চি ইউ টি এছ ইণ্টাৰনেচনেলৰ প্ৰতিবেদনত জীৱিকা,সুৰক্ষা আৰু সুলভ মূল্যৰ নগৰীয়া গতিশীলতা সুৰক্ষিত কৰিবলৈ সুসংহত বাইক টেক্সি নিয়ন্ত্ৰণৰ আহ্বান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 27 July 2026

চি ইউ টি এছ ইণ্টাৰনেচনেলৰ প্ৰতিবেদনত জীৱিকা,সুৰক্ষা আৰু সুলভ মূল্যৰ নগৰীয়া গতিশীলতা সুৰক্ষিত কৰিবলৈ সুসংহত বাইক টেক্সি নিয়ন্ত্ৰণৰ আহ্বান


 

প্ৰতিবেদনত অনা-পৰিবহণ মটৰ চাইকেলৰ গাঁথনিগত অনুমোদন, প্লেটফৰ্ম-নেতৃত্বাধীন জবাবদিহিতা, সুসংহত সুৰক্ষা মানদণ্ড আৰু উদগনি ভিত্তিক ইভিলৈ পৰিৱৰ্তনৰ পৰামৰ্শ দিয়া হৈছে

 

W7s news,,নতুন দিল্লী, জুলাই, ২০২৬: চি ইউ টি এছ ইণ্টাৰনেশ্যনেলৰ এক নতুন প্ৰতিবেদন অনুসৰি ভাৰতত বাইক টেক্সিৰ বাবে এক সুসংহত, প্ৰমাণভিত্তিক আৰু সমানুপাতিক নিয়ন্ত্ৰণ কাঠামোৰ প্ৰয়োজন,যাতে খণ্ডিত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যকৰীকৰণৰ সৈতে মোকাবিলা কৰিব পাৰি, গিগ শ্ৰমিকৰ জীৱিকা সুৰক্ষিত কৰিব পাৰি, প্ৰথম আৰু শেষ মাইলৰ সংযোগ উন্নত কৰিব পাৰি আৰু যাতায়তৰ সুৰক্ষা নিশ্চিত কৰিব পাৰি।

 

“ভাৰতত বাইক টেক্সি নিয়মৰ সমন্বয়: এক প্ৰমাণভিত্তিক মূল্যায়ন আৰু সংস্কাৰৰ পৰামৰ্শ দিব পৰা পথ" শীৰ্ষক প্ৰতিবেদন আজি নতুন দিল্লীত উন্মোচন কৰে ভাৰতীয় জনতা পাৰ্টিৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গোপাল কৃষ্ণ আগৰৱালাই।

 

উন্মোচনী অনুষ্ঠানত ভাষণ দি আগৰৱালাই কয়-“ভাৰতে নিজৰ ইজ অৱ লিভিং এজেণ্ডা শক্তিশালী কৰাৰ লগে লগে এক সংহত গতিশীলতা পৰিৱেশ তন্ত্ৰ সংযোগ, নিয়োগ, উৎপাদনশীলতা আৰু বহনক্ষম বিকাশৰ এক গুৰুত্বপূৰ্ণ চালক হ’ব পাৰে।” 

 

ভাৰতত বাইক টেক্সি নিয়ন্ত্ৰণৰ দ্ৰুত পৰিৱৰ্তন ঘটিব ধৰিছে, য’ত ৰাজ্যসমূহে সক্ষমকৰণ কাঠামো আৰু চৰ্তসাপেক্ষ অনুমতিৰ পৰা আৰম্ভ কৰি নিষেধাজ্ঞা, কেৱল ইভি কেন্দ্ৰিক নিৰ্দেশ আৰু আইনী অনিশ্চয়তালৈকে বিচ্ছিন্ন পন্থা গ্ৰহণ কৰাৰ সময়তে এই প্ৰতিবেদন প্ৰকাশ পাইছে। চি ইউ টি এছে লক্ষ্য কৰিছে যে এই বহুধা বিভক্ত পৰিৱেশে যাতায়তকাৰী, গিগ কৰ্মী, প্লেটফৰ্ম এগ্ৰিগেটৰ আৰু নিয়ন্ত্ৰকৰ বাবে অনিশ্চয়তাৰ সৃষ্টি কৰিছে, যাৰ ফলত এটা নিৰ্ধাৰিত আৰু সুসংহত নীতিগত কাঠামোৰ প্ৰাসংগিকতা আহি পৰিছে।

 

চি ইউ টি এছৰ প্ৰতিবেদনৰ মূল তথ্য

 

