অনুষ্ঠানত পশ্চিম বংগৰ নৱনিৰ্বাচিত বিধায়ক অজিত কুমাৰ জানাক সম্বর্ধনা
W7s news,,গুৱাহাটী, ১৩ জুলাই: মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু জনাৰ্দন দেৱ গোস্বামীৰ পৱিত্ৰ উপস্থিতিত শ্ৰীহৰি সৎসংগ সমিতি, পূৰ্বোত্তৰৰ উদ্যোগত আয়োজিত শ্ৰীৰাম কথা প্ৰশিক্ষণ কাৰ্যসূচীৰ বৰ্ণাঢ্য সামৰণি অনুষ্ঠান ভঙাগড়স্থিত জিএমচিএইচ প্ৰেক্ষাগৃহত ভক্তিময়, আধ্যাত্মিক আৰু ধৰ্মীয় পৰিৱেশত সফলতাৰে অনুষ্ঠিত হয়।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সত্ৰাধিকাৰ প্ৰভু জনাৰ্দন দেৱ গোস্বামীৰ উপস্থিতিয়ে সমগ্ৰ অনুষ্ঠানটোক অধিক আধ্যাত্মিক গাম্ভীৰ্য প্ৰদান কৰে। অনুষ্ঠানত উত্তৰ গুৱাহাটীৰ মহামণ্ডলেশ্বৰ কেশৱ দাস মহাৰাজ, ইস্কন মন্দিৰ গুৱাহাটীৰ সভাপতি জনাৰ্দন দাস, সমিতিৰ অধ্যক্ষ কৈলাশ লোহিয়া, কাৰ্যকৰী সভাপতি বিনোদ কায়াল, মাৰ্গদৰ্শক অৰুণ কুমাৰ বাজাজ, সম্পাদক বালকিষণ পোদ্দাৰ, ৰামঅৱতাৰ ভাৰতীয়া, আনন্দ পোদ্দাৰ আৰু সংগঠন সম্পাদক প্ৰমোদ ৰাজবংশীও উপস্থিত আছিল।
মঙ্গলাচৰণ আৰু বন্তি প্ৰজ্বলনৰে অনুষ্ঠানৰ শুভাৰম্ভ হয়। কাৰ্যকৰী সভাপতি বিনোদ কায়ালে আদৰণি ভাষণ প্ৰদান কৰে। সভাত ভাষণ প্ৰদান কৰি সমিতিৰ অধ্যক্ষ কৈলাশ লোহিয়াই কয় যে, শ্ৰীৰাম কথা কেৱল এটা ধৰ্মীয় অনুষ্ঠান নহয়, ই ভাৰতীয় সংস্কৃতি, নৈতিক মূল্যবোধ আৰু নিঃস্বাৰ্থ সেৱাৰ মনোভাৱ সংৰক্ষণৰ এক শক্তিশালী মাধ্যম। তেওঁ প্ৰশিক্ষণপ্ৰাপ্ত সকলো কথাবাচকক সমাজত ধৰ্ম, সংস্কৃতি আৰু নৈতিক মূল্যবোধৰ প্ৰসাৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। লগতে পশ্চিম বংগৰ দাঁতন বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা অজিত কুমাৰ জানাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
মাৰ্গদৰ্শক অৰুণ কুমাৰ বাজাজে সমিতিৰ বিভিন্ন সাফল্যৰ ওপৰত আলোকপাত কৰি কয় যে, যোৱা এবছৰত প্ৰশিক্ষণপ্ৰাপ্ত মহিলা কথাবাচকসকলে ৪,০০০ৰো অধিক শ্ৰীৰাম কথা আৰু ৫,৫০০ৰো অধিক সৎসংগ অনুষ্ঠান সফলতাৰে সম্পন্ন কৰিছে। তেওঁ লগতে কয় যে, সমিতিৰ ৰথৰ জৰিয়তে ২০০ৰো অধিক গাঁৱত বিভিন্ন ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ উপৰিও সমিতিয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ২,০০০ৰো অধিক গাঁৱত সক্ৰিয়ভাৱে কাম কৰি সমাজ আৰু ৰাষ্ট্ৰৰ উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।
