'
W7s news,,গুৱাহাটী, ১ আগষ্ট: সাংস্কৃতিক সংগঠন 'ভংঙ্গিমা'ৰ উদ্যোগত ১৭ জুলাইৰ পৰা ২৬ জুলাইলৈ অনুষ্ঠিত হোৱা ১০ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি ২৭ জুলাইত বামুণীমৈদানৰ গণেশনগৰস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (এনএছডি)ৰ স্নাতক, বিশিষ্ট অভিনেতা তথা সাংস্কৃতিক কৰ্মী ৰাজু ৰয়ৰ বাসগৃহত অনুষ্ঠিত হয়।
কৰ্মশালাখনত অংশগ্ৰহণকাৰী শিশুসকলক নৃত্য, নাটক আৰু মুকাভিনয়ৰ প্ৰশিক্ষণ দিয়াৰ উপৰি ব্যক্তিত্ব বিকাশ, সৃজনশীল চিন্তাধাৰা আৰু সামাজিক দায়বদ্ধতাৰ বিষয়তো দীক্ষা প্ৰদান কৰা হয়। কৰ্মশালাত প্ৰশিক্ষক হিচাপে ৰাজু ৰয়ৰ লগতে গণেশ কলিতা, মৃন্ময় বৰা আৰু ছাইফুল আলিয়ে প্ৰশিক্ষণ আগবঢ়ায়।
কৰ্মশালাত অংশগ্ৰহণ কৰা শিশুশিল্পীসকল আছিল—আলিছা নাছা, অনুষ্কা কাশ্যপ, উৰ্জিতা কাশ্যপ, কাকোমণি কলিতা, শিল্পীশিখা কলিতা, হৰ্ষিতা তালুকদাৰ, বিচিত্ৰা থাপা, অনুসূয়া বৰা, নিশান্ত মজুমদাৰ, যীয়ুচ মজুমদাৰ, হিয়াশ্ৰী ৰাজবংশী, খ্যাতি মেধি আৰু ৰিয়ান শৰ্মা।
সামৰণি অনুষ্ঠানত মৃন্ময় ভূঞা, ৰাজীৱ কুমাৰ সাউদ আৰু শ্ৰীয়ান ছ. শৰ্মা অতিথি হিচাপে উপস্থিত থাকে। স্থানীয় ৰাইজৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক সজীৱ আৰু মনোমোহা কৰি তোলে।
ভংঙ্গিমাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে এনে কৰ্মশালাৰ মূল উদ্দেশ্য হৈছে শিশুসকলৰ সৃজনশীল প্ৰতিভাৰ বিকাশ ঘটোৱাৰ লগতে শিল্প-সংস্কৃতিৰ প্ৰতি আগ্ৰহ বৃদ্ধি আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰা।

No comments:
Post a Comment