হাৰ্ট ভাল্ভ ফাউণ্ডেশ্যন অৱ ইণ্ডিয়াৰ দ্বাৰা ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটত অসমৰ আৰ্থিকভাৱে দুৰ্বল ৰোগীৰ উন্নত হৃদৰোগ চিকিৎসাৰ বাবে ৫০ লাখ টকাৰ সাহায্য ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 25 July 2026

হাৰ্ট ভাল্ভ ফাউণ্ডেশ্যন অৱ ইণ্ডিয়াৰ দ্বাৰা ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটত অসমৰ আৰ্থিকভাৱে দুৰ্বল ৰোগীৰ উন্নত হৃদৰোগ চিকিৎসাৰ বাবে ৫০ লাখ টকাৰ সাহায্য ঘোষণা

 


-এই বহুস্তৰীয় স্বাস্থ্যসেৱাৰ পদক্ষেপৰ জৰিয়তে অসমত হৃদযন্ত্ৰৰ যতন সম্পৰ্কীয় এক বহনক্ষম ৰোডমেপ প্ৰস্তুতৰ উদ্দেশ্যে কেইবাটাও মূল কাৰ্যসূচীৰ প্ৰৱৰ্তন




W7s news গুৱাহাটী: উত্তৰ-পূৱৰ হৃদযন্ত্ৰৰ যতনৰ ক্ষেত্ৰত এক বৃহৎ উত্থান ঘটাই নতুন দিল্লীৰ ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটৰ অধ্যক্ষ মেনেজিং ট্ৰাষ্টী ডাঃ অশোক ছেঠৰ নেতৃত্বত গঠিত দাতব্য সংস্থা হাৰ্ট ভালভ ফাউণ্ডেশ্যন অৱ ইণ্ডিয়া (এইচ ভি এফ আই)ই নতুন দিল্লীৰ ফৰ্টিছ এস্কৰ্টছ ওখলাত অসম চৰকাৰৰ দ্বাৰা প্ৰেৰিত ৰোগীসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ উন্নত হৃদৰোগ চিকিৎসা লাভৰ বাবে ৫০ লাখ টকাৰ অনুদান ঘোষণা কৰে। আজি সংবাদমেলত এই ঘোষণাৰ জৰিয়তে অসমৰ হৃদযন্ত্ৰৰ যতন সম্পৰ্কীয় আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে সমগ্ৰ উত্তৰ-পূবত বিশেষজ্ঞ চিকিৎসাৰ সংযোগ উন্নত কৰাৰ বাবে হাৰ্ট ভাল্ভ ফাউণ্ডেশ্যন অৱ ইণ্ডিয়া আৰু ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটৰ ব্যাপক পদক্ষেপৰ শুভাৰম্ভ কৰা হয়।    


৫০ লাখ টকাৰ অনুদানৰ বাহিৰেও এই বহুস্তৰীয় স্বাস্থ্যসেৱা পদক্ষেপে ৰাজ্যখনত হৃদযন্ত্ৰৰ যতনৰ বাবে এক বহনক্ষম ৰোডমেপ তৈয়াৰ কৰিবলৈ প্ৰস্তুত কৰা কেইবাটাও মূল কাৰ্যসূচী প্ৰৱৰ্তন কৰে:

- ৰেহাইমূলক উন্নত স্বাস্থ্যসেৱা: ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটত জটিল অপাৰেচনৰ প্ৰয়োজন হোৱা অসমৰ আৰ্থিকভাৱে দুৰ্বল ৰোগীসকলক ক্লিনিকেল মূল্যায়নৰ ওপৰত ভিত্তি কৰি অসমৰ চৰকাৰী হাৰত চিকিৎসা প্ৰদান কৰা হ’ব, 

- স্থানীয় চিকিৎসকৰ বাবে সামৰ্থ্য বিকাশ: স্থানীয় চিকিৎসা বিশেষজ্ঞতা উন্নীত কৰাৰ প্ৰয়াস হিচাপে গুৱাহাটী মেডিকেল কলেজ এণ্ড হখস্পতাল (জিএমচিএইচ)ৰ চিকিৎসক আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটৰ অধ্যক্ষ ডাঃ অশোক ছেঠ; ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটৰ কাৰ্ডিঅ’লজিৰ সঞ্চালিকা ডা° অপৰ্ণা জয়ছৱাল; ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটৰ কাৰ্ডিঅ’থ’ৰেচিক ভেছকুলাৰ চাৰ্জাৰীৰ সঞ্চালক ডা° ঋত্বিক ৰাজ ভূঞাৰ দ্বাৰা বিশেষ প্ৰশিক্ষণ অধিবেশন অনুষ্ঠিত কৰা হ’ব। 