● বাইক টেক্সি ভাৰতৰ নগৰীয়া গতিশীলতা পৰিৱেশ তন্ত্ৰৰ গাঁথনিগতভাৱে গুৰুত্বপূৰ্ণ অংশ হিচাপে আত্মপ্ৰকাশ কৰিছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বাইক টেক্সিয়ে প্ৰথম আৰু শেষ মাইলৰ সংযোগৰ ব্যৱধান দূৰ কৰাত সহায় কৰে, ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ পৰিপূৰক হিচাপে কাম কৰে, আৰু বিশেষকৈ কম দূৰত্বৰ ভ্ৰমণৰ বাবে মেট্ৰ’ আৰু বাছ নেটৱৰ্কৰ সৈতে সংযোগ উন্নত কৰে।

 

● বাইক টেক্সিৰ আইনী ভেটি ইতিমধ্যে আছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাড়াৰ বাবে ব্যৱহাৰ কৰা মটৰ চাইকেলসমূহৰ মটৰ বাহন আইন, ১৯৮৮ৰ অধীনত আইনী ভিত্তি আছে, আৰু এইবোৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা মটৰ গাড়ী এগ্ৰিগেটৰ গাইডলাইন, ২০২৫ৰ দ্বাৰা পৰিচালিত হয়। প্ৰত্যাহ্বান নিহিত হৈ আছে ৰাজ্য পৰ্যায়ৰ সামঞ্জস্যপূৰ্ণ আৰু সুসংহত ৰূপায়ণত।

 

 

● ৰাজ্য পৰ্যায়ৰ নিয়ন্ত্ৰণ বিচ্ছিন্নতাই অনিশ্চয়তাৰ সৃষ্টি কৰিছে।

প্ৰতিবেদনখনত দিল্লী, কেৰেলা, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু আৰু পশ্চিম বংগৰ পন্থাসমূহৰ ওপৰত অধ্যয়ন কৰি দেখা গৈছে যে কিছুমান ন্যায়িক ক্ষেত্ৰত একেধৰণৰ সেৱাৰ অনুমতি প্ৰদান কৰা হৈছে আৰু আন কিছুমানত নিষিদ্ধ কৰা হৈছে। ইয়াৰ ফলত নীতি মানি চলাৰ বোজা বৃদ্ধি পায়, কৰ্মশক্তিৰ গতিশীলতা সীমিত হয়, বিবাদক ন্যায়িক হস্তক্ষেপৰ দিশলৈ ঠেলি দিয়া হয় আৰু দীৰ্ঘম্যাদী নীতিৰ ভৱিষ্যদ্বাণীযোগ্যতা দুৰ্বল হয়।

 

 

● বাইক টেক্সিয়ে যাত্ৰীসকলৰ বাবে এক শক্তিশালী ব্যয়সাধ্য সুবিধা প্ৰদান কৰে।

প্ৰতিবেদনত দেখা গৈছে যে বাইক টেক্সিৰ খৰচ সাধাৰণতে প্ৰতি কিলোমিটাৰত ৮-১০টকা, য’ত অটো-ৰিক্সাৰ বাবে প্ৰতি কিলোমিটাৰত ১৫-১৮টকা আৰু নিয়মীয়া টেক্সিৰ বাবে প্ৰতি কিলোমিটাৰত খৰচ ২২-২৫টকা।ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰী, অনানুষ্ঠানিক শ্ৰমিক, যুৱ পেছাদাৰী আৰু পেৰি-আৰ্বান যাত্ৰীসকলৰ বাবে এই সেৱা বিশেষভাৱে প্ৰাসংগিক হৈ পৰে।

 

● বাইক টেক্সিয়ে কম বাধাৰ জীৱিকাৰ সুযোগ সৃষ্টি কৰে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দুচকীয়া বাহনে যুৱক-যুৱতী, প্ৰব্ৰজনকাৰী আৰু অনানুষ্ঠানিক শ্ৰমিকসকলক তুলনামূলকভাৱে কম আগধন বিনিয়োগেৰে নমনীয় জীৱিকাৰ সুযোগ লাভৰ সুবিধা প্ৰদান কৰে। উদ্যোগ খণ্ডৰ অনুমানৰ উদ্ধৃতি দি ইয়াত উল্লেখ কৰা হৈছে যে বাইক টেক্সি অপাৰেটৰসকলে পৰিচালনা ব্যয়ৰ পিছত গড় হিচাপত মাহিলী  ২৫,০০০-৩০,০০০ টকা অৰ্জন  কৰিব পাৰে।

