W7s news গুৱাহাটী :-দ্যা ডাউন টাউন স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী তথা ডাউন টাউন হাস্পতালৰ পৰামৰ্শদাতা ডায়েবেটালজিষ্ট ড° ৰূপম দাস আৰু ডাউনটাউন গ্রুপৰ সঞ্চালিকা পৰিয়সী দত্তৰ কন্যা ছানভি দত্ত দাসে ৰচনা কৰা Emails from My Grandpa Part 2' গ্রন্থখন শুকুৰবাৰে গুৱাহাটী প্ৰেছক্লাবত উন্মোচন কৰা হয় ।গ্রন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক তথা পদ্মশ্রী সম্মানপ্রাপ্ত ড° সূর্যকান্ত হাজৰিকাই। গ্ৰন্থখন উন্মোচন কৰি তেওঁ কয় যে এগৰাকী কণমানি ছাত্ৰী হিচাপে গ্ৰন্থ খন প্ৰকাশ কৰি উলিওৱা বাবে তেওঁ ছাঁনভিক অভিনন্দন জনাই । লগতে ডাঃ হাজৰিকাই কম বয়সতে ছানভিয়ে সাহিত্য জগতত লাভকৰা সাফল্যৰ ভূয়সী প্রশংসা কৰে। তেওঁ কয়, এনে গ্রন্থই পৰিয়ালৰ মূল্যবোধ সংৰক্ষণ কৰাৰ লগতে নতুন প্রজন্মক পাঠাভ্যাস আৰু জ্ঞান আহৰণৰ দিশত অনুপ্রাণিত কৰিব। গ্ৰন্থখনত আতা শব্দটোই এক বিশেষ বাৰ্তা বহন কৰিছে । যিটো শব্দৰ ব্যৱহাৰ বৈষ্ণৱ ধৰ্মত আজিও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । অনুষ্ঠানত ভাগ লৈ ডাউন টাউন গরুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ নৰেন্দ্ৰ নাথ দত্তই কয় যে এই গ্রন্থখন কেৱল ই-মেইলৰ সংকলন নহয়, বৰঞ্চ প্ৰজন্মৰ মাজত জ্ঞান, অভিজ্ঞতা আৰু মূল্যবোধৰ এক সুন্দৰ সেতুবন্ধন। কাভিড-১৯ মহামাৰীৰ সময়ত আৰম্ভহোরা এই ই-মেইল আদান-প্রদানে পিছলৈ এক সাহিত্যিক যাত্ৰাৰ ৰূপ লয়। শৈশৱৰ স্মৃতি, জীৱনবোধ, ইতিহাস, বিজ্ঞান, নৈতিক মূল্যবোধ আৰু অনুপ্ৰেৰণাদায়ক কাহিনীৰে সমৃদ্ধ এই গ্রন্থই সকলো বয়সৰ পাঠকক আকৰ্ষণ কৰিব বুলি আশা প্রকাশ কৰা হয়। অনুষ্ঠানত ডাউন টাউন স্কুলৰ অধ্যক্ষা মায়া আলফ্রেড ফার্নাণ্ডেছ, লেখিকা ছানভি দত্ত দাসে আদৰণি ভাষণ দিয়ে ।অনুষ্ঠানত সমাজৰ বিভিন্ন গুৰুত্বপূর্ণ স্বাস্থ্য আৰু সামাজিক বিষয়ৰ ওপৰত আধাৰিত চাৰিখন জনস্বার্থমূলক পুস্তিকা মুকলি কৰা হয় । অনুষ্ঠানত ভাগ লৈ জ্যেষ্ঠ ফিজিঅ'থেৰাপিষ্ট ডাঃ প্রাঞ্জল গগৈ , ফিজিঅথেৰাপি আৰু পুনর্বাসন সেৱা বিভাগৰ সচিস্মিতা সময়ৰীতা, নার্চিং চুপাৰিপ্টেন্ডেন্ট মেৰী এন্থনী আংগামী,সাহিত্য, শিক্ষা, প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু জনসচেতনতামূলক পদক্ষেপৰ জৰিয়তে সমাজৰ কল্যাণৰ বাবে আগলৈও কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে ।
No comments:
Post a Comment