- W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 1 August 2026


 *যোৰহাট আৰু শিৱসাগৰৰ বানপীড়িত লোকসকলৰ কাষত বেদান্ত অইল এণ্ড গেছ* 


 *যোৰহাট, জুলাই ৩১, ২০২৬:* শেহতীয়াকৈ অসমৰ বিভিন্ন অঞ্চলত হোৱা বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে বেদান্ত অইল এণ্ড গেছে বান সাহায্য অভিযান চলাইছে। এই অভিযানৰ অধীনত যোৰহাট জিলাৰ টীয়ক আৰু যোৰহাট অঞ্চলৰ লগতে শিৱসাগৰ জিলাৰ নামতিৰ বানপীড়িত পৰিয়ালসমূহৰ মাজত শুকান খাদ্য সামগ্ৰী আৰু বিশুদ্ধ খোৱাপানী বিতৰণ কৰা হৈছে, যাতে দুৰ্যোগৰ এই কঠিন সময়ত তেওঁলোকৰ জৰুৰী প্ৰয়োজনসমূহ পূৰণত কিছু সকাহ লাভ কৰে।


সাহায্য সামগ্ৰীৰ ভিতৰত চাউল, দাইল, খাদ্য তেল, আলু, পিয়াঁজ, মমবাতি আৰু বিশুদ্ধ খোৱাপানীৰ দৰে নিত্য প্ৰয়োজনীয় সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে। এই সামগ্ৰীসমূহে বানপীড়িত পৰিয়ালসমূহক দৈনন্দিন জীৱনৰ প্ৰয়োজনীয়তা পূৰণত যথেষ্ট সহায় কৰিছে বুলি উপকৃত লোকসকলে উল্লেখ কৰে।


এই উপলক্ষে বেদান্ত অইল এণ্ড গেছে জানিবলৈ দিয়ে যে, নিজৰ কাৰ্যক্ষেত্ৰৰ অন্তৰ্গত অঞ্চলসমূহৰ জনসাধাৰণৰ সৈতে সদায় একাত্ম হৈ থকাটো কোম্পানীটোৰ অন্যতম লক্ষ্য। সেই উদ্দেশ্যে সময়োপযোগী মানৱীয় সহায় আগবঢ়োৱাৰ লগতে বিভিন্ন সামাজিক উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে। বানৰ এই কঠিন সময়তো স্থানীয় অংশীদাৰসকলৰ সৈতে সমন্বয় ৰক্ষা কৰি সাহায্য আৰু পুনৰুদ্ধাৰ কাৰ্যত কোম্পানীটোৱে সহযোগিতা অব্যাহত ৰাখিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here