ভাৰতৰ প্ৰথমটো নীট ৰেডী লেপটপ মুকলি
W7s news,,বেংগালুৰু,, ২০২৬: ২০২৭ ৰ
পৰা নীট কম্পিউটাৰ বেছড টেষ্ট (CBT) পদ্ধতিলৈ পৰিৱৰ্তিত হোৱাৰ লগে লগে বিশ্বৰ প্ৰযুক্তি খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠান এচাৰ আৰু ইণ্টেলৰ লগত শ্ৰী চৈতন্য এডুকেচনেল ইনষ্টিটিউশ্যনছৰ উদ্যোগ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ভাৰতৰ অন্যতম আগশাৰীৰ শিক্ষণ মঞ্চ ইনফিনিটি লাৰ্ন ভাৰতৰ প্ৰথম সংহত নীট ৰেডি পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ বাবে একত্ৰিত হৈছে। এই সহযোগিতাৰ প্ৰথম ফলশ্ৰুতি হিচাপে এচাৰ, ইণ্টেল আৰু ইনফিনিটি লাৰ্নে ছাত্ৰ-ছাত্ৰীসকলক নীট চিবিটিলৈ পৰিৱৰ্তনৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তি, শিক্ষণ পৰিৱেশ তন্ত্ৰ আৰু ডিজিটেল আত্মবিশ্বাসেৰে সমৃদ্ধ কৰি ভাৰতৰ প্ৰথম নীট ৰেডি লেপটপ উন্মোচন কৰে।
এই সহযোগিতাই এচাৰৰ বিশ্বাসযোগ্য এছপায়াৰ ছিৰিজৰ লেপটপ, ইণ্টেলৰ উন্নত কম্পিউটিং প্ৰযুক্তি আৰু ইনফিনিটি লাৰ্নৰ এ আই-চালিত নীট প্ৰস্তুতি পৰিৱেশ তন্ত্ৰক একত্ৰিত কৰি ভাৰতৰ উদীয়মান শিক্ষাৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত এটাক সম্বোধন কৰা প্ৰথমটো সমাধানৰ সৃষ্টি কৰে: প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী গুৰুত্বপূৰ্ণ কম্পিউটাৰ ভিত্তিক পৰীক্ষাৰ বাবে ডিজিটেলভাৱে সাজু হোৱাটো নিশ্চিত কৰা।
ভাৰতক নীট চি বি টি যুগৰ বাবে সাজু কৰা
প্ৰতি বছৰে ভাৰতৰ সৰ্ববৃহৎ স্নাতক চিকিৎসাৰ প্ৰৱেশ পৰীক্ষা নীটত ২২ লাখৰো অধিক ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয়। কম্পিউটাৰ বেছড টেষ্টিং (চিবিটি)লৈ পৰিবৰ্তিত হোৱাৰ লগে লগে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ এতিয়া শৈক্ষিক উৎকৃষ্টতা আৰু ডিজিটেল আত্মবিশ্বাস দুয়োটাৰে প্ৰয়োজন হ’ব।
প্ৰায় ৭০% নীট প্ৰত্যশী টায়াৰ ২, টায়াৰ ৩ আৰু ভাৰতৰ গ্ৰাম্য অঞ্চলৰ পৰা অহাৰ বাবে ব্যক্তিগত কম্পিউটিং ডিভাইচৰ সুবিধা অসমান হৈয়েই আছে। ছাত্ৰ-ছাত্ৰীসকলে চিবিটিলৈ পৰিবৰ্তিত হোৱাৰ বাবে প্ৰস্তুতি চলোৱাৰ লগে লগে এই অংশীদাৰিত্বই বিশ্বাসযোগ্য প্ৰযুক্তি আৰু প্ৰমাণিত নীট বিশেষজ্ঞতাক একত্ৰিত কৰি তেওঁলোকক শিক্ষণ আৰু ডিজিটেল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰিব।
২০২৭ চনৰ পৰা নীট চিবিটি লৈ ৰূপান্তৰৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ সফলতাক সমৰ্থন কৰিবলৈ ডিজাইন কৰা এই পদক্ষেপে ইণ্টেল প্ৰচেছৰৰ দ্বাৰা চালিত এচাৰ এছপায়াৰ লেপটপৰ সুবিধা প্ৰদান কৰে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষণ, অনুশীলন আৰু কম্পিউটাৰ-ভিত্তিক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰদৰ্শন আৰু সক্ষমতা প্ৰদান কৰে। অল-ইন-ৱান লাৰ্নিং সমাধান হিচাপে নিৰ্মিত এই পৰিৱেশতন্ত্ৰ ইনফিনিটি লাৰ্নৰ বিস্তৃত নীট প্ৰস্তুতি সামগ্ৰীৰে প্ৰি-লোড হৈ আছে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ ভৱিষ্যতৰ বাবে আত্মবিশ্বাসেৰে প্ৰস্তুতি চলাব পাৰে।
