W7s news,,গুৱাহাটী, ১১ জুলাই, ২০২৬: উত্তৰ-পূব ভাৰতৰ ফেশ্বন জগতলৈ পুনৰ উভতি আহিছে বছৰটোৰ অন্যতম প্ৰত্যাশিত আয়োজন ‘নৰ্থ-ইষ্ট ইণ্টাৰনেচনেল ফেশ্বন উইক’ (এনইআইএফডব্লিউ)। অহা ১৮ আৰু ১৯ জুলাই, ২০২৬ তাৰিখে গুৱাহাটীৰ লখৰা ৰোডৰ ৰিগেল গাৰ্ডিনিয়াত অনুষ্ঠিত হ’ব ইয়াৰ দশম সংস্কৰণ। এক মহৎ সামাজিক উদ্দেশ্যক আগত ৰাখি আয়োজিত এই মৰ্যাদাপূৰ্ণ ফেশ্বন উইকে প্ৰতি বছৰেই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে ব্যাপক সঁহাৰি জগাই তোলে। এইবাৰো দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ উদীয়মান তথা খ্যাতনামা ফেশ্বন ডিজাইনাৰ আৰু মডেলসকলে এক বিশেষ লক্ষ্যৰে তেওঁলোকৰ অনবদ্য শৈলী প্ৰদৰ্শন কৰিব। এইবাৰৰ সংস্কৰণৰ মূল বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে ‘চেভ দ্য আৰ্থ, ষ্টাইল দ্য ফিউচাৰ’। গোলকীয় উষ্ণতা বৃদ্ধি সম্পৰ্কে জনসচেতনতা গঢ়ি তোলা আৰু ইয়াৰ প্ৰতিৰোধৰ বাৰ্তা প্ৰেৰণ কৰাটোৱেই হৈছে চলিত বৰ্ষৰ এই আয়োজনৰ মূল লক্ষ্য। এই অনুষ্ঠান খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (কেভিআইচি)-ৰ সহযোগত আয়োজন কৰা হৈছে।
উল্লেখ্য যে, এক সুদীৰ্ঘ সফল যাত্ৰাৰে দশম সংস্কৰণত পদাৰ্পণ কৰা এন ই আই এফ ডব্লিউ-য়ে শিশু, কিশোৰ-কিশোৰী আৰু ফেশ্বন জগতত কেৰিয়াৰ গঢ়িবলৈ আগ্ৰহী মহিলাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এই আয়োজনৰ জৰিয়তে নতুন প্ৰতিভাসকলে নিজৰ দক্ষতা দাঙি ধৰাৰ উপৰি আন্তৰ্জাতিক পৰিসৰত পৰিচিতি লাভৰ সুযোগ পায়। ভাৰতৰ বিভিন্ন প্ৰান্তৰ ফেশ্বনপ্ৰেমীৰ উপস্থিতিয়ে এইবাৰৰ সংস্কৰণটোও সাফল্যমণ্ডিত কৰি তুলিব বুলি আশা কৰিছে আয়োজকসকলে। মন কৰিবলগীয়া যে, ফেশ্বনৰ সমান্তৰালভাৱে সামাজিক দায়বদ্ধতাৰ বাৰ্তা প্ৰেৰণ কৰাৰ ক্ষেত্ৰতো এন ই আই এফ ডব্লিউ-য়ে সদায় বিশেষ ভূমিকা পালন কৰি আহিছে। ইয়াৰ পূৰ্বে বৃদ্ধাশ্ৰমৰ বাসিন্দা সকললৈ সহায় আগবঢ়োৱা, নেত্ৰদান তথা দেহদান সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰা আৰু পৰিৱেশ সংৰক্ষণৰ দৰে একাধিক সামাজিক বিষয়বস্তুক কেন্দ্ৰ কৰি এই আয়োজন অনুষ্ঠিত হৈছে। এই উদ্যোগসমূহ ৰূপায়ণত ‘পেটা’ (পিপল ফৰ দ্য এথিকেল ট্ৰীটমেণ্ট অৱ এনিমেলছ)-ৰ দৰে আন্তৰ্জাতিক সংস্থায়েও সহযোগী হিচাপে অংশগ্ৰহণ কৰিছে।
