বৰলুইট প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 16 July 2026

বৰলুইট প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি


 


W7s news,,গুৱাহাটী, জুলাই ১৬, ২০২৬: সমাগত অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘ডিফলু’ৰ অন্যতম গীত ‘সৰগী সপোন’-এ দৰ্শকৰ উষ্ম সঁহাৰি লাভ কৰাৰ পাছতে ছবিখনৰ নিৰ্মাতাসকলে এতিয়া মুকলি কৰিছে ছবিখনৰ সজীৱ আৰু উচ্ছল শীৰ্ষ গীত, ‘ডিফলু নদীৰ পাৰতে’, যি গীতে ছবিখনৰ মুক্তিৰ পূৰ্বে  অসমৰ গ্ৰাম্য জীৱন, ঐতিহ্য আৰু সামূহিক জীৱনৰ আনন্দময় ৰূপ দৰ্শকৰ সন্মুখত উজলাই তুলিছে।

ইউটিউবত মুকলি হোৱা এই গীতটোৱে মনোমোহা দৃশ্য, মনোমুগ্ধকৰ সুৰ আৰু শিল্পীসকলৰ সজীৱ অভিনয়ৰ জৰিয়তে ‘ডিফলু’ৰ জগতখনক জীৱন্ত কৰি তুলিছে। গীতটো কণ্ঠদান কৰিছে ৰাকেশ ৰিয়ান আৰু ৰূপালী কাশ্যপে, গীতৰ কথা লিখিছে নেকিবে, সুৰ আৰু সংগীত পৰিচালনা কৰিছে জেকিবে, সংগীত সংযোজন কৰিছে মেট্ৰিক্সে, আনহাতে মিক্সিং আৰু মাষ্টাৰিং কৰিছে নৱ মেধিয়ে।

ইয়াৰ পূৰ্বে মুক্তি পোৱা ছবিখনৰ ৰোমাণ্টিক গীত ‘সৰগী সপোন’ৰ বিপৰীতে, এই শীৰ্ষ গীতটোৱে ছবিখনৰ আনন্দময়, চঞ্চল আৰু উৎসৱমুখৰ পৰিৱেশক প্ৰতিফলিত কৰিছে। অসমৰ মনোৰম গ্ৰাম্য পটভূমিত চিত্ৰায়িত এই গীতত গ্ৰাম্য জীৱনৰ আৱেগ, দৈনন্দিন হাস্যৰস আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাৰ সজীৱ প্ৰকাশ ঘটিছে।

ছবিখনৰ পৰিচালক নেকিবে কয় যে এই গীতটিক ছবিখনৰ সাংগীতিক পৰিচয় হিচাপে কল্পনা কৰা হৈছিল। “প্ৰতিখন ছবিত এনে এটা গীত থাকে, যিয়ে প্ৰথম শুনাতেই দৰ্শকক ছবিখনৰ ভিতৰৰ জগতখনক অনুভৱ কৰায়। আমাৰ বাবে এই শীৰ্ষ গীতটিয়ে সেই পৰিচয় বহন কৰিছে। ইয়াত গ্ৰাম্য জীৱনৰ সজীৱতা, সৰলতা আৰু উষ্ণতাৰ লগতে অসমৰ অনন্য পৰম্পৰা আৰু ইয়াক অতুলনীয় কৰি তোলা মানৱ জীৱনক উদযাপন কৰা হৈছে। দৰ্শকে গীতটো শুনি হাঁহিব, তাল মিলাব আৰু ‘ডিফলু ’ৰ জগতখনৰ সৈতে একাত্ম অনুভৱ কৰিব—এইয়াই আমাৰ আশা।”

সংগীত পৰিচালক আৰু প্ৰযোজক জেকিবে কয় যে এই শীৰ্ষ গীতটিক অসমীয়া লোকসংগীতৰ শিপাৰ সৈতে সংলগ্ন ৰাখি আধুনিক সংগীতৰ সমসাময়িকভাৱে উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে। “এই গীতটিয়ে ছবিখনৰ হৃদস্পন্দন। লোকসংগীতৰ সুৰধ্বনিৰ সৈতে আধুনিক সংগীতৰ সংমিশ্ৰণে ইয়াক একেলগে পৰিচিত আৰু নতুন ৰূপ দিছে। ছবিখনৰ আনন্দ আৰু আশাবাদৰ অনুভৱ শ্ৰোতাৰ হৃদয়লৈ কঢ়িয়াই নিয়াটোৱেই আমাৰ উদ্দেশ্য। আশা কৰোঁ, গীতটি শেষ হোৱাৰ পাছতো ইয়াৰ সুৰ দৰ্শকৰ মনত দীৰ্ঘদিন ধৰি ৰৈ যাব।”