 

 

● নিষেধাজ্ঞাই সুৰক্ষা বা যানজঁটৰ চিন্তা সমাধান নকৰাকৈ জীৱিকাত ব্যাঘাত জন্মাব পাৰে।

চি ইউ টি এছৰ মতে  বলবৎকাৰীৰ নেতৃত্বত বা নিষেধাজ্ঞা ভিত্তিক পদ্ধতিয়ে ভিৰ বা সুৰক্ষাৰ ফলাফলত প্ৰদৰ্শনযোগ্যভাৱে উন্নতি নকৰাকৈয়ে জীৱিকাত ব্যাঘাত জন্মাইছে। প্ৰতিবেদনত যুক্তি ডাঙি ধৰা  হৈছে যে সুৰক্ষাৰ চিন্তাক সামগ্ৰিক  নিষেধাজ্ঞাৰ পৰিৱৰ্তে আনুষ্ঠানিক নিয়ন্ত্ৰণৰ জৰিয়তে ভালদৰে সমাধান কৰিব পাৰি। 

 

● বাধ্যতামূলক বাণিজ্যিক ৰূপান্তৰ শ্ৰমিকসকলৰ বাবে আৰ্থিক বোজা হ’ব পাৰে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ব্যক্তিগত মটৰ চাইকেলক পৰিবহণ বাহনলৈ স্থায়ীভাৱে ৰূপান্তৰিত কৰিলে পুনৰ পঞ্জীয়নৰ খৰচ, অধিক বীমাৰ প্ৰিমিয়াম আৰু ফিটনেছ প্ৰমাণীকৰণৰ প্ৰয়োজনীয়তাকে ধৰি অসমতাপূৰ্ণ আৰ্থিক আৰু পদ্ধতিগত বোজাৰ সৃষ্টি  হ’ব পাৰে। বিশেষকৈ পৰিপূৰক আয় হিচাপে বাইক টেক্সি ব্যৱহাৰ কৰা অংশকালীন বা মাজে মাজে কাম কৰা শ্ৰমিকসকলৰ বাবে এয়া কঠিন হ’ব পাৰে।

 

● ৰাজ্যসমূহৰ মাজত সুৰক্ষা আৰু কল্যাণৰ মানদণ্ডসমূহ একত্ৰিত কৰাটো প্ৰয়োজন।

চি ইউ টি এছে চালক আৰু যাত্ৰীৰ বাবে বাধ্যতামূলক স্বাস্থ্য আৰু দুৰ্ঘটনা বীমা, হেলমেট বলবৎকৰণ, স্বচ্ছ ভাড়া নিৰ্ধাৰণৰ কাঠামো, সুলভ অভিযোগ নিৰাময় ব্যৱস্থা আৰু স্পষ্ট ৰাজহ-ভাগ-বতৰাৰ নীতিকে ধৰি প্ৰাথমিক সুৰক্ষা আৰু কল্যাণমূলক মানদণ্ডৰ পৰামৰ্শ দিয়ে। 

 

● ইভিলৈ ৰূপান্তৰ  বৰ্জনমূলক নহয়, প্ৰৰোচনা কেন্দ্ৰিক হ’ব লাগে।

প্ৰতিবেদনত বৈদ্যুতিকৰণক সমৰ্থন কৰা হৈছে যদিও আভ্যন্তৰীণ দহন ইঞ্জিনৰ বাহনসমূহক তাৎক্ষণিকভাৱে বাদ দিয়াৰ পৰিৱৰ্তে পৰ্যায়ক্ৰমে সময়সীমা আৰু উদগনি  ভিত্তিক নীতিৰ পৰামৰ্শ দিয়া হৈছে। ইয়াত মন কৰা হৈছে যে পৰ্যাপ্ত চাৰ্জিং আন্তঃগাঁথনি বা পৰিৱৰ্তনশীল সমৰ্থন অবিহনে ইভি সম্পৰ্কীয় নিৰ্দেশে প্ৰৱেশৰ বাধা সৃষ্টি কৰিব পাৰে আৰু গিগ কৰ্মীসকলৰ অংশগ্ৰহণ সীমিত কৰিব পাৰে। 

 

● ৰাজ্যসমূহে বাইক টেক্সি নিয়ন্ত্ৰণক ৰাজহ আৰু আনুষ্ঠানিককৰণৰ সুযোগ হিচাপে ব্যৱহাৰ কৰিব পাৰে।

