অমিত ৰায়ৰ “অ’ মাই ডগ”ৰ জৰিয়তে বলিউডত অভিষেকৰ বাবে সাজু ৰাষ্ট্ৰীয় পুৰস্কাৰ প্রাপ্ত অসমীয়া প্ৰযোজক তথা অভিনেত্ৰী সুলক্ষণা বৰুৱাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 1 August 2026

অমিত ৰায়ৰ “অ’ মাই ডগ”ৰ জৰিয়তে বলিউডত অভিষেকৰ বাবে সাজু ৰাষ্ট্ৰীয় পুৰস্কাৰ প্রাপ্ত অসমীয়া প্ৰযোজক তথা অভিনেত্ৰী সুলক্ষণা বৰুৱাৰ


 

W7s news,,গুৱাহাটী | ১ আগষ্ট, ২০২৬: আঞ্চলিক চলচ্চিত্ৰত অৰ্জন কৰা সাফল্যৰ পিছত এইবাৰ বলিউডত অভিষেক ঘটাবলৈ সাজু হৈছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অসমীয়া প্ৰযোজক তথা অভিনেত্ৰী সুলক্ষণা বৰুৱা। প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা অমিত ৰায় পৰিচালিত পূৰ্ণদৈৰ্ঘ্যৰ হিন্দী ছবি ‘অ’ মাই ডগ’ৰ জৰিয়তে এইবাৰ হিন্দী চলচ্ছিত্ৰ জগতৰ ৰূপালী পৰ্দাত ভৰি দিব সুলক্ষণাই। উল্লেখ্য যে, এই ছবিখন অহা ৭ আগষ্টত সমগ্ৰ দেশজুৰি ছবিগৃহত মুক্তি লাভ কৰিব।

এটি কণমানি শিশু আৰু এটা পথৰ কুকুৰৰ অদ্ভুত অথচ হৃদয়স্পৰ্শী সম্পৰ্কক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে অমিত ৰায়ৰ নতুন হিন্দী ছবি ‘অ’ মাই ডগ’। ‘অ’এমজি ২’ৰ অভূতপূৰ্ব সাফল্যৰ পিছত এইবাৰ ‘অ’ মাই ডগ’ৰ জৰিয়তে ছবিপ্ৰেমীক এক ব্যতিক্ৰমী অনুভূতি প্ৰদান কৰিবলৈ সাজু হৈছে অমিত ৰায়। এই ছবিখনত যশস্বী অভিনেতা পংকজ ত্ৰিপাঠী, পৱন মালহোত্ৰা, গীতা আগৰৱাল শৰ্মা, ৰাজেশ কুমাৰ, মাহী ৰায় আৰু সুলক্ষণা বৰুৱাক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। মানুহ আৰু জন্তুৰ গভীৰ সম্পৰ্ক, বন্ধুত্ব, সহমৰ্মিতা আৰু মৰমৰ নিৰাময়কাৰী শক্তিক এই ছবিখনৰ মূল কাহিনীৰ আধাৰ হিচাপে উপস্থাপন কৰা হৈছে।

ইফালে, সুলক্ষণা বৰুৱাৰ বাবে ‘অ’ মাই ডগ’ কেৱল বলীউডত অভিষেকৰ ছবিয়েই নহয়, শিল্পমান আৰু অৰ্থপূৰ্ণ কাহিনী উপস্থাপনৰ প্ৰতি তেওঁৰ দীৰ্ঘদিনৰ প্ৰতিশ্ৰুতিৰ যাত্ৰাত ই আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।

মুম্বাইৰ চেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা মাছ মিডিয়াত স্নাতক আৰু প্ৰাগৰ ফিল্ম এণ্ড টিভি স্কুল অৱ দ্য একাডেমী অৱ পাৰফৰ্মিং আৰ্টছ (এফএএমইউ)-ৰ চলচ্চিত্ৰ নিৰ্মাণ বিভাগৰ প্ৰাক্তন ছাত্ৰী সুলক্ষণা বৰুৱাই অভিনয়ত আত্মপ্ৰকাশ কৰে ‘অদম্য’ ছবিখনৰ জৰিয়তে। পিছলৈ ‘মাজ ৰাতি কেতেকী’, ‘অনুনাদ’ আৰু ‘ৰ’দৰ পাখি’ৰ দৰে ছবিত অভিনয় কৰি তেওঁ সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। তেওঁ অভিনীত একাধিক ছবি দেশ-বিদেশৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। সুলক্ষণা বৰুৱা অভিনীত অসমীয়া কথাছবি ‘মাজ ৰাতি কেতেকী’য়ে শ্ৰেষ্ঠ অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি হিচাপে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে আন এখন ছবি ‘অনুনাদ’ ছবিয়ে সামাজিক বিষয়ভিত্তিক শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বিভাগত ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। 

