উজনি অসমৰ বানপীড়িতৰ কাষত এনইএআইডি; সাহায্যৰ লগতে ছাত্ৰ-ছাত্ৰীক পুনৰ বিদ্যালয়মুখী কৰা আৰু পুনৰ্নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 29 August 2026

উজনি অসমৰ বানপীড়িতৰ কাষত এনইএআইডি; সাহায্যৰ লগতে ছাত্ৰ-ছাত্ৰীক পুনৰ বিদ্যালয়মুখী কৰা আৰু পুনৰ্নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ


 

W7s news,,গুৱাহাটী, অসমঃ উজনি অসমত প্ৰাকৃতিক দুৰ্যোগৰ বিভীষিকাই বিধ্বস্ত কৰা লোকসকলৰ জীৱন পুনৰ গঢ় দিয়াৰ লক্ষ্যৰে আগবাঢ়ি আহিছে নৰ্থইষ্ট চেণ্টাৰ ফৰ ইকুইটি একচন অন ইন্টিগ্ৰেটেড ডেভেলপমেণ্ট (এনইএআইডি)। উজনি অসমৰ তিনিখন জিলাত শেহতীয়াকৈ হোৱা বানপানীৰ ফলত সৰ্বস্বান্ত হোৱা লোকসকলৰ কাষত থিয় দি সাহায্য প্ৰদান, শিশুসকলৰ বিদ্যালয়লৈ প্ৰত্যাৱৰ্তন অভিযান আৰু পুনৰ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰে সংস্থাটোৱে। এই কাৰ্যসূচীৰ অধীনত শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ ৪৮টা স্থানৰ ৪,৫০০তকৈ অধিক পৰিয়ালক জৰুৰীকালীন সাহায্য সামগ্ৰী যোগান ধৰা হয়। বিগত ২৪ জুলাই, ২০২৬ৰ পৰা আৰম্ভ হোৱা এই সাহায্য অভিযানৰ জৰিয়তে এনইএআইডিয়ে ৩,৫৭০টা পৰিয়ালক শুকান খাদ্য সামগ্ৰীৰ কিট আৰু ৪,৫৩৭টা পৰিয়ালক ৱাশ্ব কিট বিতৰণ কৰে। ইয়াৰ উপৰিও অভাৱগ্ৰস্ত পৰিয়ালসমূহক ৯৬৮খন তুলি, ৩০০টা সৌৰ শক্তিচালিত লেম্প আৰু টৰ্চ প্ৰদান কৰা হয়।


উল্লেখ্য যে,  ২৯ আগষ্ট, ২০২৬ত আনুষ্ঠানিকভাৱে সামৰণি পৰিব এই সাহায্য অভিযানৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী। এই অন্তিম পৰ্যায়ত শিৱসাগৰ আৰু চৰাইদেউৰ আটাইতকৈ ক্ষতিগ্ৰস্ত পাঁচখন গাঁৱৰ ৮২০টা সংগ্ৰামী পৰিয়ালৰ মাজত দৈনন্দিন জীৱন ধাৰণৰ অতি প্ৰয়োজনীয় সামগ্ৰী, যেনে শোৱা তুলি, বিশুদ্ধ খোৱাপানীৰ ফিল্টাৰ, পাকঘৰৰ লাগতিয়াল বাচন-বৰ্তন আৰু স্বাস্থ্য সুৰক্ষাৰ ৱাশ্ব কিট তুলি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।


ইফালে, শিৱসাগৰ জিলা শিক্ষা বিভাগৰ সহযোগত গ্ৰহণ কৰা “বেক টু স্কুল কেম্পেইন” অৰ্থাৎ বিদ্যালয়লৈ প্ৰত্যাৱৰ্তন অভিযানৰ জৰিয়তে বানবিধ্বস্ত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক যাত্ৰা অব্যাহত ৰখাৰ ব্যৱস্থা কৰে এনইএআইডিয়ে। শিৱসাগৰ জিলা শিক্ষা বিভাগৰ সহযোগত আৰম্ভ কৰা এই অভিযানৰ অধীনত এতিয়ালৈকে ১,৩৩০টা স্কুল বেগ আৰু লিখন-সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হৈছে। এই অভিযানৰ জৰিয়তে মুঠ ২,০০০গৰাকী শিক্ষাৰ্থীক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে সংস্থাটোৱে। একেদৰে, বিদ্যালয়লৈ প্ৰত্যাৱৰ্তন কৰা শিশুসকলৰ বাবে অধিক সুৰক্ষিত আৰু স্বাস্থ্যসন্মত পৰিৱেশ নিশ্চিত কৰাৰ উদ্দেশ্যে শিক্ষানুষ্ঠানসমূহক পানী, অনাময় আৰু পৰিচ্ছন্নতা (ৱাশ্ব) সামগ্ৰীৰ টোপোলা প্ৰদান কৰা হৈছে। ইয়াৰোপৰি বানত ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ আন্তঃগাঁথনিৰ প্ৰাথমিক মেৰামতিৰ কামত সহায় কৰাৰ লগতে শিশুসকলৰ মানসিক বিকাশৰ বাবে বিনোদনমূলক সামগ্ৰী যোগান ধৰাৰো পৰিকল্পনা গ্ৰহণ কৰিছে এনইএআইডিয়ে।


আনহাতে, কেৱল জৰুৰীকালীন সাহায্য বিতৰণৰ মাজতে নিজৰ দায়িত্ব সীমাবদ্ধ নাৰাখি দুৰ্যোগ ব্যৱস্থাপনাৰ আন্তঃসংস্থা গোটৰ (আইএজি) এক সক্ৰিয় অংশীদাৰ হিচাপে যৌথ ক্ষেত্ৰভিত্তিক জৰীপতো অংশ লয় এনইএআইডিয়ে। জিলা শিশু সুৰক্ষা কোষ আৰু ৰে'ল আৰক্ষীৰ যৌথ সমন্বয়ত বানাক্ৰান্ত তথা অধিক বিপদাশংকাপূৰ্ণ অঞ্চলসমূহত শিশু সুৰক্ষাৰ সংকট চিনাক্তকৰণৰ লগতে মানৱ সৰবৰাহ বিৰোধী এক ব্যাপক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণৰ প্ৰস্তুতি চলোৱা হৈছে।


এবছৰীয়া “ৰি-বিল্ড” অৰ্থাৎ পুনৰ নিৰ্মাণ পদক্ষেপৰ জৰিয়তে বানাক্ৰান্ত পৰিয়ালসমূহক স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব সংস্থাটোৱে। এই পুনৰ সংস্থাপন অভিযানৰ অধীনত জৰুৰী ঘৰুৱা সামগ্ৰী যোগান, ভাঙি পৰা ঘৰ আৰু বিদ্যালয় মেৰামতি, উপাৰ্জনৰ পথ পুনৰুজ্জীৱিত কৰা, বৃক্ষৰোপণৰ জৰিয়তে পৰিৱেশ পুনৰুদ্ধাৰ আৰু শিশু তথা কিশোৰ-কিশোৰীসকলক নিৰন্তৰ মানসিক সমৰ্থন আগবঢ়োৱা হ'ব। ইয়াৰ উপৰিও তৃণমূল পৰ্যায়ত শিশু সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি বানপীড়িত অঞ্চলসমূহত ভৱিষ্যতৰ দুৰ্যোগ প্ৰতিৰোধ কৰিব পৰাকৈ এক আত্মনিৰ্ভৰশীল সমাজ গঢ়ি তোলাৰো সংকল্প গ্ৰহণ কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here