মুক্তি যুঁজাৰু পথৰ মহিলা সকলৰ স্বচ্ছতা কৰ্মক প্ৰশংসা মেয়ৰৰ
W7s news গুৱাহাটী: গুৱাহাটীখন স্বচ্ছ কৰি ৰখাৰ বাবে চলি আছে 'স্বচ্ছতা প্ৰতিযোগিতা'।
কপৌফুলৰ ৰঙেৰে সজাই তোলা হৈছে গুৱাহাটী মহানগৰক। দেওবাৰে 'স্বচ্ছ গুৱাহাটী' প্ৰতিযোগিতাৰ অন্তৰ্গত ২৯ নং ৱাৰ্ড পৰিভ্ৰমণ মেয়ৰ মৃগেন শৰণীয়াই। তেওঁ দেওবাৰে ৰূপনগৰৰ মুক্তি যুঁজাৰুপথস্থিত সেৱা মন্দিৰ ৰাজহুৱা নামঘৰ কমিটীৰ মহিলা সকলৰ স্বচ্ছতা কৰ্মক প্ৰশংসা কৰে। তেওঁ লগতে কয়-
গুৱাহাটীৰ ৩৫০ টাত কৈ অধিক নামঘৰ কমিটী, উন্নয়ন কমিটী, নাগৰিক কমিটীয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত অংশ কৰিছে। ৫ ছেপ্টেম্বৰলৈ চলিব এই প্ৰতিযোগিতা। ইয়াৰ জৰিয়তে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'স্বচ্ছ ভাৰত' গঢ়াৰ সপোন বাস্তবায়িত কৰাৰ প্ৰয়াস।
প্ৰধানমন্ত্ৰীৰ ওপজা দিন ১৭ ছেপ্টেম্বৰৰ লগত সংগতি ৰাখি বঁটা প্ৰদান কৰা হ'ব। আনহাতে
নামঘৰ কমিটীয়ে উপ-পথটোৰ অবৈধ দোকান উচ্ছেদ কৰিবলৈ আৰু পৰ্যাপ্ত ষ্টীট লাইটৰ ব্যৱস্হা কৰিবলৈ এখন পত্ৰ মেয়ৰ শৰণীয়াক প্ৰদান কৰে।
উল্লেখ্য, কমিটীৰ মহিলাসকলে প্ৰতি পুৱা ৫.৩০ বজাৰ পৰা উক্ত পথত স্বচ্ছতা কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে গছপুলি ৰোপণ কৰি উপ-পথটোৰ পৰিবেশ নিকা কৰাৰ বাবে কাম অব্যাহত ৰাখিছে।
No comments:
Post a Comment