ্ঠানতে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য কাম কৰি আৰু সমাজলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই নিজস্ব পৰিচয় গঢ়ি তোলা ১৩ গৰাকী বিশিষ্ট মহিলাক সম্বৰ্ধনা জনোৱা হয়।


সম্বৰ্ধিত মহিলাসকলৰ ভিতৰত আছিল—শ্ৰীমতী উৰ্মিলা দিনোদিয়া (লখিমপুৰ), শ্ৰীমতী বিনীতা চৌধুৰী গাডোদিয়া, শ্ৰীমতী পায়েল আগৰৱালা (শিৱসাগৰ), শ্ৰীমতী সুন্দৰী দেৱী পাটৱা (শিলচৰ), শ্ৰীমতী প্ৰেম জছৰাছৰীয়া (শ্বিলং), শ্ৰীমতী মঞ্জু দুগড় (বঙাইগাঁও), শ্ৰীমতী পুষ্পা দেৱী আগৰৱালা (তিনিচুকীয়া), শ্ৰীমতী সন্তোষ শৰ্মা (বিজনী), শ্ৰীমতী মধু তাতেড় (শিলাপথাৰ), শ্ৰীমতী ঋতু লোহিয়া (ডিব্ৰুগড়), শ্ৰীমতী প্ৰমিলা দেৱী ভীমছৰীয়া (হোজাই), শ্ৰীমতী নীতু পোদ্দাৰ (নগাঁও) আৰু শ্ৰীমতী সীতা হৰলালকা (বৰপেটা)। নিজ নিজ ক্ষেত্ৰত তেওঁলোকৰ উল্লেখযোগ্য কৰ্ম আৰু সামাজিক অৱদানৰ বাবে তেওঁলোকক প্ৰশংসা কৰা হয়।


ইফালে দেওবাৰে পুৱা মহিলাসকলৰ বাবে এক বিশেষ যোগ শিবিৰৰো আয়োজন কৰা হয়। শিবিৰত মহিলা প্ৰতিনিধিসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। যোগৰ জৰিয়তে শাৰীৰিক সুস্থতা, মানসিক শান্তি আৰু ইতিবাচক জীৱনশৈলীৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই পদক্ষেপে নাৰী সৱলীকৰণৰ বৃহত্তৰ উদ্দেশ্যৰ সৈতে সুস্থ আৰু সন্তুলিত জীৱন-যাপনৰ বাৰ্তাক সংযোগ কৰে।


দুদিনীয়া ‘তেজস্বিতা’ অধিৱেশনৰ সময়ছোৱাত নাৰী সৱলীকৰণ, স্বাৱলম্বিতা, নেতৃত্ব, মানসিক স্বাস্থ্য, সামাজিক সজাগতা আৰু ব্যক্তিত্ব বিকাশকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত অৰ্থপূৰ্ণ আলোচনা অনুষ্ঠিত হয়।


ধন্যবাদ জ্ঞাপন কৰি আদৰণি সম্পাদক সৰলা কাবৰাই কয় যে ‘তেজস্বিতা’ৰ সফল আয়োজনত পূৰ্বোত্তৰ প্ৰাদেশিক মাৰোৱাৰী সন্মিলনৰ বিষয়ববীয়া, গুৱাহাটীত থকা সন্মিলনৰ সকলো শাখা আৰু অন্যান্য শাখাসমূহে আগবঢ়োৱা মূল্যৱান সহযোগিতা বিশেষভাৱে উল্লেখযোগ্য। তেওঁ অধিৱেশনখন সফল কৰি তোলাত প্ৰত্যক্ষভাৱে আৰু গুৰুত্বপূৰ্ণভাৱে সহযোগিতা আগবঢ়োৱা সকলো বিষয়ববীয়া, অতিথি, সহযোগী আৰু প্ৰতিনিধিৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।


সন্তোষ শৰ্মাইও অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে বিশেষভাৱে গুৱাহাটী মহিলা শাখাৰ সকলো পৰামৰ্শদাতা, কাৰ্যনিৰ্বাহক সদস্যা আৰু সাধাৰণ সদস্যাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ বাবেই অধিৱেশনখন সফলভাৱে সামৰণি পৰিল বুলি তেওঁ উল্লেখ কৰে।



সামৰণি অনুষ্ঠানত অসমৰ পৰম্পৰাগত সাজ-পোছাক আৰু সাংস্কৃতিক ঐতিহ্যৰ মনোমোহা উপস্থাপনে সমগ্ৰ অনুষ্ঠানটোত এক অনন্য মাত্ৰা সংযোজন কৰে। ইয়াৰ ফলত দুদিনীয়া ‘তেজস্বিতা’ অধিৱেশনখন নাৰী সৱলীকৰণ, সাংস্কৃতিক সমন্বয় আৰু সামাজিক দায়বদ্ধতাৰ এক স্মৰণীয় উদযাপন হিচাপে পৰিগণিত হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here