W7s news,,নতুন দিল্লী, 31 জুলাই 2026: ভাৰতত উৎপাদিত বিলিয়ন-ডলাৰৰ ফল-ভিত্তিক পানীয় Maaza®য়ে বাগিচাৰ পৰা কোটি কোটি গ্ৰাহকলৈ ভাৰতীয় আমৰ প্ৰকৃত সোৱাদ কঢ়িয়াই অনাৰ 50 বছৰ উদযাপন কৰিছে। ৰাষ্ট্ৰীয় আম দিৱস উপলক্ষে কোকা-কোলা ইণ্ডিয়া আৰু ভাৰত চৰকাৰৰ ডাক বিভাগে Maaza®ৰ 50 বছৰ পূৰ্তি উদযাপনৰ অৰ্থে এখন ‘বিশেষ কভাৰ’ উন্মোচন কৰে। এই অনুষ্ঠানতে আনন্দন– দ্য কোকা-কোলা ফাউণ্ডেচনৰ প্ৰজেক্ট উন্নতিৰ সৈতে জড়িত আম খেতিয়কসকলক সম্বৰ্ধনা জনোৱা হয়, যাৰ জৰিয়তে ভাৰতৰ আমৰ ঐতিহ্য ৰক্ষা কৰাৰ লগতে Maaza®ৰ পাঁচটা দশকৰ এই যাত্ৰা সম্ভৱ কৰি তোলা কৃষক সমাজৰ প্ৰজন্মসমূহৰ অৱদানক বিশেষ স্বীকৃতি দিয়া হয়।
ভাৰত চৰকাৰৰ মাননীয় কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছৱানে যোগাযোগ মন্ত্ৰালয়ৰ ডাক বিভাগৰ দিল্লী চাৰ্কলৰ চিফ প’ষ্টমাষ্টাৰ জেনেৰেল কৰ্নেল অখিলেশ কুমাৰ পাণ্ডে, কোকা-কোলা ইণ্ডিয়া এণ্ড ছাউথৱেষ্ট এছিয়াৰ পাব্লিক এফেয়াৰ্ছ, কমিউনিকেশ্বনছ এণ্ড ছাষ্টেইনিবিলিটীৰ ভাইচ প্ৰেছিডেণ্ট দেবযানী ৰাণা, কোকা-কোলা ইণ্ডিয়াৰ বটলিং পাৰ্টনাৰসকল, আমৰ যোগানকাৰী Foods & Inns Ltd. আৰু NGO পাৰ্টনাৰ CENDECTৰ উপস্থিতিত এই বিশেষ কভাৰখন উন্মোচন কৰে।
1976 চনত মুকলি হোৱাৰ পৰাই Maaza® ভাৰতৰ ঘৰে ঘৰে এক অতি চিনাকি নাম হৈ পৰিছে, যিয়ে সমগ্ৰ ভাৰতৰ বাগিচাসমূহৰ পৰা সকলোৰে প্ৰিয় আমৰ সোৱাদ কঢ়িয়াই আনিছে। পাঁচটা দশক ধৰি এই ব্ৰেণ্ডটোৱে বছৰটোৰ সমগ্ৰ সময়ছোৱাতে গ্ৰাহকসকলক ভাৰতৰ আটাইতকৈ প্ৰিয় ফলবিধৰ সোৱাদৰ সৈতে জড়িত কৰি ৰাখিছে।
আমবাগান আৰু Maaza®ৰ জনপ্ৰিয় বটলৰ দ্বাৰা অনুপ্ৰাণিত এক চিত্ৰণৰ জৰিয়তে এই বিশেষ কভাৰখনে ভাৰতীয় আমৰ সৈতে Maaza®ৰ সম্পৰ্কক এক স্থায়ী ফিল্লাটেলিক ৰেকৰ্ড হিচাপে ধৰি ৰাখিছে। ’এটা বটলত আমৰ সোৱাদৰ 50 বছৰ উদযাপন’ শীৰ্ষক এই আৰ্হিটোৱে ব্ৰেণ্ডটোৰ পাঁচটা দশকৰ যাত্ৰাক শ্ৰদ্ধা জনোৱাৰ লগতে ইয়াৰ আঁৰত থকা কৃষক সমাজলৈও সন্মান জনায়।
এই উপলক্ষে ভাষণ প্ৰদান কৰি ভাৰত চৰকাৰৰ মাননীয় কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছৱানে কয়, "ভাৰতে খাদ্য উৎপাদনত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিছে, আৰু আমাৰ পৰৱৰ্তী অগ্ৰাধিকাৰ হৈছে আন্তঃগাঁথনি সুদৃঢ় কৰাৰ লগতে আমাৰ কৃষকসকলৰ বাবে বজাৰৰ সুযোগ সম্প্ৰসাৰিত কৰি খাদ্য প্ৰক্ৰিয়াকৰণৰ জৰিয়তে অধিক মূল্য সংযোজন কৰা। আমাৰ কৃষকসকল আমাৰ ’অন্নদাতা’, আৰু কৃষি মূল্য শৃংখলা সুদৃঢ় কৰাৰ প্ৰতিটো প্ৰচেষ্টাই তেওঁলোকৰ ভৱিষ্যতৰ বাবে কৰা এক বিনিয়োগ। কৃষকসকলক সহায় কৰাৰ লগতে স্থানীয় অৰ্থনীতিলৈ বৰঙণি আগবঢ়াই কোটি কোটি পৰিয়াললৈ ভাৰতৰ প্ৰিয় ’আম’ৰ প্ৰকৃত সোৱাদ কঢ়িয়াই আনি Maaza®ৰ দৰে স্বদেশী পানীয় ব্ৰেণ্ডে এই ঐতিহ্য উদযাপন কৰাটো অত্যন্ত উৎসাহজনক। ডাক বিভাগৰ দ্বাৰা উন্মোচন কৰা এই বিশেষ কভাৰখন হৈছে ভাৰতৰ আমৰ ঐতিহ্য আৰু ইয়াক জীয়াই ৰখা কৃষকসকলৰ প্ৰতি জনোৱা এক শ্ৰদ্ধাঞ্জলি।"
কোকা-কোলা ইণ্ডিয়া এণ্ড ছাউথৱেষ্ট এছিয়াৰ ইণ্টিগ্ৰেটেড অপাৰেশ্বনছৰ ভাইচ প্ৰেছিডেণ্ট সন্দীপ বাজোৰিয়াই কয়, “পাঁচটা দশক ধৰি Maaza®য়ে আলফনচোক ধৰি ভাৰতীয় আমৰ প্ৰকৃত সোৱাদ কোটি কোটি গ্ৰাহকলৈ কঢ়িয়াই আনি দেশৰ এই প্ৰিয় ফলবিধ সমগ্ৰ বছৰটোতে উপলব্ধ কৰি তুলিছে। সুস্বাদু ভাৰতীয় আমৰ গুণাগুণৰ ওপৰত প্ৰতিষ্ঠিত Maaza®য়ে ক্ৰয়, প্ৰযুক্তিগত সাহায্য আৰু মূল্য শৃংখলাৰ অংশীদাৰিত্বৰ জৰিয়তে ভাৰতীয় কৃষক পৰিয়ালসমূহক সহায় কৰাৰ লগতে গ্ৰাহকৰ কেইবাটাও প্ৰজন্মৰ সৈতে এক স্থায়ী সম্পৰ্ক গঢ়ি তুলিছে। এই মাইলৰ খুঁটিটো ফল সংগ্ৰহ আৰু প্ৰক্ৰিয়াকৰণৰ পৰা আৰম্ভ কৰি বটলিং আৰু বিতৰণ পৰ্যন্ত এক দক্ষ মূল্য শৃংখলাৰেই প্ৰমাণ, যিয়ে আমাৰ সামগ্ৰীসমূহ সমগ্ৰ দেশৰে গ্ৰাহকসকলৰ ওচৰলৈ সুনিশ্চিতভাৱে লৈ যায়। ডাক বিভাগৰ এই বিশেষ কভাৰখনে বিগত 50 বছৰ ধৰি এই যাত্ৰা সম্ভৱ কৰি তোলা ব্যৱস্থাটোক আৰু আমাৰ এই যুটীয়া যাত্ৰাক এক বিশেষ স্বীকৃতি প্ৰদান কৰিছে।”
SLMG Beveragesৰ যুটীয়া পৰিচালনা সঞ্চালক পৰিতোষ লাধানীয়ে কয়, "Maaza®ৰ প্ৰতিটো বটলৰ আৰঁত আছে প্ৰতিদিনে একেলগে কাম কৰা কৃষক, প্ৰক্ৰিয়াকৰণ গোট, উৎপাদন উদ্যোগ, ট্ৰাক চালক, বিতৰক আৰু খুচুৰা বিক্ৰেতাসকলৰ দ্বাৰা পৰিচালিত এক নিৰৱচ্ছিন্ন মূল্য শৃংখলা। এক নিৰ্ভৰযোগ্য আৰু দক্ষ যোগান শৃংখলাৰ জৰিয়তে কোটি কোটি গ্ৰাহকলৈ আমৰ প্ৰকৃত সোৱাদ কঢ়িয়াই নিয়াত আমাৰ ভূমিকা পালন কৰিবলৈ পাই আমি গৌৰৱান্বিত। Maaza®য়ে 50 বছৰ উদযাপন কৰা এই মুহূৰ্তত, এই স্বীকৃতি সমগ্ৰ ব্যৱস্থাটোৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ, যাৰ প্ৰচেষ্টাই Maaza®ক সমগ্ৰ ভাৰতৰ ঘৰে ঘৰে এক চিনাকি নাম কৰি তোলাত সহায় কৰিছে।
‘50 ছাল ছে, ছিপ-ছিপ মেঁ আম’ শীৰ্ষক ৰাষ্ট্ৰীয় প্ৰচাৰ অভিযানক সামৰি লোৱা Maaza®ৰ সোণালী জয়ন্তী উদযাপনৰ অংশ হিচাপে এই বিশেষ কভাৰখন প্ৰকাশ কৰা হৈছে, যিয়ে ভাৰতৰ ৰাষ্ট্ৰীয় ফলবিধ আৰু ইয়াৰ আঁৰৰ কৃষকসকলৰ সৈতে ব্ৰেণ্ডটোৰ 50 বছৰীয়া সম্পৰ্কৰ প্ৰতি এক স্থায়ী শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে।

No comments:
Post a Comment