কুলধৰ দাস স্কলাৰ্ছ ছামিট ২০২৬ৰ দ্বিতীয় সংস্কৰণ উপলক্ষে মডাৰ্ণ ইংলিছ স্কুলত আয়োজন আন্তঃবিদ্যালয় প্ৰতিযোগিতাৰ; সমালোচনামূলক চিন্তা আৰু শৈক্ষিক উৎকৰ্ষৰ বিকাশত গুৰুত্ব - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 8 August 2026

কুলধৰ দাস স্কলাৰ্ছ ছামিট ২০২৬ৰ দ্বিতীয় সংস্কৰণ উপলক্ষে মডাৰ্ণ ইংলিছ স্কুলত আয়োজন আন্তঃবিদ্যালয় প্ৰতিযোগিতাৰ; সমালোচনামূলক চিন্তা আৰু শৈক্ষিক উৎকৰ্ষৰ বিকাশত গুৰুত্ব


 

W7s news,,গুৱাহাটী, ৭ আগষ্ট, ২০২৬: শৈক্ষিক উৎকৰ্ষ আৰু সামগ্ৰিক শিক্ষাৰ প্ৰতি নিজৰ অংগীকাৰ অধিক দৃঢ় কৰি গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলত সফলতাৰে আয়োজন কৰা হয় কুলধৰ দাস স্কলাৰ্ছ ছামিট ২০২৬ৰ দ্বিতীয় সংস্কৰণ। অঞ্চলটোৰ আগশাৰীৰ বিদ্যালয়সমূহৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক একত্ৰিত কৰা এদিনীয়া এই সন্মিলনত গভীৰ বৌদ্ধিক চৰ্চা গৱেষণা আৰু অৰ্থপূৰ্ণ মত-বিনিময়ৰ এক সমৃদ্ধ পৰিৱেশ সৃষ্টি হয়।


উল্লেখ্য যে, দূৰদৰ্শী প্ৰতিষ্ঠাপক প্ৰয়াত কুলধৰ দাসৰ সন্মানত আৰম্ভ কৰা এই সন্মিলনৰ আঁৰত আছে ১৯৮৪ চনত তেওঁৰ দ্বাৰা বিদ্যালয়খন প্ৰতিষ্ঠাৰ সময়ত লোৱা এক গভীৰ শিক্ষা-দৰ্শন, য’ত বৌদ্ধিক বিকাশৰ লগতে চৰিত্ৰ গঠনৰ ওপৰতো সমান গুৰুত্ব আৰোপ কৰা হৈছিল। সেই আদৰ্শৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি সন্মিলনখনে ছাত্ৰ-ছাত্ৰীসকলক সমসাময়িক বিষয়সমূহ বিশ্লেষণ বিতৰ্ক আৰু নিজৰ ধাৰণা উপস্থাপনৰ এক মঞ্চ আগবঢ়াই আহিছে। ইয়াৰ জৰিয়তে আত্মবিশ্বাস নেতৃত্বৰ গুণ আৰু নৈতিক যুক্তিবোধ বিকাশৰ সুযোগো লাভ কৰে ছাত্ৰ-ছাত্ৰীসকলে।


অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট বিচাৰকসকলক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছতে মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে উদ্বোধনী ভাষণ প্ৰদান কৰি অংশগ্ৰহণকাৰীসকলক আদৰণি জনায়। ভৱিষ্যতৰ নেতৃত্বৰ বাবে অনুসন্ধিৎসা, সংলাপ আৰু উদ্ভাৱনী চিন্তাক অত্যাৱশ্যকীয় গুণ হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে।


