W7s news,,গুৱাহাটী; ২৫ জুলাই, ২০২৬: উন্নত চিকিৎসাসেৱা আৰু ৰোগীৰ নিৰাপত্তাৰ প্ৰতি থকা প্ৰতিশ্ৰুতি অধিক দৃঢ় কৰি প্ৰথম প্ৰতিষ্ঠা দিৱস পালন কৰিলে পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে। ২০২৫ চনৰ ২১ জুলাইত উদ্বোধন হোৱাৰ পিছত এটা বছৰ পূৰ্তি উপলক্ষে হাস্পতাল খনে একাধিক আভ্যন্তৰীণ উদযাপন, কৰ্মীসকলৰ অংশগ্ৰহণমূলক কাৰ্যসূচী আৰু সমাজমুখী নানা উদ্যোগৰ আয়োজন কৰে। মানৱীয় চিকিৎসাসেৱা, চিকিৎসাৰ উৎকৰ্ষ আৰু ৰোগীকেন্দ্ৰিক সেৱাৰ প্ৰতি প্ৰতিষ্ঠানটোৰ থকা প্ৰতিশ্ৰুতিও এই আয়োজনৰ জৰিয়তে প্ৰতিফলিত হয়।
উল্লেখ্য যে, প্ৰতিষ্ঠা দিৱসৰ এই আয়োজনে চিকিৎসক, নাৰ্ছ, প্ৰশাসনিক কৰ্মী আৰু সহায়ক কৰ্মীসকলক একত্ৰিত কৰি পাৰস্পৰিক সহযোগিতা, ঐক্য আৰু দলগত কাৰ্যৰ এক প্ৰাণৱন্ত পৰিৱেশ গঢ়ি তোলে। কৰ্মীসকলৰ মাজত দলগত মনোভাব অধিক শক্তিশালী কৰিবলৈ ক্ৰিকেট আৰু আৰ্ম ৰেছলিং আদিকে ধৰি একাধিক ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰে হাস্পতালখনে। ৰোগীৰ নিৰাপত্তাক কেন্দ্ৰ কৰি অনুষ্ঠিত চিত্ৰাঙ্কন প্ৰতিযোগিতায়ো নিৰাপদ, মানসম্পন্ন আৰু দায়িত্বশীল চিকিৎসাসেৱা প্ৰদানৰ প্ৰতি হাস্পতালখনৰ অব্যাহত প্ৰতিশ্ৰুতিক আগুৱাই আনে।
প্ৰতিষ্ঠা দিৱস উপলক্ষে স্থানীয় ৰাইজৰ বাবে কেইবাটাও বিশেষ চিকিৎসাসেৱা সুবিধাৰ ঘোষণাও কৰে পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে। উন্নত চিকিৎসাসেৱা অধিক লোকৰ বাবে সহজলভ্য কৰি তোলাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰিয়েই এই উদ্যোগ গ্ৰহণ কৰে হাস্পতাল খনে। ঘোষিত সুবিধাসমূহৰ ভিতৰত আছে জেনেৰেল মেডিচিন, অৰ্থ’পেডিক্স, জেনেৰেল চাৰ্জাৰী আৰু নিউৰ’কেয়াৰ বিভাগত মাত্ৰ ১০০ টকাৰে ছুপাৰ-স্পেচিয়েলিটি পৰামৰ্শ, সকলো ধৰণৰ স্বাস্থ্য পৰীক্ষা পেকেজত ১৫ শতাংশ ৰেহাই, বিলৰ পৰিমাণ অনুসৰি ইচিজি, ৰেডিঅ’লজী আৰু হাস্পতাল খনৰ নিজা তেজ পৰীক্ষাত সৰ্বোচ্চ ২৫ শতাংশ পৰ্যন্ত বিশেষ ৰেহাই, আৰু ৩৫ হাজাৰ টকাৰ পৰা লেপাৰ’স্কপিক গল ব্লাডাৰ অস্ত্ৰোপচাৰৰ সুবিধা (চৰ্তসাপেক্ষে প্ৰযোজ্য)। হাস্পতালখনে জানিবলৈ দিয়া মতে, চলিত বৰ্ষৰ ২১ জুলাইৰ পৰা ৩১ জুলাই পৰ্যন্ত এই বিশেষ সুবিধাসমূহ কাৰ্যকৰী হৈ থাকিব।
ইফালে, প্ৰতিষ্ঠা দিৱসৰ এই উদযাপন পাৰ হৈ যোৱা এটা বছৰৰ যাত্ৰালৈ ঘূৰি চোৱাৰো এক বিশেষ উপলক্ষ হৈ পৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত উদ্বোধন হোৱাৰ পিছৰে পৰা পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে ধীৰে ধীৰে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত মানসম্পন্ন চিকিৎসাসেৱাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হিচাপে নিজৰ অৱস্থান আৰু অধিক সুদৃঢ় কৰিছে। অভিজ্ঞ চিকিৎসক, আধুনিক আন্তঃগাঁথনি আৰু মানৱীয় ৰোগীসেৱাৰ সমন্বয়ত হাস্পতাল খনে উন্নত চিকিৎসাসেৱা প্ৰদান কৰি আহিছে।