এই মৰ্যাদাপূৰ্ণ আয়োজনৰ পৰিকল্পনা আৰু পৰিচালনাৰ দায়িত্বত আছে ক্ৰিয়েটিভ পিপল। ১৯৯৪ চনৰ পৰা ফেশ্বন জগতৰ সৈতে জৰিত প্ৰশান্ত ঘোষৰ নেতৃত্বতেই সংস্থাটোৱে এই অনুষ্ঠান আয়োজন কৰি আহিছে। ২০১৫ চনৰ পৰা প্ৰশান্ত ঘোষ আৰু তেওঁৰ দলে উত্তৰ-পূব ভাৰতৰ সমৃদ্ধ হস্ততাঁত শিল্পক আন্তৰ্জাতিক পৰিসৰত দাঙি ধৰাৰ উপৰি ভৱিষ্যত প্ৰজন্মৰ ফেশ্বন প্ৰতিভাসকলৰ বাবে এক শক্তিশালী প্লেটফৰ্ম গঢ়ি তুলিবলৈ ধাৰাবাহিকভাৱে কাম কৰি আছে। খ্যাতনামা ফেশ্বন ডিজাইনাৰ তথা বঁটাপ্ৰাপ্ত কৰিঅ’গ্ৰাফাৰ হিচাপে ভাৰত আৰু বিদেশত ২,৫০০ তকৈও অধিক ফেশ্বন আৰু সৌন্দৰ্য বিষয়ক অনুষ্ঠানৰ কৰিঅ’গ্ৰাফী কৰিছে প্ৰশান্ত ঘোষে।
এইবাৰ দশম সংস্কৰণত ভৰি দিছে নৰ্থ-ইষ্ট ইণ্টাৰনেচনেল ফেশ্বন উইক (এনইআইএফডব্লিউ)। এই অনুষ্ঠানত খ্যাতনামা ফেশ্বন ডিজাইনাৰ, মডেল, নবীন প্ৰতিভা, তাৰকা অতিথি আৰু ফেশ্বন জগতৰ বিশিষ্ট ব্যক্তিসকল একেখন মঞ্চতে একত্ৰিত হ’ব। চলিত বৰ্ষৰ এই সংস্কৰণত মুম্বাইৰ খ্যাতনামা ডিজাইনাৰ ফেলিক্স বেনডিছেও অংশগ্ৰহণ কৰিব। তেওঁ লণ্ডন ফেশ্বন উইকৰ উপৰি নিউয়ৰ্ক, পেৰিছ ফেশ্বন উইক, লেকমে ফেশ্বন উইক আৰু এফ ডি চিত নিজৰ নব্য শৈলী প্ৰদৰ্শন কৰিছে। ইয়াৰ উপৰি, প্ৰাক্তন মডেলৰ পৰা ফেশ্বন ডিজাইনাৰ হৈ পৰা সাক্ষী বিন্দ্ৰাও উপস্থিত থাকিব এইবাৰৰ অনুষ্ঠানত। ৰিজৰ্ট ৱেৰ ডিজাইনৰ বাবে পৰিচিত এই ডিজাইনাৰগৰাকীয়ে বিদেশত নিজৰ সংগ্ৰহ প্ৰদৰ্শন কৰাৰ লগতে বলীউডৰ বহু তাৰকাৰ বাবেও পোছাক ডিজাইন কৰিছে। এই বৰ্ষৰ সংস্কৰণত নেপালৰ পৰা আন্তৰ্জাতিক ডিজাইনাৰ ৰনি আলয় মাগাৰেও অংশ ল’ব। আনহাতে, ফেশ্বন ডিজাইনাৰ তথা কৰিঅ’গ্ৰাফাৰ প্ৰশান্ত ঘোষৰ নেতৃত্বত আয়োজিত এইবাৰৰ এন ই আই এফ ডব্লিউ-ত উত্তৰ-পূব ভাৰতৰ ফেশ্বন উদ্যোগৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ১০ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব।

No comments:
Post a Comment