সন্মিলনখনত বৌদ্ধিকভাৱে উদ্দীপনাময় তিনিখন প্ৰতিযোগিতা অনুষ্ঠিত হয়।


পেনেল আলোচনাত “কোডিফিকেচন ভাৰ্ছেছ প্লুৰেলিজম” শীৰ্ষক চিন্তাউদ্ৰেককাৰী বিষয়ক কেন্দ্ৰ কৰি আলোচনা হয়। অংশগ্ৰহণকাৰীসকলে একে ধৰণৰ আইনী গাঁথনি আৰু সাংস্কৃতিক, সামাজিক তথা পৰম্পৰাগত আচাৰ-অনুশীলনৰ বৈচিত্ৰ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ বিষয়টো পৰ্যালোচনা কৰে। পেপাৰ প্ৰেজেণ্টেশ্যনত অংশগ্ৰহণকাৰীসকলক “দ্য আৰ্কিটেকচাৰ অৱ মডাৰ্ণ ইনফ্লেচন” বিষয়টো বিশ্লেষণ কৰিবলৈ দিয়া হয়। বিস্তৃত গৱেষণা আৰু প্ৰমাণভিত্তিক বিশ্লেষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে মুদ্ৰাস্ফীতিৰ অৰ্থনৈতিক, সামাজিক আৰু বিশ্বব্যাপী দিশসমূহ পৰ্যালোচনা কৰে। ইয়াৰ জৰিয়তে সমসাময়িক বিত্তীয় বিষয় আৰু সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে তেওঁলোকৰ দৃঢ় বুজাবুজি প্ৰতিফলিত হয়। চিম্পোজিয়ামত “এপিষ্টেম’লজি, মিডিয়া এণ্ড দ্য প’ষ্ট-ট্ৰুথ এৰা” বিষয়টোক কেন্দ্ৰ কৰি আলোচনা কৰা হয়। আজিৰ ডিজিটেল পৰিৱেশত সংবাদ মাধ্যম, অপতথ্য, সত্য আৰু জ্ঞানৰ ভূমিকা সমালোচনামূলকভাৱে পৰ্যালোচনা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰা হয়। উপস্থাপনসমূহত তথ্যযুগৰ অন্যতম জটিল প্ৰত্যাহ্বান হিচাপে পৰিগণিত এই বিষয়টোৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ পৰিপক্বতা, মৌলিক চিন্তা আৰু সূক্ষ্ম বুজাবুজি স্পষ্ট হৈ উঠে।


মন কৰিবলগীয়া যে, প্ৰতিযোগিতাসমূহৰ বিচাৰকৰ দায়িত্বত আছিল বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট শিক্ষাবিদৰে গঠিত এক সন্মানীয় বিচাৰকৰ পেনেল। এই পেনেলত আছিল-


* ড০ পংকজ জ্যোতি গগৈ, সহকাৰী অধ্যাপক, ৰাজনীতি বিজ্ঞান বিভাগ, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় (পেনেল আলোচনা)

* ড০ চন্দ্ৰপ্ৰভা বৰা, সহকাৰী অধ্যাপক, এম কম বিভাগ, কে চি দাস কমাৰ্চ কলেজ (পেপাৰ প্ৰেজেণ্টেচন)

* ড০ মুক্তিকাম হাজৰিকা, সহকাৰী অধ্যাপক, গণসংযোগ বিভাগ, কটন বিশ্ববিদ্যালয় (চিম্পোজিয়াম)


বিচাৰকসকলৰ মূল্যৱান পৰ্যবেক্ষণ আৰু গঠনমূলক মতামতে ছাত্ৰ-ছাত্ৰীসকলক গুৰুত্বপূৰ্ণ শৈক্ষিক অন্তৰ্দৃষ্টি লাভৰ সুযোগ দিয়াৰ লগতে তেওঁলোকৰ সামগ্ৰিক শিক্ষণ অভিজ্ঞতাকো অধিক সমৃদ্ধ কৰি তোলে।


সন্মিলনখনত ছেইণ্ট ফ্ৰান্সিছ ডি’এছিছি হাইস্কুল, বৰাগাঁও; ব্ৰহ্মপুত্ৰ ভেলী ইংলিছ একাডেমী, বঙৰা; ছেইণ্ট ফ্ৰান্সিছ ডি ছেলছ হায়াৰ ছেকেণ্ডাৰী স্কুল, সাতগাঁও; ছেইণ্ট বিবেকানন্দ ইংলিছ একাডেমী, মালিগাঁও; মাৰিয়া পাব্লিক স্কুল, বীৰকুচি; মডাৰ্ণ ইংলিছ স্কুল, কাহিলীপাৰা; আৰু গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, গীতানগৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে উৎসাহজনকভাৱে অংশগ্ৰহণ কৰে। এই শিক্ষানুষ্ঠানসমূহৰ সক্ৰিয় অংশগ্ৰহণে সন্মিলনখনক শৈক্ষিক সহযোগিতা, সুস্থ প্ৰতিযোগিতা আৰু যুৱ শিক্ষাৰ্থীসকলৰ মাজত মত-বিনিময়ৰ এক সজীৱ মঞ্চলৈ ৰূপান্তৰিত কৰে।


এই উপলক্ষে মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে কয়, “কুলধৰ দাস স্কলাৰ্ছ ছামিটে প্ৰশ্ন কৰিবলৈ, গৱেষণা কৰিবলৈ আৰু জটিল বৈশ্বিক বিষয়সমূহৰ সৈতে গভীৰভাৱে জড়িত হ’বলৈ ভয় নকৰা অনুসন্ধিৎসু মন গঢ়ি তোলাৰ আমাৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে। এনে মঞ্চৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীসকলক কেৱল পৰীক্ষাৰ বাবে প্ৰস্তুত নকৰোঁ, দায়িত্বশীল নাগৰিকত্ব আৰু আজীৱন শিক্ষাৰ বাবেও প্ৰস্তুত কৰোঁ।”


