জিএনআৰচি হাস্পতালৰ দ্বাৰা আয়োজিত "মূৰৰ বিষৰ আধুনিক চিকিৎসা" শীর্ষক গ্রীষ্মকালীন বৈজ্ঞানিক অবিৰত চিকিৎসা শিক্ষা অনুষ্ঠানৰ সফল সমাপ্তি (Summer CME 2026)। - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 25 July 2026

জিএনআৰচি হাস্পতালৰ দ্বাৰা আয়োজিত "মূৰৰ বিষৰ আধুনিক চিকিৎসা" শীর্ষক গ্রীষ্মকালীন বৈজ্ঞানিক অবিৰত চিকিৎসা শিক্ষা অনুষ্ঠানৰ সফল সমাপ্তি (Summer CME 2026)।




চিএমই খনত মুম্বাই আৰু নতুন দিল্লীৰ বিশিষ্ট স্নায়ুৰোগ বিশেষজ্ঞসকলে Trigemino-Autonomic Cephalalgias (TACs) আৰু মাইগ্ৰেইনৰ আধুনিক চিকিৎসা বিষয়ক সাম্প্রতিক অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে।


W7s news গুৱাহাটী:: জিএনআৰচি হাস্পতালে ২৫ জুলাই, ২০২৬ শনিবাৰে সন্ধিয়া ৬:০০ বজাৰ পৰা ৮:৩০ বজালৈ গুৱাহাটীৰনেফ্ফিৰ প্ৰেক্ষাগৃহত গ্রীষ্মকালীন চিএমই ২০২৬-মূৰৰ বিষৰ চিকিৎসাৰ শেহতীয়া অগ্রগতি (Summer CME 2026- Update on Headache) সফলভাবে আয়োজন কৰে। এই বৈজ্ঞানিক অনুষ্ঠানত চিকিৎসক, স্নায়ুৰোগ বিশেষজ্ঞ, স্নাতকোত্তৰ শিক্ষার্থী আৰু স্বাস্থ্যসেৱাৰ সৈতে জড়িত বহু পেছাদাৰী ব্যক্তিয়ে মূৰৰ বিষৰ চিকিৎসা সম্পৰ্কীয় জ্ঞান বৃদ্ধি আৰু ৰোগীসেৱাৰ মান উন্নয়নৰ উদ্দেশ্যে এক শৈক্ষিক মঞ্চত অংশগ্রহণ কৰে।


এই অনুষ্ঠান জিএনআৰচি হাস্পতালৰ দিছপুৰ শাখাৰ স্নায়ুৰোগ বিভাগে ভাৰতীয় চিকিৎসক সন্থা, গুৱাহাটী শাখাৰ (Association of Physicians of India, Guwahati Branch) সহযোগত আয়োজন কৰে। চিএমই খনৰ বৈজ্ঞানিক কাৰ্যসূচীত মাইগ্রেইন, Secondary Headache, Red Flag লক্ষণ, Neuroimaging আৰু CGRP-ভিত্তিক আধুনিক চিকিৎসাসহ শেহতীয়া চিকিৎসা নির্দেশনা, ব্যৱহাৰিক ক্লিনিকেল দৃষ্টিভংগী আৰু বিশেষজ্ঞসকলৰ সৈতে আন্তঃক্রিয়ামূলক আলোচনা অন্তর্ভুক্ত আছিল। জিএনআৰচি গ্রুপ অৱ হাস্পতালৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ নোমল চন্দ্ৰ বৰা অনুষ্ঠানটোৰ মুখ্য পৃষ্ঠপোষক হিচাপে উপস্থিত আছিল। শ্রীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচার্য ডাঃ অনুপ কুমাৰ বৰ্মন মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানটোক বিশেষ মর্যাদা প্রদান কৰে।

চিএমই খনৰ বৈজ্ঞানিক কার্যসূচী দুটা শৈক্ষিক অধিৱেশনত বিভক্ত আছিল। প্রথম অধিৱেশনৰ বিষয় আছিল "The ABC... of TACs (Trigemino-Autonomic Cephalalgias)"। এই বিষয়ত ভাষণ আগবঢ়ায় মুম্বাইস্থিত জছল'ক হাস্পতাল আৰু লীলাৱতি হাস্পতালৰ "মূৰৰ বিষ আৰু মাইগ্ৰেইন ক্লিনিক"ৰ দায়িত্বত থকা পৰামৰ্শদাতা ডাঃ কে. ৰবিশংকৰে। অধিৱেশনখনৰ সভাপতি আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ স্নায়ুৰোগ বিভাগৰ অধ্যাপক ডাঃ মৰমী দাস আৰু সঞ্চালক আছিল ভাৰতীয় চিকিৎসা সন্থাৰ, গুৱাহাটী শাখাৰ সম্পাদক ডাঃ মানবেন্দ্র নায়ক। দ্বিতীয় অধিৱেশনৰ বিষয় আছিল "Recent Advances in the Manage-ment of Migraine"। এই বিষয়ত বক্তব্য আগবঢ়ায় জিবি পল্ট হাস্পতাল নতুন দিল্লী, স্নায়ুৰোগ বিভাগৰ প্ৰাক্তন বিভাগীয় মুৰব্বী তথা অধ্যাপক আৰু বি.এল.কে.-মেক্স চেণ্টাৰ অৱ নিউৰ'লজী, নতুন দিল্লীৰ উপ-অধ্যক্ষ আৰু শৈক্ষিক মুৰব্বী, অধ্যাপক ড° দেৱাশীষ চৌধুৰীয়ে। অধিৱেশনখনৰ সভাপতি আছিল গুৱাহাটীৰ এপ'ল' এক্সেলকেয়াৰ হাস্পতালৰ স্নায়ুৰোগ বিভাগ আৰু শৰীৰৰ অঙ্গৰ চলাচলৰ বিকাৰৰ পৰামৰ্শদাতা ডাঃ লক্ষ্য জে. বসুমতাৰী।


