কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ; উত্তৰ-পূৰ্বাঞ্চলৰ ১০০ৰো অধিক চিবিএছই বিদ্যালয়ৰ ৪৫০তকৈও খেলুৱৈৰ অংশগ্ৰহণ
W7s news,,গুৱাহাটী | ৩১ জুলাই, ২০২৬: ক্ৰীড়া উৎকৰ্ষতা আৰু শিক্ষাৰ সমান্তৰালভাৱে ক্ৰীড়া বিকাশৰ দিশত ধাৰাবাহিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি একেৰাহে দ্বিতীয়টো বছৰৰ বাবে চিবিএছই ক্লাষ্টাৰ-১ বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২৬ আয়োজনৰ দায়িত্ব লাভ কৰিছে কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলে। ২০২৬ চনৰ ৩১ জুলাইৰ পৰা ২ আগষ্টলৈ অনুষ্ঠিত এই মৰ্যাদাপূৰ্ণ তিনিদিনীয়া চেম্পিয়নশ্বিপত উত্তৰ-পূৰ্বাঞ্চলৰ ৮৫ৰো অধিক চিবিএছই বিদ্যালয়ৰ ৪৫০তকৈও অধিক শিক্ষাৰ্থী-খেলুৱৈ, ২০০ৰো অধিক প্ৰশিক্ষক তথা বিষয়ববীয়া আৰু বিভিন্ন বিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ পৰা অহা দলসমূহে। বিদ্যালয় পৰ্যায়ৰ বেডমিণ্টনৰ সৰ্বোচ্চ স্তৰত প্ৰতিদ্বন্দ্বিতা কৰাৰ সমান্তৰালকৈ নিজৰ প্ৰতিভা প্ৰদৰ্শন আৰু ক্ৰীড়াসুলভ মানসিকতা দাঙি ধৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ আনি দিছে এই চেম্পিয়নশ্বিপে। চেন্ট্ৰেল ব'ৰ্ড অৱ ছেকেণ্ডাৰী এডুকেশ্বন (চিবিএছই) আৰু বেডমিণ্টন এছ’চিয়েশ্যন অৱ ইণ্ডিয়া (বিএআই)-ৰ শেহতীয়া নিয়ম-নীতি মানিয়েই সমগ্ৰ চেম্পিয়নশ্বিপখনি পৰিচালনা কৰা হৈছে। ইয়াৰ ফলত প্ৰতিটো প্ৰতিযোগিতা স্বচ্ছ, নিৰপেক্ষ আৰু পেছাদাৰী ব্যৱস্থাপনাৰে সম্পন্ন কৰা হৈছে।
ক্ৰীড়াসুলভ মানসিকতা, অনুশাসন আৰু ঐক্যৰ বাৰ্তাৰে আজি এক বৰ্ণিল কাৰ্যসূচীৰ মাধ্যমেৰে চেম্পিয়নশ্বিপৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে উদ্বোধনী বক্তব্য আগবঢ়োৱা হয়। ইয়াৰ পাছতে দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে সমৱেত সংগীত পৰিৱেশন কৰে। মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে আদৰণি ভাষণ প্ৰদান কৰি উপস্থিত বিশিষ্ট অতিথি, অংশগ্ৰহণকাৰী দল আৰু বিষয়া তথা প্ৰতিনিধিসকলক আনুষ্ঠানিকভাৱে আদৰণি জনায়।
উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চিবিএছই-ৰ আণ্ডাৰ ছেক্ৰেটাৰী নৰেশ প্ৰসাদ সিং। সন্মানীয় অতিথি হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰে গুৱাহাটীৰ হোলী হ'ম ছেকেণ্ডাৰী স্কুলৰ সঞ্চালক শশাংক প্ৰতিম, একেটা প্ৰতিষ্ঠানৰে অধ্যক্ষ ড০ পল্লৱী দত্ত, ছেণ্ট বিবেকানন্দ ইংলিছ একাডেমীৰ সঞ্চালক সতীৰ্থ সাহা আৰু অধ্যক্ষ মিত্ৰা সোম সাহাই। তেওঁলোকৰ উপস্থিতিয়ে উদ্বোধনী অনুষ্ঠানৰ সৌষ্ঠৱ আৰু বৃদ্ধি কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে মুখ্য অতিথি নৰেষ প্ৰসাদ সিঙক সম্বৰ্ধনা জনোৱা হয়। উপস্থিত ছাত্ৰ-ছাত্ৰী, প্ৰশিক্ষক, বিষয়া আৰু অতিথিসকলক উদ্দেশ্যি বক্তব্য আগবঢ়াই তেওঁ উদীয়মান ক্ৰীড়াবিদসকলক সদায় ন্যায়সংগত প্ৰতিযোগিতাৰ মানসিকতা ধৰি ৰখা, অধ্যৱসায়েৰে আগবাঢ়ি যোৱা আৰু প্ৰতিটো ক্ষেত্ৰতে উৎকৰ্ষতা অৰ্জনৰ লক্ষ্যৰে নিজকে গঢ়ি তুলিবলৈ আহ্বান জনায়। পাছত মডাৰ্ণ ইংলিছ স্কুলৰ সঞ্চালক পংকজ দাসেও ভাষণ প্ৰদান কৰে। শিক্ষাৰ অবিচ্ছেদ্য অংশ হিচাপে ক্ৰীড়াৰ গুৰুত্ব দাঙি ধৰি তেওঁ কয় যে ক্ৰীড়াচৰ্চাই কেৱল দক্ষতাই বৃদ্ধি নকৰে, সমান্তৰালভাৱে এজন শিক্ষাৰ্থীৰ ব্যক্তিত্ব, নেতৃত্বৰ গুণ আৰু অনুশাসনবোধ গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰ্যসূচীৰ পৰৱৰ্তী পৰ্যায়ত ৰেফাৰীসকলক সম্বৰ্ধনা জনোৱা হয় আৰু অংশগ্ৰহণকাৰী খেলুৱৈ তথা বিষয়াসকলে শপত গ্ৰহণ কৰে। মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে একক আৰু দলীয় সাংস্কৃতিক পৰিৱেশনো আগবঢ়ায়। শেষত মুখ্য অতিথিয়ে আনুষ্ঠানিকভাৱে চেম্পিয়নশ্বিপৰ উদ্বোধন ঘোষণা কৰাত প্ৰতিযোগিতাৰ শুভ আৰম্ভণি ঘটে।
অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে কয়, “একেৰাহে দ্বিতীয়টো বছৰৰ বাবে চিবিএছই ক্লাষ্টাৰ-১ বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজনৰ সুযোগ পোৱাটো মডাৰ্ণ ইংলিছ স্কুলৰ বাবে অতি গৌৰৱৰ বিষয়। এই চেম্পিয়নশ্বিপ কেৱল এটি ক্ৰীড়া প্ৰতিযোগিতাই নহয়, এয়া এনে এক মঞ্চ, য’ত উদীয়মান ক্ৰীড়াবিদসকলে অধ্যৱসায়, অনুশাসন, দলগত সংহত আৰু পাৰস্পৰিক শ্ৰদ্ধাবোধৰ দৰে গুৰুত্বপূৰ্ণ মূল্যবোধ শিক্ষা লাভ কৰিব পাৰে। উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলো অংশগ্ৰহণকাৰীকে আমি আন্তৰিক আদৰণি জনাইছোঁ। তেওঁলোকৰ বাবে এক সমৃদ্ধিশালী, সুচাৰুৰূপে পৰিচালিত আৰু স্মৰণীয় ক্ৰীড়া অভিজ্ঞতা সুনিশ্চিত কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।”
উল্লেখ্য যে, এই চেম্পিয়নশ্বিপত ল’ৰা আৰু ছোৱালী- উভয় শাখাৰে অনুৰ্ধ-১৪, অনুৰ্ধ-১৭ আৰু অনুৰ্ধ-১৯ পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। উচ্চমানৰ প্ৰতিদ্বন্দ্বিতাৰ সমান্তৰালকৈ প্ৰতিভাবান তৰুণ খেলুৱৈসকলক নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিছে এই প্ৰতিযোগিতাই। একে সময়তে বিভিন্ন ৰাজ্যৰ খেলুৱৈসকলৰ মাজত বন্ধুত্ব, পাৰস্পৰিক যোগাযোগ আৰু সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ গঢ়ি তোলাতো এই প্ৰতিযোগিতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
ধাৰাবাহিকভাৱে দ্বিতীয়বাৰলৈ এই চেম্পিয়নশ্বিপ আয়োজনৰ দায়িত্ব লাভ কৰাটো শিক্ষা আৰু ক্ৰীড়া- উভয় ক্ষেত্ৰতে মডাৰ্ণ ইংলিছ স্কুলৰ ক্ৰমবৰ্ধমান সুনাম আৰু দক্ষতাৰে প্ৰতিফলন। শ্ৰেণীকোঠাৰ শিক্ষাদানৰ সীমা অতিক্ৰম কৰি অৰ্থপূৰ্ণ ক্ৰীড়া কাৰ্যসূচী আৰু শিক্ষাৰ্থীসকলৰ সৰ্বাংগীণ ব্যক্তিত্ব বিকাশৰ উপযোগী পৰিৱেশ গঢ়ি তুলিবলৈ বিদ্যালয়খনে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে। সেই লক্ষ্যক অধিক শক্তিশালী কৰি তুলিছে এমইএছ বেডমিণ্টন একাডেমীয়ে। ভৱিষ্যতৰ চেম্পিয়ন গঢ়ি তোলাৰ উদ্দেশ্যৰে প্ৰতিষ্ঠা কৰা এই উচ্চ-ক্ষমতাসম্পন্ন প্ৰশিক্ষণ কেন্দ্ৰটোত বিশেষজ্ঞ প্ৰশিক্ষকসকলৰ তত্ত্বাৱধান, বৈজ্ঞানিক প্ৰশিক্ষণ পদ্ধতি আৰু বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনিৰ জৰিয়তে প্ৰতিভাবান খেলুৱৈসকলক প্ৰস্তুত কৰি তোলা হৈছে।

No comments:
Post a Comment