W7s news,,গুৱাহাটী, অসম, ১৭ জুলাই, ২০২৬: প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া অসম প্ৰিমিয়াৰ লীগ চমুকৈ এপিএলৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে সকলো ক্ৰিকেট ফ্ৰেঞ্চাইজি। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আৰ্হিৰে অসমৰ মাটিত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’বলগা এই ক্ৰিকেটৰ ৰোমাঞ্চকৰ যুঁজৰ বাবে বিশেষ প্ৰস্তুতি আৰম্ভ কৰিছে ডিব্ৰুগড় ৱাৰিয়ৰ্ছেও। এনে পৰিপ্ৰেক্ষিততে জনপ্ৰিয় অসমীয়া কণ্ঠশিল্পী নীল আকাশক দলৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে ঘোষণা কৰিছে ফ্ৰেঞ্চাইজিটোৱে। একে সময়তে মুকলি কৰা হৈছে ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ উদ্দীপনাময় অফিচিয়েল এন্থেমো। উজনি অসমৰ অদম্য চেতনা আৰু যুঁজাৰু মানসিকতাক দাঙি ধৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই এন্থেমে ৰাজ্যজুৰি সমৰ্থকসকলক অধিক উৎসাহিত কৰাৰ লগতে বিভিন্ন ষ্টেডিয়ামৰ পৰিৱেশতো নতুন উদ্দীপনা যোগাব বুলি আশা কৰা হৈছে। এই এন্থেম মুকলি অনুষ্ঠানতে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ বৰ্তমানৰ উপ-সভাপতি তথা ফ্ৰেঞ্চাইজিৰ উপদেষ্টা ভাস্কৰ পাপুকন গগৈকো সম্বৰ্ধনা জনোৱা হয়।
ইফালে, প্ৰথমটো সংস্কৰণত শক্তিশালী আৰম্ভণিৰ লক্ষ্যৰে তেওঁলোকৰ প্ৰশিক্ষক আৰু সহযোগী কৰ্মকৰ্তাৰ তালিকাও ঘোষণা কৰে ডিব্ৰুগড় ৱাৰিয়ৰ্ছে। সেই অনুসৰি, দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থাকিব অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ধীৰাজ গোস্বামী। তেওঁক সহায় কৰিব সহকাৰী প্ৰশিক্ষক নীলেশ শৰ্মাই। বলিং প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিব প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ সুজয় তৰফদাৰে। আনহাতে, ষ্ট্ৰেংথ এণ্ড কণ্ডিচনিং প্ৰশিক্ষকৰ দায়িত্বত থাকিব ভাৰ্গৱ শৰ্মা। ইয়াৰ উপৰি সহযোগী কৰ্মকৰ্তা হিচাপে আৰু একাধিক সদস্যক নিয়োজিত কৰা হৈছে।
ফ্ৰেঞ্চাইজিৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত কয়, “অসম প্ৰিমিয়াৰ লীগত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ পাই আমি অত্যন্ত আনন্দিত হৈছোঁ। আমাৰ বিশ্বাস, এই প্ৰতিযোগিতাই উত্তৰ-পূব ভাৰতৰ ক্ৰীড়া জগতত এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিব।”
ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰ অৰুণ কুমাৰ ৰায়ে কয়, “অসমৰ প্ৰতিভাৱান স্থানীয় ক্ৰিকেটাৰসকলক বিচাৰি উলিয়াই তেওঁলোকক আগবাঢ়ি যোৱাৰ সুযোগ প্ৰদান কৰিবলৈ এপিএল এক আদৰ্শ মঞ্চ। নীল আকাশক ব্ৰেণ্ড এম্বেছেডৰ হিচাপে জড়িত কৰা, উজনি অসমৰ প্ৰকৃত চেতনা প্ৰতিফলিত কৰা এন্থেম মুকলি আৰু অভিজ্ঞ প্ৰশিক্ষক দলক একত্ৰিত কৰাৰ জৰিয়তে আমি এক শক্তিশালী ভেটি গঢ়ি তুলিছোঁ। ডিব্ৰুগড় ৱাৰিয়ৰ্ছ এতিয়া আত্মবিশ্বাসেৰে উজ্জীৱিত। সমৰ্থকসকলক গৌৰৱান্বিত কৰিব পৰা এনে এক যুঁজাৰু তথা ৰোমাঞ্চকৰ ক্ৰিকেট উপহাৰ দিবলৈ আমি ব্যাকুল হৈ আছো
No comments:
Post a Comment