অভিনয়ৰ উপৰিও অৰ্থপূৰ্ণ আঞ্চলিক চলচ্চিত্ৰ নিৰ্মাণতো এক স্বকীয় পৰিচয় গঢ়ি তুলিছে সুলক্ষণা বৰুৱাই। তেওঁৰ প্ৰযোজিত ‘মিচিং’ আৰু ‘চিকাইছিল’ শীৰ্ষক ছবি দুখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰি ছবিপ্ৰেমীৰ প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হৈছে। চলচ্চিত্ৰৰ মাধ্যমেৰে জনজাতীয় ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণ তথা বিকাশত তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰে স্বীকৃতি বহন কৰে এই সাফল্যই।

বলীউডত অভিষেক সন্দৰ্ভত সুলক্ষণা বৰুৱাই কয়, “বলীউডত মোৰ প্ৰথম ছবি হিচাপে ‘অ’ মাই ডগ’তকৈ বিশেষ একো হ’ব নোৱাৰিলেহেঁতেন। অমিত ৰায় এনে এজন পৰিচালক, যিয়ে প্ৰতিগৰাকী শিল্পীক যথোপযুক্ত গুৰুত্ব দিয়ে। তেওঁৰ কামৰ স্পষ্ট দৃষ্টিভংগীয়ে সমগ্ৰ সৃজনশীল প্ৰক্ৰিয়াটোকে অসাধাৰণভাৱে সমৃদ্ধ কৰি তোলে। পংকজ ত্ৰিপাঠী ছাৰ, পৱন মলহোত্ৰা ছাৰ আৰু গীতা আগৰৱাল শৰ্মা মেমৰ দৰে অসাধাৰণ শিল্পীসকলৰ সৈতে কাম কৰাৰ সুযোগ পোৱাটো মোৰ বাবে সঁচাকৈয়ে গৌৰৱৰ বিষয়। তেওঁলোকৰ নিষ্ঠা, আন্তৰিকতা আৰু সহ-শিল্পীসকলৰ প্ৰতি উদাৰ মানসিকতাই মোৰ মনত গভীৰ সাঁচ বহুৱাই গৈছে। অসমীয়া চিনেমাৰ পৰা যিখিনি শিকিছোঁ, তাৰ সমগ্ৰ খিনিয়েই মই এই নতুন যাত্ৰাত লগত লৈ আনিছোঁ। মোৰ আশা, ‘অ’ মাই ডগ’য়ে সমগ্ৰ দেশতে আৰু বহু অৰ্থপূৰ্ণ কাহিনী উপস্থাপনৰ পথ মুকলি কৰি দিব, আৰু সেই যাত্ৰাত উত্তৰ-পূব ভাৰতৰ সমৃদ্ধ কাহিনী উপস্থাপনৰ ঐতিহ্যকো মই গৌৰৱৰ সৈতে দাঙি ধৰিব পাৰিম।”

কেমেৰাৰ সন্মুখত অভিনয়ৰ উপৰিও ভাৰতীয় চলচ্চিত্ৰ জগততো ক্ৰমান্বয়ে প্ৰভাৱশালী এক কণ্ঠস্বৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰিছে সুলক্ষণা বৰুৱাই। কাঁ চলচ্চিত্ৰ মহোৎসৱসহ একাধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁ অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰিও ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া (আইএফএফআই)-ৰ প্ৰিভিউ কমিটিৰ সদস্য হিচাপেও দায়িত্ব পালন কৰিছে। বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত বিচাৰকৰ ভূমিকাতো তেওঁক দেখা গৈছে, যিয়ে ভাৰতীয় চলচ্চিত্ৰৰ পৰিসৰত তেওঁৰ ক্ৰমবৰ্ধমান অৱদানৰেই পৰিচয় বহন কৰে।

অসম তথা উত্তৰ-পূব ভাৰতৰ দৰ্শকসকলৰ বাবে সুলক্ষণা বৰুৱাৰ এই বলীউডত অভিষেক মূলধাৰাৰ ভাৰতীয় চিনেমাত এই অঞ্চলটোৰ ক্ৰমান্বয়ে শক্তিশালী হৈ উঠা উপস্থিতিৰ আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ‘অ’ মাই ডগ’ৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰিসৰত নতুন যাত্ৰা আৰম্ভ কৰিছে সুলক্ষণা বৰুৱাই। কিন্তু বাস্তৱধৰ্মী কাহিনী, সাংস্কৃতিক শিপাৰ প্ৰতি দায়বদ্ধতা আৰু শিল্পমানৰ প্ৰতি তেওঁৰ যি নিষ্ঠা, সেই পৰিচয়েই তেওঁৰ কামৰ মূল ভেটি হৈ ৰৈছে।

উল্লেখ্য যে, ২০২৬ বৰ্ষৰ ৭ আগষ্টত সমগ্ৰ দেশৰ ছবিগৃহত মুক্তি লাভ কৰিব ‘অ’ মাই ডগ’ ছবিখনে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here