ৰাজ্যসমূহক পূর্বাভাসযোগ্য ৰাজহ উৎস সৃষ্টিৰে বজাৰৰ পৰিসৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিবলৈ আৰু ব্যক্তিগত চালকৰ বাবে উচ্চ আপফ্ৰন্ট খৰচ এৰাই চলাৰ লগতে বজাৰৰ পৰিসৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিবলৈ চিইউটিএছে সময়সীমা নিৰ্দিষ্ট অনুমতিৰ কাঠামো, গাঁথনিগত অনুমতি মাচুল বা ট্ৰিপ-লিংকড লেভিৰ পৰামৰ্শ দিয়ে। 

 

মূল পৰামৰ্শ সমূহ

 

ইয়াৰ তথ্যৰ ভিত্তিত চিইউটিএছ প্ৰতিবেদনে ৰাজ্যসমূহে বিবেচনা কৰিবলৈ আগবঢ়োৱা পৰামৰ্শ সমূহ এনেধৰণৰ :

 

● বাইক টেক্সি পৰিচালনাৰ গাঁথনিগত অনুমোদনৰ দিশত সামগ্ৰিক নিষেধাজ্ঞা আৰু বলবৎকাৰীৰ নেতৃত্বত গ্ৰহণ কৰা  পদ্ধতিৰ পৰা আঁতৰি অহা।

 

● অধিসূচিত ৰাজ্যিক আঁচনিৰ জৰিয়তে ২০২৫ চনৰ মটৰ গাড়ী এগ্ৰিগেটৰ গাইডলাইন কাৰ্যকৰী কৰা।

 

● নিৰ্ধাৰিত সুৰক্ষা, বীমা আৰু নীতি মানি চলাৰ চৰ্তৰ অধীনত অনা -পৰিবহণ  মটৰ চাইকেলসমূহৰ একত্ৰীকৰণৰ অনুমতি দিয়া।

 

● ব্যক্তিগত মটৰ চাইকেলৰ স্থায়ী বাণিজ্যিক ৰূপান্তৰ বাধ্যতামূলক কৰাৰ পৰিৱৰ্তে প্লেটফৰ্ম-অনুমোদিত ব্যৱহাৰৰ আৰ্হি গ্ৰহণ কৰা।

 

● স্কেল নিয়ন্ত্ৰণ কৰিবলৈ আৰু বজাৰৰ অত্যধিক পৰিপূৰ্ণতা ৰোধ কৰিবলৈ সময়সীমা নিৰ্দিষ্ট অনুমতিৰ কাঠামো সৃষ্টি কৰা।

 

● ৰাজ্যসমূহৰ মাজত প্ৰাথমিক সুৰক্ষা আৰু কল্যাণমূলক মানদণ্ডৰ সমন্বয় সাধন কৰা।

 

● উদগনি, পৰ্যায়ক্ৰম ভিত্তিক সময়সীমা আৰু আন্তঃগাঁথনি সমৰ্থনৰ জৰিয়তে ইভি গ্ৰহণক প্ৰসাৰিত কৰা।

 

● চালকৰ জীৱিকা সুৰক্ষিত কৰাৰ লগতে আনুষ্ঠানিকৰণক সমৰ্থন কৰিবলৈ লাইটৱেইট পাৰ্মিট আৰু অনুসৰণ আৰ্হি ব্যৱহাৰ কৰা।

 

মুকলি অনুষ্ঠানত বিশেষ ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰীয় পথ সুৰক্ষা ব’ৰ্ডৰ অধ্যক্ষ নীতিন আৰ গোকাৰ্ণে মন্তব্য কৰে যে উদ্ভাৱনে প্ৰায়ে নিয়ন্ত্ৰণতকৈ দ্ৰুতগতিত আগবাঢ়ি যায় আৰু উত্থানমুখী গতিশীলতা খণ্ডসমূহত নিৰাপদ আৰু জবাবদিহি বিকাশৰ সমৰ্থন কৰিবলৈ নিয়ন্ত্ৰণ কাঠামোসমূহ সময়মতে বিকশিত হ’ব লাগিব।

 

এই মুকলি অনুষ্ঠানত নিয়ন্ত্ৰণ সমন্বয়, আইনী অস্পষ্টতা, গতিশীলতা উদ্ভাৱন, জীৱিকা আৰু গ্ৰাহক কল্যাণৰ ওপৰত দুখনকৈ পেনেল আলোচনাও অনুষ্ঠিত হয়।

 

