W7s news,,ডিব্ৰুগড়, ১১ জুলাই, ২০২৬: কৰ্কট ৰোগৰ চিকিৎসাৰ বিশেষজ্ঞ সেৱা এইবাৰ ডিব্ৰুগড়লৈকো সম্প্ৰসাৰিত কৰিলে মেক্স ছুপাৰ স্পেচিয়েলিটী হাস্পতাল, শালিমাৰ বাগে। সেই উদ্যোগৰ অংশ হিচাপে ডিব্ৰুগড়ৰ অপেক্ষা হাস্পতালত আৰম্ভ কৰা হৈছে চিকিৎসা প্ৰতিষ্ঠানটোৰ অনক’লজী অ’পিডি সেৱা। এই নতুন সেৱাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মেক্স ছুপাৰ স্পেচিয়েলিটি হাস্পতাল, শালিমাৰ বাগৰ সহযোগী সঞ্চালক তথা চাৰ্জিকেল অনক’লজী বিভাগৰ শাখা মুৰব্বী ডা° অনাদি পাচৌৰি আৰু চাৰ্জিকেল অনক’লজী বিভাগৰ পৰামৰ্শদাতা ডা° অমন ৰস্তোগী।
উল্লেখ্য যে, ডিব্ৰুগড়ৰ অপেক্ষা হাস্পতালত প্ৰতি মাহৰ দ্বিতীয় শুকুৰবাৰে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে প্ৰাথমিক পৰামৰ্শ আৰু ফলো-আপৰ বাবে ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়াব ডা° অনাদি পাচৌৰি আৰু ডা° অমন ৰস্তোগীয়ে।
মেক্স ছুপাৰ স্পেচিয়েলিটী হাস্পতাল, শালিমাৰ বাগৰ সহযোগী সঞ্চালক তথা শাখা মুৰব্বী (চাৰ্জিকেল অনক’লজী) ডা° অনাদি পাচৌৰিয়ে কয়, “বিগত কেইবছৰমানত কৰ্কট ৰোগৰ চিকিৎসাত উল্লেখনীয় পৰিৱৰ্তন আহিছে। বৰ্তমান প্ৰতিগৰাকী ৰোগীৰ শাৰীৰিক অৱস্থা আৰু চিকিৎসাগত প্ৰয়োজনক গুৰুত্ব দি ব্যক্তিকেন্দ্ৰিক তথা বহু-বিভাগীয় চিকিৎসাৰ ওপৰত আটাইতকৈ বেছি জোৰ দিয়া হৈছে। বিশেষকৈ কৰ্কট ৰোগ প্ৰাথমিক পৰ্যায়ত ধৰা পৰি এটা নিৰ্দিষ্ট স্থানত সীমাবদ্ধ থাকিলে অস্ত্ৰোপচাৰ এতিয়াও চিকিৎসাৰ অন্যতম প্ৰধান উপায়। আনহাতে, যাৰ বংশগতভাৱে কৰ্কট ৰোগৰ আশংকা থাকে, তেওঁলোকৰ ক্ষেত্ৰত ভৱিষ্যতৰ বিপদাশংকা হ্ৰাস কৰিবলৈ প্ৰতিৰোধমূলক অস্ত্ৰোপচাৰৰ বিষয়টোও বিবেচনা কৰিব পাৰি। একে সময়তে, মিনিমালি ইনভেচিভ আৰু ৰব’ট-সহায়তাৰে কৰা অস্ত্ৰোপচাৰ প্ৰযুক্তিৰ উন্নতিত কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰ এতিয়া অধিক নিখুঁত হৈ পৰিছে। ইয়াৰ ফলত জটিলতা আৰু বিষ কমে, লগতে ৰোগী সুস্থ হৈ উঠিবলৈও তুলনামূলকভাৱে কম সময়ৰ প্ৰয়োজন হয়। অৱশ্যে প্ৰযুক্তি যিমানেই উন্নত নহওক কিয়, কৰ্কট ৰোগৰ ক্ষেত্ৰত দ্ৰুত ৰোগ নিৰ্ণয় আৰু সময়মতে চিকিৎসা আৰম্ভ কৰাটোৱেই দীৰ্ঘম্যাদী সময়ত সুফল পোৱা আৰু ৰোগীৰ জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি কৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চৰ্ত।”
