নাথিং-ৰ নতুন সংযোজন ফোন (৪বি) এতিয়া বজাৰত উপলব্ধ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 17 July 2026

নাথিং-ৰ নতুন সংযোজন ফোন (৪বি) এতিয়া বজাৰত উপলব্ধ


 

W7s news,,গুৱাহাটী, ১৭ জুলাই, ২০২৬: লণ্ডনভিত্তিক উপভোক্তা প্ৰযুক্তি ব্ৰেণ্ড নাথিঙে আনুষ্ঠানিকভাৱে বজাৰত মুকলি কৰিছে তেওঁলোকৰ নতুন (বি) ছিৰিজৰ প্ৰথমটো স্মাৰ্টফোন ‘ফোন (৪বি)’। নাথিং ইক’চিষ্টেমত প্ৰৱেশৰ আটাইতকৈ সহজ উপায় হিচাপে পৰিগণিত এই স্মাৰ্টফোনটো ১৪ জুলাই, ২০২৬-ৰ পৰা ফ্লিপকাৰ্ট, ক্ৰ’মা, ৰিলায়েন্স ডিজিটেল আৰু বিজয় চেলছকে ধৰি দেশৰ অগ্ৰণী খুচুৰা বিক্ৰী প্ৰতিষ্ঠানসমূহৰ জৰিয়তে বজাৰত মুকলি কৰা হৈছে।


৭.৫ শতাংশ তাৎক্ষণিক বেংক ৰেহাই আৰু এক্সচেঞ্জ বোনাছৰ সৈতে ৮ জিবি + ১২৮ জিবি আৰ্হিৰ কাৰ্যকৰী প্ৰাৰম্ভিক মূল্য নিৰ্ধাৰণ কৰা হৈছে ২৯,৯৯৯ টকা। একেদৰে ৮ জিবি + ২৫৬ জিবি আৰ্হিৰ কাৰ্যকৰী প্ৰাৰম্ভিক মূল্য ৩৩,৬৯৯ টকা নিৰ্ধাৰণ কৰা হৈছে।


‘ফোন (৪এ)’ ছিৰিজৰ সফলতাৰ ধাৰাবাহিকতাক আৰু অধিক আগুৱাই নিয়াৰ লক্ষ্যৰে প্ৰস্তুত কৰা ‘ফোন (৪বি)’-ত নাথিং-ৰ স্বকীয় স্বচ্ছ ডিজাইন, গ্লিফ ইণ্টাৰফেচ, শক্তিশালী স্ন্যাপড্ৰাগন পাৰফৰমেন্স, বহুমুখী কেমেৰা ব্যৱস্থা, উজ্জ্বল এম’লেড ডিচপ্লে’ আৰু এছেনচিয়েল এআই টুলছসহ সম্পূৰ্ণ নাথিং অ’এছ অভিজ্ঞতাৰ সমন্বয় ঘটোৱা হৈছে।


নাথিং ইক’চিষ্টেমত প্ৰৱেশৰ উপযুক্ত আৰম্ভণি হিচাপে ডিজাইন কৰা ‘ফোন (৪বি)’-ত সংযোজন কৰা হৈছে কোৱালকমৰ স্ন্যাপড্ৰাগন ৬ জেন ৪ মোবাইল প্লেটফৰ্ম, নাথিং-ৰ এতিয়ালৈকে আটাইতকৈ ডাঙৰ ৬,০০০ এমএএইচ বেটাৰী, ট্ৰুলেন্স ইঞ্জিন ৪-চালিত ৫০ মেগাপিক্সেলৰ অ’আইএছ সমৃদ্ধ মুখ্য কেমেৰা আৰু সৰ্বোচ্চ ২,০০০ নিটচ উজ্জ্বলতাসম্পন্ন ৬.৭৭ ইঞ্চিৰ ১২০ হাৰ্টজ ছুপাৰ এম’লেড ডিচপ্লে’। ইয়াৰ লগতে এণ্ড্ৰইড ১৬ ভিত্তিক নাথিং অ’এছ ৪.১, অধিক পৰিশীলিত ছফ্টৱেৰ অভিজ্ঞতা, ইন-বিল্ট এছেনচিয়েল এআই টুলছ আৰু ছয় বছৰলৈকে সুৰক্ষা আপডেটৰ সুবিধাও প্ৰদান কৰা হৈছে।


বজাৰত ‘ফোন (৪বি)’ ক’লা, বগা আৰু নীলা - এই তিনিটা ৰঙত উপলব্ধ হ’ব। স্মাৰ্টফোনটো ৮ জিবি + ১২৮ জিবি আৰু ৮ জিবি + ২৫৬ জিবি - এই দুটা ভেৰিয়েণ্টত ক্ৰয় কৰিব পৰা যাব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here