৬ ছেপ্টেম্বৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 30 August 2026

৬ ছেপ্টেম্বৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’


 

W7s news,,গুৱাহাটী, ৩০ আগষ্ট: কথক নৃত্যাংগনা, অভিনেত্ৰী তথা পৰিচালক বি. পালকীৰ নতুন চাইক’-পলিটিকেল নাটক ‘ৱহ কক্ষ’ অহা ৬ ছেপ্টেম্বৰত গুৱাহাটীত প্ৰথমবাৰৰ বাবে মঞ্চস্থ হ’ব। আৰ্য প্ৰডাকচনছৰ বেনাৰত প্ৰযোজিত এই নাটকখনত ক্ষমতা, ভয় আৰু নীৰৱতাৰ আঁৰত লুকাই থকা বিভিন্ন দিশ উন্মোচনৰ চেষ্টা কৰা হৈছে।


এটা কোঠাৰ ভিতৰত সংঘটিত হোৱা কাহিনীটোক কেন্দ্ৰ কৰি আগবঢ়া নাটকখনত আছে তিনিটা কণ্ঠ। কোনো সহজ সিদ্ধান্ত বা উত্তৰ আগবঢ়োৱাৰ পৰিৱৰ্তে ‘ৱহ কক্ষ’ই দৰ্শকক ক্ষমতাৰ আঁৰত কি লুকাই আছে, ভয়েই মানুহৰ সিদ্ধান্তক কেনেদৰে প্ৰভাৱিত কৰে আৰু নীৰৱতা কেতিয়া এক ভাষাত পৰিণত হয়—সেই বিষয়ে ভাবিবলৈ বাধ্য কৰিব।


নাটকখনত গৌৰাংগ নাৰায়ণ দেৱ, আকাশ শইকীয়া আৰু বি. পালকীয়ে অভিনয় কৰিব। জ্ঞানদীপ ডেকাই সংগীত পৰিচালনা আৰু ডিম্পল এছ. কে.ই পোহৰ ব্যৱস্থাপনা কৰিছে। মঞ্চসজ্জাৰ দায়িত্বত আছে গৌৰাংগ নাৰায়ণ দেৱ আৰু আকাশ শইকীয়া।


প্ৰযোজনাটোৰ সৈতে প্ৰিয়ংশু মেধি, আৰবাব ওমৰ, ৰিদিপ আৰু মধুৰ্জ্য ফুকনো জড়িত হৈ আছে।


এটা সীমিত আৰু অন্তৰংগ মঞ্চ পৰিৱেশৰ মাজেৰে নিৰ্মিত এই নাটকখনে ক্ষমতা আৰু ইয়াৰ মানসিক প্ৰভাৱক এক ভিন্ন দৃষ্টিকোণেৰে উপস্থাপন কৰাৰ চেষ্টা কৰিছে। ‘ৱহ কক্ষ’ত ক্ষমতাৰ দৃশ্যমান ৰূপটোৰ লগতে তাৰ আঁৰত থকা ভয় আৰু নীৰৱতাকো অনুসন্ধান কৰা হৈছে।


নাটকখনৰ প্ৰথম মঞ্চায়ন ৬ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে সন্ধিয়া ৬:৩০ বজাত গুৱাহাটীৰ ছিগাল থিয়েটাৰ ষ্টুডিঅ’ত অনুষ্ঠিত হ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here