ইফালে, মেক্স ছুপাৰ স্পেচিয়েলিটী হাস্পতাল, শালিমাৰ বাগৰ পৰামৰ্শদাতা (চাৰ্জিকেল অনক’লজী) ডা° অমন ৰস্তোগীয়ে কয়, “কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত প্ৰাথমিক পৰ্যায়তে ৰোগ চিনাক্তকৰণ আটাইতকৈ কাৰ্যকৰী উপায়সমূহৰ ভিতৰত অন্যতম। ইয়াৰ ফলত চিকিৎসাৰ সফলতাৰ সম্ভাৱনা বহুখিনি বৃদ্ধি পায় আৰু বহু ক্ষেত্ৰত ৰোগটো শৰীৰৰ অন্যান্য অংশলৈ বিয়পি পৰাৰ পূৰ্বেই ফলপ্ৰসূভাৱে চিকিৎসা কৰাটো সম্ভৱ হয়। সেইবাবে অকাৰণতে ওজন হ্ৰাস পোৱা, দীৰ্ঘদিনীয়া ভাগৰুৱা অনুভৱ, শৰীৰৰ কোনো অংশত অস্বাভাৱিক টেমুনা বা উখহি পৰা, অস্বাভাৱিক ৰক্তক্ষৰণ, মল-মূত্ৰ ত্যাগৰ অভ্যাসৰ পৰিৱৰ্তন কিম্বা দীৰ্ঘদিন ধৰি নুশুকুৱা ঘা-ৰ দৰে লক্ষণসমূহক কেতিয়াও অৱহেলা কৰা উচিত নহয়। একে সময়তে, ধঁপাতজাতীয় সামগ্ৰী বৰ্জন, স্বাস্থ্যকৰ জীৱনশৈলী, এইচপিভি আৰু হেপাটাইটিছ-বি-ৰ দৰে প্ৰস্তাৱিত প্ৰতিষেধক গ্ৰহণ কৰা তথা পাৰিবাৰিক ৰোগৰ ইতিহাস আৰু জিনগত আশংকা সম্পৰ্কে সচেতন থকাটোৱেও কৰ্কট ৰোগ প্ৰতিৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ডিব্ৰুগড়ত আমাৰ এই বিশেষায়িত অনক’লজী অ’পিডি সেৱা আৰম্ভ হোৱাৰ ফলত ৰোগীসকলে এতিয়া ঘৰৰ ওচৰতেই কৰ্কট ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লাভ কৰিব পাৰিব। ইয়াৰ দ্বাৰা সঠিক সময়ত ৰোগ নিৰ্ণয়, উপযুক্ত চিকিৎসাৰ পৰিকল্পনা আৰু দীৰ্ঘদিনীয়া যাত্ৰা নকৰাকৈয়ে উন্নতমানৰ চিকিৎসা সেৱা লাভ কৰাটো অধিক সহজ হৈ পৰিব।”
মেক্স ছুপাৰ স্পেচিয়েলিটী হাস্পতাল, শালিমাৰ বাগে প্ৰকাশ কৰা অনুসৰি, আধুনিক আৰু উন্নতমানৰ চিকিৎসা সেৱাৰ জৰিয়তে অধিক সংখ্যক লোকৰ ওচৰলৈ আন্তৰ্জাতিক মানৰ কৰ্কট ৰোগৰ চিকিৎসা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ। একে সময়তে, উদ্ভাৱনীমূলক চিকিৎসা সমাধানৰ জৰিয়তে এই অঞ্চলৰ জনসাধাৰণৰ স্বাস্থ্য আৰু সামগ্ৰিক সুস্থতাৰ উত্তৰণৰ বাবে সংস্থাটোৱে ধাৰাবাহিকভাৱে কাম কৰি যাব বুলিও দোহাৰে প্ৰতিষ্ঠানটোৱে।

No comments:
Post a Comment