সংহত প্লেটফৰ্মত ইনফিনিটি লাৰ্ন এপ, এ আই মেণ্টৰ এআইএনএ, লাইভ আৰু ৰেকৰ্ডিং কৰা ক্লাছ, কিউৰেটেড অধ্যয়ন সামগ্ৰী, অধ্যায় অনুসৰি অভিযোজিত অনুশীলন, মক টেষ্ট আৰু টেষ্ট ছিৰিজ,ব্যক্তিগতকৃত উন্নতিৰ পৰামৰ্শৰ সৈতে বিশদ প্ৰদৰ্শন বিশ্লেষণ, আৰু এক নীট চিবিটি চিমুলেচন অভিজ্ঞতা যি প্ৰত্যাশিত পৰীক্ষা পৰিৱেশক নিবিড়ভাৱে প্ৰতিলিপি কৰে।
শ্ৰী চৈতন্য এডুকেচনেল ইনষ্টিটিউশ্যনছৰ চিইঅ’ আৰু সঞ্চালক আৰু ইনফিনিটি লাৰ্ণৰ প্ৰতিষ্ঠাপক সুষমা বোপ্পানাই কয় -"দশক দশক ধৰি নীট প্ৰত্যাশীসকলে কলম আৰু কাগজৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আহিছে। কম্পিউটাৰ ভিত্তিক পৰীক্ষণলৈ পৰিৱৰ্তনে ভাৰতৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিৱেশত এক সংজ্ঞায়িত পৰিৱৰ্তন চিহ্নিত কৰিছে, যাৰ ফলত ডিজিটেল প্ৰস্তুতি শৈক্ষিক প্ৰস্তুতিৰ দৰেই গুৰুত্বপূৰ্ণ হৈ পৰিছে। শ্ৰী চৈতন্য আৰু ইনফিনিটি লাৰ্নত, আমি বিশ্বাস কৰোঁ যে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰাৰ অৰ্থ হ'ল তেওঁলোকক শৈক্ষিক উৎকৰ্ষতা আৰু ডিজিটেল আত্মবিশ্বাস দুয়োটাৰে সজ্জিত কৰা। শৈক্ষিক প্ৰতিষ্ঠান হিচাপে আমাৰ দায়িত্ব হৈছে শিক্ষাৰ্থী সকলক এই পৰিবৰ্তন আদৰি লব পৰাকৈ সহায় আগবঢ়োৱা
আৰু আমি এচাৰ আৰু ইণ্টেলৰ সৈতে সহযোগিতা স্থাপন কৰি আনন্দিত হৈছো, যি আমাৰ দৃষ্টিভংগীৰ অংশীদাৰ। আমি একেলগে বিশ্বাসযোগ্য প্ৰযুক্তি, এ আই সমৰ্থিত শিক্ষণ আৰু আমাৰ প্ৰমাণিত নীট বিশেষজ্ঞতাক একত্ৰিত কৰি এক ব্যাপক চিবিটি প্ৰস্তুতিৰ পৰিবেশতন্ত্ৰ গঢ়ি তুলিব বিচাৰিছোঁ, যিয়ে প্ৰতিগৰাকী প্ৰত্যাশীৰ সফলতা, দক্ষতা আৰু আত্মবিশ্বাস নিশ্চিত কৰিব”।
এচাৰ ইণ্ডিয়াৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হৰিশ কোহলিয়ে কয় -"এচাৰত আমি বিশ্বাস কৰোঁ যে প্ৰযুক্তিৰ শিক্ষণক ৰূপান্তৰিত কৰা আৰু লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে সুযোগ মুকলি কৰাৰ ক্ষমতা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ ক্ৰমান্বয়ে ডিজিটেল ফৰ্মেটৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ সফলতাৰ বাবে সঠিক প্ৰযুক্তি আৰু ডিভাইচৰ সুবিধা লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। ইণ্টেল আৰু ইনফিনিটি লাৰ্নৰ সৈতে এই ব্যতিক্ৰমী সহযোগিতাৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীসকলক নিৰ্ভৰযোগ্য ইণ্টেল-চালিত এচাৰ এছপায়াৰ লেপটপেৰে সমৃদ্ধ কৰিছো,য’ত আছে শিক্ষণ, মূল্যায়ন আৰু নিৰন্তৰ উন্নতিক সমৰ্থন কৰা নীট প্ৰস্তুতি পৰিৱেশ তন্ত্ৰ”।