দুয়োটা অধিৱেশনৰ অন্তত বিশেষজ্ঞসকলৰ সৈতে প্রশ্নোত্তৰ পৰ্ব অনুষ্ঠিত হয়, য'ত অংশগ্রহণকাৰীসকলে চিকিৎসা-ব্যৱস্থা আৰু শেহতীয়া গৱেষণা সম্পর্কে বিশেষজ্ঞসকলৰ সৈতে মত বিনিময়ৰ সুযোগ লাভ কৰে।

এই অনুষ্ঠানত জিএনআৰচি হাস্পতালৰ ষ্ট্ৰ'ক কেয়াৰক RES-Q Registry-ত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে WSO Angels Diamond Award প্রদান কৰা হয়। লগতে RES-Q Registry Core Team-ৰ সদস্যসকল ক্রমে- ডাঃ ৰূপজ্যোতি দাস, ডাঃ নবজ্যোতি বৰকটকী, ডাঃ আলফাৰিদ শ্বাহিদ আলী, ডাঃ সুব্রত দের ভাগৱতী, ডাঃ অনন্যা বর্মন, নীলোৎপল কুমাৰ,  ছায়াৰী ৰয় আৰু  বিদ্যুৎ চন্দক সম্বর্ধনা জনোৱা হয়।

এই অনুষ্ঠান সফলভাৱে পৰিচালনা কৰে এক অভিজ্ঞ আয়োজক সমিতিয়ে।

জিএনআৰচি হাস্পতালৰ দিছপুৰ শাখাৰ স্নায়ুৰোগ বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ নৱজ্যোতি বৰকটকী আৰু জিএনআৰচি হাস্পতালৰ দিছপুৰ শাখাৰ স্নায়ুৰোগ বিভাগৰ পৰামৰ্শদাতা ডাঃ আলফাবিদ শাহিদ আলীয়ে যুটীয়াভারে আয়োজক সম্পাদক হিচাপে অনুষ্ঠানটোৰ পৰিকল্পনা, সমন্বয় আৰু সফল ৰূপায়ণৰ নেতৃত্ব দিয়ে।


তেওঁলোকক সহযোগিতা কৰে সহ-আয়োজক সম্পাদক জিএনআৰচি হাস্পতালৰ দিছপুৰ শাখাৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ ৰূপজ্যোতি দাস, উত্তৰ গুৱহাটীস্থিত জিএনআৰচি মেডিকেলৰ স্নায়ুৰোগ বিভাগৰ মুৰব্বী ডাঃ অমিত ৰঞ্জন বৰুৱা আৰু জিএনআৰচি ছয় মাইল শাখাৰ স্নায়ুৰোগ বিভাগৰ সহযোগী ডাঃ প্রসেনজিৎ ডেকা।


ডাঃ নৱজ্যোতি বৰকটকীয়ে জনায় যে, "মূৰৰ বিষ হৈছে আমাৰ চিকিৎসা-প্রক্রিয়াত সর্বাধিক দেখা সমস্যাসমূহৰ ভিতৰত এটা। তথাপিও এই ৰোগসমূহ বহু ক্ষেত্রত সঠিকভারে চিনাক্ত নহয় আৰু উপযুক্ত চিকিৎসাৰ অভাৱ দেখা যায়। গ্রীষ্মকালীন চিএমই ২০২৬-ৰ জৰিয়তে আমি এই অঞ্চলৰ চিকিৎসকসকলক মাইগ্রেইন আৰু Trigemino-Autonomic Cephalalgias সম্পর্কে শেহতীয়া বৈজ্ঞানিক তথ্য, ৰোগ নিৰ্ণয়ৰ Red Flag লক্ষণ আৰু CGRP-ভিত্তিক নতুন চিকিৎসা পদ্ধতিৰ সৈতে পৰিচিত কৰাৰ লক্ষ্য লৈছো। ডাঃ কে. ৰবিশংকৰ আৰু অধ্যাপক ড° দেৱাশীষ চৌধুৰীৰ দৰে বিশিষ্ট অভিজ্ঞ বিশেষজ্ঞসকলৰ সৈতে আমাৰ চিকিৎসা বৃত্তিত জড়িত ব্যক্তিসকলে মত-বিনিময় কৰাৰ সুযোগ লাভ কৰাৰ দ্বাৰা এই অঞ্চলৰ ৰোগীসকলৰ চিকিৎসাত বিশেষভাৱে উপকাৰ সাধন কৰিব পৰাটোৱেই আমাৰ কাম্য।” অনুষ্ঠানৰ অন্তত ডাঃ আলফাৰিদ শাহিদ আলীয়ে উপস্থিত আটাইকে ধন্যবাদ জ্ঞাপন কৰে।



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here