এই উপলক্ষে পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ মুখ্য কাৰ্যনিৰ্বাহক বিষয়া ডাঃ গৌতম কে দাসে কয়, “পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ যাত্ৰাত প্ৰথম প্ৰতিষ্ঠা দিৱস এক অত্যন্ত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। এবছৰ আগতে হাস্পতালখনৰ যাত্ৰা আৰম্ভ কৰাৰ সময়ত আমাৰ এটাই লক্ষ্য আছিল- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে মানসম্পন্ন চিকিৎসাসেৱা অধিক সহজলভ্য কৰি তোলা। আজি সেই লক্ষ্যই লাহে লাহে বাস্তৱৰ ৰূপ লৈছে। নানা প্ৰত্যাহ্বান আৰু সাফল্যৰ প্ৰতিটো অধ্যায়ত আমাৰ উৎসৰ্গিত কৰ্মীদলে মানৱীয়, নৈতিক আৰু ৰোগীকেন্দ্ৰিক চিকিৎসাসেৱা প্ৰদানৰ প্ৰতিশ্ৰুতি অটুট ৰাখিছে। আমাৰ প্ৰতিগৰাকী সহকৰ্মী, ৰোগী আৰু শুভাকাংক্ষীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ আস্থা আৰু অবিচল সমৰ্থনেই আমাক আগুৱাই যোৱাৰ শক্তি যোগাইছে। এই গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি উদযাপনৰ মুহূৰ্তত চিকিৎসাসেৱাৰ মান আৰু অধিক উন্নত কৰা আৰু উৎকৰ্ষৰ সৈতে সমাজৰ মানুহৰ সেৱা কৰি যোৱাৰ প্ৰতিশ্ৰুতি লৈয়েই আমি আগন্তুক দিনবোৰৰ দিশে আগবাঢ়িছোঁ।”
পাৰ হৈ যোৱা এটা বছৰত পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে একাধিক বিশেষায়িত বিভাগত চিকিৎসাসেৱাৰ পৰিসৰ আৰু অধিক বিস্তৃত কৰিছে। একে সময়তে ৰোগীকেন্দ্ৰিক চিকিৎসা ব্যৱস্থাকো অধিক শক্তিশালী কৰি তুলিছে হাস্পতালখনে। বৈজ্ঞানিক প্ৰমাণভিত্তিক চিকিৎসা, আধুনিক ৰোগ নিৰ্ণয় ব্যৱস্থা আৰু ব্যক্তিকেন্দ্ৰিক চিকিৎসাসেৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়েই কাম কৰি গৈছে হাস্পতালখনে। ইয়াৰ ফলত উন্নতমানৰ চিকিৎসাসেৱা এতিয়া ঘৰৰ কাষতেই পোৱাৰ সুবিধা লাভ কৰিছে ৰোগীসকলে।
দ্বিতীয় বৰ্ষত পদাৰ্পণ কৰাৰ লগে লগে পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে ক্লিনিকেল উৎকৰ্ষ, উদ্ভাৱন, ৰোগীৰ নিৰাপত্তা আৰু সমাজৰ সামগ্ৰিক সুস্থতাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে আধুনিক আৰু উন্নত চিকিৎসাসেৱা অধিক সহজলভ্য কৰি তোলাৰ লক্ষ্য লৈয়েই হাস্পতাল খনে নিজৰ যাত্ৰা অব্যাহত ৰাখিছে।

No comments:
Post a Comment