প্ৰথম পেনেল, "ৰাজ্যসমূহৰ মাজত নিয়মসমূহৰ সমন্বয় সাধন কৰা: নীতিগত ব্যৱধান আৰু আইনী অস্পষ্টতাসমূহ দূৰ কৰা”ৰ আঁত ধৰে চি ইউ টি এছ ইণ্টাৰনেশ্যনেলৰ গৱেষণা সঞ্চালক অমোল কুলকাৰ্ণীয়ে। পেনেলত আছিল চিৰাল কনছালটিঙৰ প্ৰতিষ্ঠাপক আৰু প্ৰধান পৰামৰ্শদাতা ছৱী বানছৱাল; উবেৰ ইণ্ডিয়া আৰু দক্ষিণ এছিয়াৰ জননীতি আৰু চৰকাৰী সম্পৰ্কৰ মুৰব্বী পৰোমা ভাট; প্ৰৱেশ বিয়ানী, চেণ্টাৰ অৱ এক্সেলেন্স অন ছাষ্টেইনেবল মবিলিটি, আই আই আই টি দিল্লী; শান্তনু শৰ্মা, জ্যেষ্ঠ প্ৰবন্ধক, আইন, নীতি আৰু নিয়মাৱলী, ৰেপিডো; আৰু চেজ এডভাইজাৰছৰ ৰাজহুৱা নীতিৰ জ্যেষ্ঠ একাউণ্ট সঞ্চালক নিখিল ৰাথী।

 

দ্বিতীয় পেনেল "ভাৰতৰ গতিশীলতা পৰিৱেশ তন্ত্ৰত বাইক টেক্সি: উদ্ভাৱন, জীৱিকা আৰু গ্ৰাহক কল্যাণ"ৰ আঁত ধৰে দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ ৰাষ্ট্ৰীয় বাণিজ্যিক  সম্পাদক অনিল ছাছিয়ে। পেনেলত অংশ লোৱা সকলৰ ভিতৰত আছিল ৰাজস্থান চৰকাৰৰ পৰিবহণ বিভাগৰ উপ আয়ুক্ত বীৰেন্দ্ৰ এছ ৰাথোৰ; শিক্ষা শ্ৰীবাস্তৱ, সহযোগী, পিএলআৰ চেম্বাৰ্ছ; শ্ৰেয়া যাদৱ, সহযোগী পৰিচালক, আইনী ৰাজহুৱা নীতি আৰু কৰ্পৰেট পৰিক্ৰমা, ৰেপিডো; আৰু সৌৰভ ধৰ, প্ৰগ্ৰেম লিড, মবিলিটি, কাউন্সিল অন এনাৰ্জি, এনভাইৰনমেণ্ট এণ্ড ৱাটাৰ।

 

আলোচনাসমূহে যাতায়তৰ সুৰক্ষা, শ্ৰমিকৰ কল্যাণ, উদ্ভাৱন, গ্ৰাহকৰ পছন্দ আৰু নিয়ন্ত্ৰণমূলক নিশ্চয়তাৰ মাজত ভাৰসাম্য ৰক্ষা কৰা এক সুসংহত, প্ৰমাণভিত্তিক কাঠামোৰ প্ৰয়োজনীয়তাক আৰু অধিক শক্তিশালী কৰি তুলিলে। বক্তাসকলে এই কথাতো গুৰুত্ব আৰোপ কৰে যে বাইক টেক্সিক ভাৰতৰ বিস্তৃত নগৰীয়া গতিশীলতা পৰিৱেশ তন্ত্ৰৰ অংশ হিচাপে চাব লাগে, বিশেষকৈ য’ত ই সুলভ মূল্যৰ কম দূৰত্বৰ যাত্ৰা, প্ৰথম আৰু শেষ মাইলৰ সংযোগ আৰু নমনীয় জীৱিকা সৃষ্টিক সমৰ্থন কৰে।

 

চি ইউ টি এছ ইণ্টাৰনেশ্যনেলে প্ৰমাণভিত্তিক নীতি নিৰ্ধাৰণক সমৰ্থন কৰা আৰু স্বচ্ছ, ভৱিষ্যদ্বাণীযোগ্য আৰু অন্তৰ্ভুক্ত নিয়ন্ত্ৰণক আগুৱাই নিয়াৰ বাবে চৰকাৰ, উদ্যোগ, শিক্ষাবিদ আৰু নাগৰিক সমাজৰ মাজত অবিৰত সংযোগৰ সুবিধা প্ৰদান কৰাৰ তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here