*
W7s news,,গুৱাহাটী/যোৰহাট, ৩১ জুলাই: দুৰ্যোগৰ সময়ত সমাজৰ কাষত থিয় দিয়াৰ দায়বদ্ধতা পুনৰবাৰ প্ৰমাণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম শীৰ্ষস্থানীয় চিমেণ্ট উৎপাদনকাৰী প্ৰতিষ্ঠান গেলেক্সি চিমেণ্টে উজনি অসমৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰায় ১,০০০টা বানপীড়িত পৰিয়ালৰ মাজত দুটা পৰ্যায়ত সাহায্য সামগ্ৰী বিতৰণ কৰে।
উজনি অসমৰ বিস্তীৰ্ণ অঞ্চলত সংঘটিত ভয়াৱহ বানপানীৰ ফলত হাজাৰ হাজাৰ পৰিয়াল অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত দুৰ্দশাগ্ৰস্ত হৈ পৰিছে। এই সংকটময় সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিয়াৰ উদ্দেশ্যে গেলেক্সি চিমেণ্টে এক মানৱীয় সাহায্য অভিযান ৰূপায়ণ কৰে।
এই অভিযানৰ প্ৰথম পৰ্যায়ত যোৰহাট জিলাৰ টীয়ক, চেলেংহাট আৰু কলীয়াপানী অঞ্চলৰ লগতে শিৱসাগৰ জিলাৰ চাৰিং-বৰুৱাতী আৰু ফুলপানীচিগা অঞ্চলত বানপীড়িত পৰিয়ালসমূহৰ মাজত অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী বিতৰণ কৰা হয়।
শেহতীয়াকৈ সম্পন্ন হোৱা দ্বিতীয় পৰ্যায়ত শিৱসাগৰ জিলাৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত বেতবাৰী আৰু নাজিৰা অঞ্চলৰ প্ৰায় ২০খন গাঁৱৰ বানপীড়িত পৰিয়ালসমূহলৈ খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱাপানী, চাদৰ, টাৱেল, ব্লিচিং পাউডাৰ, মমবাতি, মহ খেদোৱা ধূপ, লগতে বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে বহী, কাগজ আৰু অন্যান্য শিক্ষা সামগ্ৰী বিতৰণ কৰা হয়।
সমগ্ৰ সাহায্য অভিযানটো গেলেক্সি চিমেণ্টৰ উজনি অসমৰ উপ-ব্যৱস্থাপক (ডেপুটি মেনেজাৰ) দেবজিৎ গোস্বামীৰ তত্ত্বাৱধানত সম্পন্ন হয়। এই কাৰ্যসূচীত কোম্পানীটোৰ মুখ্য বিতৰক অমিত বাউৰি, জীৱ বৰা, সঞ্জীৱ সিং, বোকাখাটৰ সম্ৰাট শৰ্মা, বৰহোলাৰ পুলক হাজৰিকা, টীয়কৰ পাৰ্থ ধৰ, ডিম্পল চুতীয়া, অংকুৰ বৰা আৰু ৰিংকু বৰগোহাঁইৰ লগতে যোৰহাটৰ সহযোগী বিক্ৰয় পৰিচালক ৰাজু বেজবৰুৱা, গুলাপ দাস, অভিযন্তা কিশোৰ বিকাশ বৰা আৰু কোম্পানীটোৰ আন বহু সদস্যই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
এই সাহায্য অভিযানত বেতবাৰী অঞ্চলৰ স্থানীয় ৰাইজৰ লগতে সমাজকৰ্মী বিশ্বজিৎ বৰুৱা আৰু প্ৰশান্ত বৰঠাকুৰেও আন্তৰিক সহযোগিতা আগবঢ়ায়। তেওঁলোকে গেলেক্সি চিমেণ্টৰ এই সময়োপযোগী মানৱীয় পদক্ষেপৰ শলাগ লৈ বানপীড়িত লোকসকলৰ কাষত থিয় দিয়াৰ বাবে কোম্পানীটোৰ সামাজিক দায়বদ্ধতাৰ ভূয়সী প্ৰশংসা কৰে।
এই সন্দৰ্ভত গেলেক্সি চিমেণ্টৰ সঞ্চালক ঈশান মোদীয়ে কয়, "গেলেক্সি চিমেণ্টত আমি বিশ্বাস কৰোঁ যে সমাজৰ সংকটৰ সময়ত উদ্যোগ-প্ৰতিষ্ঠানসমূহৰো এক গুৰুত্বপূৰ্ণ সামাজিক দায়িত্ব থাকে। এই সাহায্য অভিযানৰ জৰিয়তে বানপীড়িত পৰিয়ালসমূহলৈ কিছু সকাহ আগবঢ়াব পাৰিম বুলি আমি আশাবাদী। আগন্তুক সময়তো অসমৰ জনসাধাৰণৰ প্ৰয়োজনৰ মুহূৰ্তত তেওঁলোকৰ কাষত থিয় দিবলৈ গেলেক্সি চিমেণ্ট সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব।"

No comments:
Post a Comment