এই অনুষ্ঠানত পশ্চিম বংগৰ দাঁতন বিধানসভা সমষ্টিৰ পৰা নৱনিৰ্বাচিত বিধায়ক অজিত কুমাৰ জানাক সম্বর্ধনা জনোৱা হয়। লগতে যোৰহাটত শ্ৰীহৰি সৎসংগ সমিতিক কাৰ্যালয়ৰ স্থান প্ৰদান কৰা আৰু সংগঠনটোৰ উন্নয়নত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে মহেশ বেৰিয়াকো সন্মানিত কৰা হয়। অনুষ্ঠানত ২০২৫–২৬ বৰ্ষত উৎকৃষ্ট প্ৰদৰ্শন কৰা কথাবাচকসকলকো বিশেষভাৱে সন্মানিত কৰা হয়। ইয়াৰ ভিতৰত সুমি কিষাণক শ্ৰেষ্ঠ কথাবাচক, ৰিচা পায়েংক সৰ্বাধিক শ্ৰীৰাম কথা পৰিৱেশনৰ বাবে, জুনালী বৰাক সমিতিৰ সক্ৰিয়তাৰ বাবে, গায়ত্ৰী ৰবিদাসক কাৰ্যসূচী পৰিচালনাৰ বাবে আৰু জিতুমণি দহতীয়াক ‘পৰাৱৰ্তন’ শ্ৰেণীত সন্মানিত কৰা হয়।
আশীৰ্বচন প্ৰদান কৰি বিশিষ্ট অতিথি সত্ৰাধিকাৰ প্ৰভু জনাৰ্দন দেৱ গোস্বামীয়ে কয় যে, শ্ৰীৰাম কথা মানুহক সত্য, শৃংখলা, নৈতিকতা আৰু নিঃস্বাৰ্থ সেৱাৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। তেওঁ শ্ৰীৰাম কথা পৰম্পৰাক ভাৰতীয় সংস্কৃতিৰ এক অমূল্য ঐতিহ্য বুলি অভিহিত কৰি প্ৰশিক্ষণপ্ৰাপ্ত কথাবাচকসকলক ভগৱান শ্ৰীৰামৰ আদৰ্শ সমাজৰ প্ৰতিটো স্তৰলৈ কঢ়িয়াই নিয়াৰ আহ্বান জনায়।
মহামণ্ডলেশ্বৰ কেশৱ দাস মহাৰাজ আৰু ইস্কন মন্দিৰ গুৱাহাটীৰ সভাপতি জনাৰ্দন দাসেও নিজৰ বক্তব্যত শ্ৰীহৰি সৎসংগ সমিতি, পূৰ্বোত্তৰে সমাজৰ কল্যাণৰ বাবে আগবঢ়াই অহা ধৰ্মীয় আৰু সামাজিক কাৰ্যসূচীৰ উচ্চ প্ৰশংসা কৰে আৰু সংগঠনটোক সমাজৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে।
ইয়াৰ পূৰ্বে অনুষ্ঠানৰ শুভাৰম্ভণি পৰ্বত প্ৰশিক্ষণপ্ৰাপ্ত কথাবাচকসকলে নিজ নিজ প্ৰতিভা মনোমোহাভাৱে প্ৰদৰ্শন কৰাৰ লগতে সমাজৰ মাজত শ্ৰীৰাম কথাৰ আদৰ্শ আৰু মূল্যবোধ অধিক বিস্তৃতভাৱে প্ৰচাৰ কৰাৰ সংকল্প ব্যক্ত কৰে। ইয়াৰ পিছতে প্ৰিয়া আৰু অৰ্চনা কাশ্যপে সুমধুৰ ভজন পৰিৱেশন কৰি সমগ্ৰ অনুষ্ঠানস্থলী ভক্তিময় কৰি তোলে। প্ৰশিক্ষণপ্ৰাপ্ত কথাবাচিকা কমলা মুণ্ডাই শ্ৰীৰাম কথাৰ ওপৰত হৃদয়স্পৰ্শী ব্যাখ্যান আগবঢ়ায়। আনহাতে, দময়ন্তী ৰাভা আৰু নিৰ্মলা চিমিয়াৰোৱে নিজৰ প্ৰশিক্ষণকালীন অভিজ্ঞতা ভাগ-বতৰা কৰি সমিতিৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে।

No comments:
Post a Comment