ইনফিনিটি লাৰ্ণ বাই শ্ৰী চৈতন্যৰ প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী বিষয়া উজ্জ্বল সিঙে কয়- "ভাৰতে দশক দশক ধৰি গুণগত শিক্ষাৰ সুবিধা উন্নত কৰি আহিছে। পৰৱৰ্তী প্ৰত্যাহ্বান হৈছে ডিজিটেল পৰীক্ষাৰ প্ৰস্তুতিৰ সম প্ৰৱেশ নিশ্চিত কৰা। এই সহযোগিতাই বিশ্বাসযোগ্য ব্যক্তিগতকৃত শিক্ষণ আৰু প্ৰমাণিত শৈক্ষিক ফলাফলক এক সংহত পৰিৱেশ তন্ত্ৰত একত্ৰিত কৰে। আমাৰ দৃষ্টিভংগী সহজ যে প্ৰযুক্তিৰ প্ৰৱেশ নহয়, প্ৰতিভাই হে নিৰ্ধাৰণ কৰিব যে নীট ২০২৭ত কোনে সফলতা লাভ কৰিব।আমি বিশ্বাস কৰোঁ যে এইটো এটা সম্পূৰ্ণ নতুন শ্ৰেণীৰ আৰম্ভণি, য'ত কম্পিউটিং ডিভাইচসমূহ হাৰ্ডৱেৰ নিৰ্দিষ্টকৰণৰ পৰিৱৰ্তে শিক্ষাৰ্থীৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ডিজাইন কৰা হৈছে।"
ইণ্টেলৰ এপিজে অঞ্চলৰ উপাধ্যক্ষ আৰু পৰিচালন সঞ্চালক সন্তোষ বিশ্বনাথনে কয়- " শিক্ষণ ক্ৰমান্বয়ে ডিজিটেল হৈ পৰাৰ সময়ত, ছাত্ৰ-ছাত্ৰীসকলক কেৱল প্ৰযুক্তিৰ প্ৰৱেশতকৈও অধিক প্ৰয়োজন, তেওঁলোকক প্ৰয়োজন দ্ৰুত,বিশ্বাসযোগ্য ডিভাইচৰ,যি তেওঁলোকৰ পৰিবৰ্তিত আকাংক্ষাৰ সৈতে খাপ খাব পাৰে। ইণ্টেল সমৰ্থিত পি চি সমূহ নিমজ্জিত শিক্ষণ অভিজ্ঞতা আৰু এ আই সমৰ্থিত শিক্ষণ ব্যৱস্থাৰ বাবে শিক্ষাৰ্থী সকলক প্ৰয়োজন হোৱা প্ৰদৰ্শন,সহাঁৰি আৰু বিশ্বাসযোগ্যতা প্ৰদান কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। এচাৰ আৰু ইনফিনিটি লাৰ্নৰ সহযোগত আমি এনে এক পৰিবেশ তন্ত্ৰ গঢ়াৰ ক্ষেত্ৰত সহায় আগবঢ়াইছো, যিয়ে শিক্ষাৰ্থী সকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ ভবিষ্যতৰ বাবে প্ৰস্তুত কৰি তোলে”।
সংহত নীট চি বি টি চিমুলেচনে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ দৰে পৰিস্থিতি, সময় নিৰ্ধাৰণ কৰা মূল্যায়ন, প্ৰদৰ্শনৰ বেঞ্চমাৰ্কিং আৰু ব্যক্তিগতকৃত বিশ্লেষণৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম কৰে, যিয়ে পৰীক্ষাৰ দিনটোৰ বহু আগতেই তেওঁলোকক পৰিচিতি আৰু আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰে। এচাৰ, ইণ্টেল আৰু ইনফিনিটি লাৰ্নে একেলগে প্ৰতিযোগিতামূলক পৰীক্ষাৰ ভৱিষ্যতৰ বাবে ডিজাইন কৰা সম্পূৰ্ণ কম্পিউটিং আৰু শিক্ষণ পৰিৱেশতন্ত্ৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেল আত্মবিশ্বাস আৰু শৈক্ষিক প্ৰস্তুতি দুয়োটা গঢ়ি তোলাত সহায় কৰিছে।
প্ৰতিমাহে ইএমআইৰ সৈতে মাত্ৰ ২,৫০০ টকাৰ পৰা আৰম্ভ ফ্লিপকাৰ্টত একচেটিয়াভাৱে উপলব্ধ হোৱা এই সমাধানে সমগ্ৰ ভাৰতৰ উচ্চাকাংক্ষী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ডিজিটেল প্ৰস্তুতি আৰু উচ্চমানৰ নীট প্ৰস্তুতিক অধিক সুলভ কৰি তোলে।
কিনিবলৈ ইয়াত ক্লিক কৰক:NEET ready Laptop
অফাৰসমূহ সলনি হ'ব পাৰে, আৰু ইএমআই সুবিধা যোগ্য কাৰ্ডত প্ৰযোজ্য আৰু ই বেংক/বিক্ৰেতাৰ বিবেচনাধীন।

No comments:
Post a Comment