সন্মিলনখনৰ সামৰণি পৰে বঁটা বিতৰণী অনুষ্ঠানেৰে। তিনিওখন প্ৰতিযোগিতাতে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা ছাত্ৰ-ছাত্ৰীসকলক এই অনুষ্ঠানত স্বীকৃতি প্ৰদান কৰা হয়। মডাৰ্ণ ইংলিছ স্কুলৰ সঞ্চালক পংকজ দাসে বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে। লগতে সকলো অংশগ্ৰহণকাৰীকে শৈক্ষিক উৎকৰ্ষ, জ্ঞানৰ প্ৰতি অনুসন্ধিৎসা আৰু আজীৱন শিক্ষাৰ মনোভাৱ অব্যাহত ৰাখিবলৈ উৎসাহিত কৰে।


বঁটা বিজয়ীসকলঃ

পেপাৰ প্ৰেজেণ্টেচন

* শ্ৰেষ্ঠ পেপাৰ বঁটা - সমীক্ষা ফুকন, গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, গীতানগৰ

* শ্ৰেষ্ঠ উপস্থাপনা বঁটা - আৰোহী কলিতা, ব্ৰহ্মপুত্ৰ ভেলী ইংলিছ একাডেমী, বঙৰা

* উদ্ভাৱনী বঁটা - সায়ন ঘোষ, মডাৰ্ণ ইংলিছ স্কুল, কাহিলীপাৰা

* যুৱ গৱেষকৰ বঁটা - নীৰজ শৰ্মা, ছেইণ্ট বিবেকানন্দ ইংলিছ একাডেমী, মালিগাঁও


পেনেল আলোচনা

* শ্ৰেষ্ঠ পেনেলিষ্টৰ বঁটা - ধৃতিস্মিতা ৰাভা, মডাৰ্ণ ইংলিছ স্কুল, কাহিলীপাৰা

* প্ৰভাৱশালী আলোচক বঁটা - মনছুন ঠাকুৰীয়া, ব্ৰহ্মপুত্ৰ ভেলী ইংলিছ একাডেমী, বঙৰা

- বিশেষ বিচাৰক মণ্ডলীৰ স্বীকৃতি -

o অংকন ভট্ট, গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, গীতানগৰ

o ভাৰ্গৱ বৰা, ছেইণ্ট ফ্ৰান্সিছ ডি’এছিছি হাইস্কুল, বৰাগাঁও


চিম্পোজিয়াম

* শ্ৰেষ্ঠ উপস্থাপনা বঁটা - মৌচম শৰ্মা, ছেইণ্ট বিবেকানন্দ ইংলিছ একাডেমী, মালিগাঁও

* ৰাণাৰ্ছ-আপৰ বঁটা - ধৃতিমণি শৰ্মা, ব্ৰহ্মপুত্ৰ ভেলী ইংলিছ একাডেমী, বঙৰা

* বিচাৰকৰ বিশেষ বঁটা – কাব্যপ্ৰিয়া দাস, মডাৰ্ণ ইংলিছ স্কুল, কাহিলীপাৰা


শৈক্ষিক প্ৰচেষ্টা আৰু উৎসাহপূৰ্ণ অংশগ্ৰহণৰ স্বীকৃতি হিচাপে সকলো অংশগ্ৰহণকাৰীকে অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।


লক্ষ্যণীয় যে, কুলধৰ দাস স্কলাৰ্ছ ছামিটৰ সফল দ্বিতীয় সংস্কৰণে শৈক্ষিক অনুসন্ধিৎসা, আন্তঃবিষয়ক শিক্ষণ আৰু চিন্তাশীল নেতৃত্বৰ বিকাশক কেন্দ্ৰ কৰি মডাৰ্ণ ইংলিছ স্কুলৰ শিক্ষাদৰ্শনৰ এক গুৰুত্বপূৰ্ণ দিশক অধিক সুদৃঢ় ৰূপ প্ৰদান কৰিছে। প্ৰশ্ন কৰা, সহযোগিতাৰে কাম কৰা আৰু আত্মবিশ্বাসেৰে নিজৰ চিন্তা প্ৰকাশৰ অভ্যাস গঢ়ি তোলাৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলক কেৱল শৈক্ষিক ক্ষেত্ৰৰ বাবেই নহয়, ভৱিষ্যতৰ দায়িত্বশীল বিশ্ব নাগৰিক হিচাপেও প্ৰস্তুত কৰাৰ বিদ্যালয়খনৰ লক্ষ্যই সন্মিলনখনৰ সমগ্ৰ আয়োজনত বিশেষ গুৰুত্ব লাভ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here