নেকিবৰ পৰিচালনাত আৰু চিত্ৰগ্ৰহণকাৰী উত্তম কলিতাৰ চিত্ৰগ্ৰহণত নিৰ্মিত সংগীত ভিডিঅ’টোত ছবিখনৰ সমগ্ৰ অভিনয়শিল্পী দলটোক দেখা গৈছে। ৰঙীন দৃশ্যায়ন, প্ৰাণচঞ্চল নৃত্য পৰিকল্পনা আৰু বাস্তৱসন্মত গ্ৰাম্য পৰিৱেশে একেলগে অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰাৰ লগতে ছবিখনৰ সৰস অথচ অৰ্থবহ কাহিনীৰ আভাস দাঙি ধৰিছে।

জেকিবৰ প্ৰযোজনা আৰু নেকিবৰ পৰিচালনাত নিৰ্মিত ‘ডিফলু’ ছবি হৈছে বৰলুইট প্ৰডাকচনৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ। ইয়াৰ পূৰ্বে সংস্থাটোৱে ‘ৰং – দ্য কালাৰ’ আৰু ‘আকাশ বিচাৰি – ইনটু দ্য স্কাই’ শীৰ্ষক চুটি ছবিৰে প্ৰশংসা লাভ কৰিছিল। অসমৰ গ্ৰাম্য জীৱনৰ বাস্তৱতাক আধাৰ কৰি নিৰ্মিত ‘ডিফলু’ত হাস্যৰস, প্ৰেম আৰু সামাজিক সচেতনতাৰ সুন্দৰ সমন্বয় ঘটাৰ লগতে অসমৰ সংস্কৃতি, পৰম্পৰা আৰু জনজীৱনৰ দৃঢ়তাক উদযাপন কৰা হৈছে।

শীৰ্ষ গীতৰ উপৰিও ছবিখনৰ সংগীত সম্ভাৰত আছে ‘সৰগী সপোন’, যিটো হৈছে প্ৰয়াত জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকাই একেলগে কণ্ঠদান কৰা অন্তিম গীতসমূহৰ অন্যতম। ইয়াৰ লগতে ৰূপালী কাশ্যপ, ৰাকেশ ৰিয়ান আৰু মণ্টুমণি শইকীয়াৰ কণ্ঠত আন কেইবাটাও মৌলিক গীত সংযোজিত হৈছে। ছবিখনৰ সকলো গীতৰ সুৰ আৰু সংগীত পৰিচালনা কৰিছে জেকিভে, আনহাতে গীতৰ কথা লিখিছে নেকিব আৰু গাৰ্গী ভট্টাচাৰ্য্যই।

ছবিখনত অভিনয় কৰিছে অমৃতা গগৈ, সুব্ৰত দেউৰী, অৰুণ নাথ, অৰুণ হাজৰিকা, পূৰ্ণদা হাজৰিকা, ৰাজীৱ দোৱাৰী, জ্যোতিষ্মান বৰা, কণিকা নাথ, অনিৰ্বাণ কলিতা, অংকুৰ বৈদ্য, ড০ হিতেশ বৰুৱা, সীমাশ্ৰী বৰা, প্ৰিয়াংশী কাশ্যপ আৰু দিব্যজ্যোতি বৰাই। বিশেষ চৰিত্ৰত অভিনয় কৰিছে জ্যেষ্ঠ অভিনেত্ৰী মৃদুলা বৰুৱাই।

ছবিখনৰ মুক্তিক কেন্দ্ৰ কৰি দৰ্শকৰ মাজত আগ্ৰহ দিনে দিনে বৃদ্ধি পাইছে। এই শীৰ্ষ গীতটিয়ে ‘ডিফলু’ৰ হৃদয়স্পৰ্শী আৰু আনন্দময় জগতখনৰ এখন আভাস আগবঢ়াইছে—এখন ছবি, য'ত আছে হাঁহি, আবেগ, সংগীত আৰু অসমীয়া জীৱন-সংস্কৃতিৰ এক অকৃত্ৰিম উদযাপন।

চলচ্চিত্ৰখনৰ শীৰ্ষ গীতটো ইউটিউবত চাব পাৰিব: https://youtu.be/hNa58cunm3U?si=wURAsUKBvpw5JXcb

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here