এই পদক্ষেপটো এক জটিল সময়ত গ্ৰহণ কৰা হৈছে, কিয়নো বিগত কিছু সময়ৰ পৰা হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগে উত্তৰ-পূৰ্বাঞ্চলৰ পৰিয়ালসমূহৰ ওপৰত ভয়াৱহ স্বাস্থ্যজড়িত বোজা আৰু এক গুৰুতৰ আৰ্থিক চাপ দুয়োটাকে সৃষ্টি কৰি আহিছে। ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ স্বাস্থ্য সমীক্ষাত উল্লেখ কৰা হৈছে যে চহৰীয়া ভাৰতত একক হৃদযন্ত্ৰৰ চিকিৎসাৰ বাবে গড় চিকিৎসা ব্যয় ৬৯,৪৫১  টকালৈ বৃদ্ধি পাব পাৰে আৰু চহৰীয়া ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিলে খৰচৰ পৰিমাণ ১০১,০৯৯ টকা পৰ্যন্ত হয়, যি পৰিমাণ সাধাৰণতে আৰ্থ-সামাজিকভাৱে দুৰ্বল পৰিয়ালৰ সামৰ্থ্যৰ বাহিৰত হয়।


দিনটোৰ পৰৱৰ্তী ভাগত ক্লিনিকেল প্ৰেকটিছ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। ইনভল্ভ শীৰ্ষক এক অনন্য পাৰস্পৰিক জ্ঞান বিনিময় মঞ্চত ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটৰ চিকিৎসক আৰু অসমৰ চিকিৎসকসকলে একত্ৰিত হৈ সমসাময়িক হৃদযন্ত্ৰৰ বিকলতা ব্যৱস্থাপনা, শেহতীয়া অগ্ৰগতি আৰু জটিল হৃদৰোগ চিকিৎসাৰ ওপৰত আলোচনা কৰে। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী  অশোক সিংঘালে সন্ধিয়াৰ কাৰ্যসূচী তথা বন্তি প্ৰজ্বলন অনুষ্ঠানত অংশগ্ৰহণ কৰে। ডাঃ অশোক ছেঠ, ডাঃ অপৰ্ণা জয়ছৱাল আৰু ডাঃ ঋত্বিক ভূঞাই এক বৈজ্ঞানিক অধিবেশনৰ নেতৃত্ব দিয়ে, য’ত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত দেখা দিয়া ধাৰাবাহিক জটিল পৰিস্থিতি পৰিচালনাৰ ওপৰত কেছভিত্তিক আলোচনা কৰা হয়। কাৰ্ডিঅ’লজিকেল ছ’চাইটি অৱ ইণ্ডিয়াৰ নৰ্থ-ইষ্ট চেপ্টাৰৰ সৈতে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন, অসম চেপ্টাৰৰ সহযোগত আয়োজন কৰা এই কাৰ্যসূচী এপল’ এক্সেলকেয়াৰ হাস্পতালৰ সঞ্চালক তথা মুখ্য হস্তক্ষেপমূলক হৃদৰোগ বিশেষজ্ঞ ডাঃ নীল বৰদলৈয়ে মুকলি কৰে।


এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী  অশোক সিংঘালে কয়, "এইটো ফৰ্টিছ এস্কৰ্টছ, ওখলা আৰু হাৰ্ট ভালভ ফাউণ্ডেচন অৱ ইণ্ডিয়াৰ এক প্ৰশংসনীয় পদক্ষেপ যি আমাৰ ৰাজ্যৰ দৃষ্টিভংগীৰ পৰিপূৰক হিচাপে গঢ় লৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বিশেষ ক্লিনিকেল প্ৰশিক্ষণৰ সৈতে ৫০ লাখ টকাৰ নিবেদিত চিকিৎসা অনুদানৰ সংমিশ্ৰণ ঘটাই আমি কেৱল আৰ্তজন পৰিয়ালক তাৎক্ষণিক আৰ্থিক সকাহ প্ৰদান কৰাই নহয়; বৰঞ্চ আমি অসমৰ ভিতৰত হৃদযন্ত্ৰৰ যতন সম্পৰ্কীয় সমগ্ৰ পৰিৱেশ তন্ত্ৰক বহনক্ষমভাৱে শক্তিশালী কৰি তুলিবলৈ সক্ষম হৈছো।"


অনুষ্ঠানত ভাষণ দি পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটা বিজয়ী, ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউট অধ্যক্ষ আৰু হাৰ্ট ভালভ ফাউণ্ডেচন অৱ ইণ্ডিয়াৰ মেনেজিং ট্ৰাষ্টী ডা° অশোক ছেঠে কয়, “জটিল হৃদৰোগীৰ বাবে প্ৰায়ে কেৱল চিকিৎসা বিশেষজ্ঞৰ উপলব্ধতাই নহয়, পৰিয়ালটোৱে চিকিৎসাৰ সামৰ্থ্য আছে নে নাই সেইটোও অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰে। এইচ ভি এফ আইয়ে উন্নত চিকিৎসাৰ সুবিধা লাভ কৰাত প্ৰায়ে দেখা দিয়া আৰ্থিক বাধাৰ সমস্যা লাঘৱ কৰাৰ চেষ্টা চলায়; আনহাতে, এফ ই এইচ আইয়ে জটিল হৃদযন্ত্ৰৰ স্থিতি পৰিচালনা কৰিবলৈ প্ৰয়োজনীয় ক্লিনিকেল ব্যৱস্থাপনা, প্ৰযুক্তি আৰু প্ৰতিষ্ঠানিক আন্তঃগাঁথনি প্ৰদান কৰে। এই প্ৰতিশ্ৰুতিবদ্ধ অনুদানৰ জৰিয়তে এইচ ভি এফ আই আৰু এফ ই এইচ আইৰ লক্ষ্য হৈছে অসমৰ পৰা আৰ্থ-সামাজিকভাৱে দুৰ্বল ৰোগীসকলক কম খৰচত উন্নত চিকিৎসা লাভত সহায় কৰা।"


ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটৰ কাৰ্ডিঅ’থ’ৰেচিক ভেছকুলাৰ চাৰ্জাৰীৰ সঞ্চালক ডা° ঋত্বিক ৰাজ ভূঞাই কয় যে, “জটিল কাৰ্ডিয়াক সমস্যা পৰিচালনা কৰিবলৈ নিখুঁত অস্ত্ৰোপচাৰ বিশেষজ্ঞতা, উচ্চমানৰ প্ৰযুক্তি আৰু অস্ত্ৰোপচাৰৰ পিছৰ যত্নৰ বাবে আন্তঃগাঁথনিৰ প্ৰয়োজন হয়। এই অংশীদাৰিত্বৰ জৰিয়তে আমি ৰোগীসকলৰ উন্নত, জীৱন ৰক্ষাকাৰী অস্ত্ৰোপচাৰ লাভৰ প্ৰত্যক্ষ পথ মুকলি হৈ থকাটো নিশ্চিত কৰাৰ চেষ্টা কৰিছো, যি অন্যথা অতিপাত খৰচৰ বাবে পলম হ’ব পাৰে। সমান্তৰালভাৱে, জিএমচিএইচত আমাৰ বৈজ্ঞানিক অধিবেশনৰ লক্ষ্য হৈছে অসমৰ সহকৰ্মীসকলৰ সৈতে এক ঘনিষ্ঠ ক্লিনিকেল সমন্বয় আৰু জ্ঞান বিনিময় ব্যৱস্থাপনা গঢ়ি তোলা, যি প্ৰথম নিদানৰ পৰা চূড়ান্ত অস্ত্ৰোপচাৰৰ দ্বাৰা আৰোগ্য লাভলৈকে যত্নৰ এক নিৰৱচ্ছিন্ন ধাৰাবাহিকতা সৃষ্টি কৰে।"


ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটৰ কাৰ্ডিঅ’লজিৰ সঞ্চালিকা ডা° অপৰ্ণা জয়ছৱালে কয় যে, "কেৱল প্ৰচিডিউৰ ৰুমত উন্নত কাৰ্ডিয়াক কেয়াৰ আৰম্ভ নহয়। ইয়াৰ আৰম্ভণি হয় আগতীয়া চিনাক্তকৰণ, সঠিক নিদান আৰু সময়মাফিক প্ৰেৰণৰ পৰা। অসমৰ চিকিৎসক আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে জ্ঞান-বিনিময়ৰ জৰিয়তে আমি এই যত্নৰ ধাৰাবাহিকতাক শক্তিশালী কৰাৰ আশা কৰিছো, যাতে জটিল হৃদৰোগৰ ৰোগীসকলক আগতীয়াকৈ চিনাক্ত কৰি তেওঁলোকক অপৰিহাৰ্যভাৱে আৰু অনতিপলমে আটাইতকৈ উপযুক্ত চিকিৎসাৰ দিশত পৰিচালিত কৰিব পৰা যায়।”


ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটৰ ষ্ট্ৰেটেজিক বিজনেছ ইউনিটৰ উপ-সভাপতি আৰু মুৰব্বী ডাঃ বিক্ৰম আগৰৱালে কয়, “এই পৰিসৰৰ পদক্ষেপৰ উদ্দেশ্য চিকিৎসামূলক ইচ্ছুকতাতকৈও অধিক; ইয়াক অধিক শক্তিশালী কৰিবলৈ অসম আৰু নতুন দিল্লীৰ মাজৰ ভৌগোলিক ব্যৱধান দূৰ কৰাৰ ক্ষেত্ৰত এক কাৰ্য্যকৰী কাঠামোৰ প্ৰয়োজনীয়তা থকা বুলি উল্লেখ কৰা হয়। এই সহযোগিতাই উত্তৰ-পূবৰ জনসাধাৰণৰ বাবে উন্নত, তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱাক প্ৰকৃতাৰ্থত সুলভ আৰু সুচল কৰি তোলাৰ ক্ষেত্ৰত আমাৰ কৌশলগত প্ৰতিশ্ৰুতিক প্ৰতিনিধিত্ব কৰে।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here